বিশ্বনাথলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী

শোণিতপুৰ লোকসভা সমষ্টিত আম আদমী পাৰ্টিৰ এতিয়া বাজ কেম্পেনিং চলিছে। যি কেম্পেনিং এতিয়ালৈকে আন কোনো ৰাজনৈতিক দলে চলোৱা দেখিবলৈ পোৱা নাই।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ লোকসভা সমষ্টিত আম আদমী পাৰ্টিৰ এতিয়া বাজ কেম্পেনিং চলিছে। যি কেম্পেনিং এতিয়ালৈকে আন কোনো ৰাজনৈতিক দলে চলোৱা দেখিবলৈ পোৱা নাই। এই কথা জানিবলৈ দিয়ে শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্যই।

Advertisment

যোৱা বুধবাৰে বিশ্বনাথৰ এখন অন্যতম সৰ্ববহৎ গাঁও গড়েহাগী আদৰ্শ গাঁৱত উপস্থিত থকা আপৰ প্ৰাৰ্থীগৰাকীয়ে আনকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিৰ প্ৰভাব আপৰ প্ৰচাৰত পৰা নাই বুলি উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত কৰা অন্যায় অবিচাৰৰ প্ৰভাৱ পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইফালে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পাঞ্জাৱৰ মু্খ্যমন্ত্ৰী ভগৱন্ত মান বিহুৰ আগতে বিশ্বনাথলৈ আহিব বুলিও আপৰ প্ৰাৰ্থী গৰাকীয়ে জানিবলৈ দিয়ে।

গড়েহাগী গাঁৱৰ নামঘৰত সেৱা লৈ ৰাইজৰ আগত মত বিনিময় কৰা ঋষিৰাজ কৌণ্ডিণ্যই পৰিৱৰ্তৰ পৰিৱেশ উদ্ভৱ হৈছে বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে। লগতে ভাষিক অসমীয়াৰ বসতি প্ৰধান গাঁও খনত কা আন্দোলনৰ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰে। লগতে কয়, ৰাইজৰ ক্ষোভ এইবাৰ নিৰ্বাচনত ই ভি এমত দেখুৱাব।

ইফালে বিজেপিৰ মতে আপ ফেক্টৰ নহয় বুলি কোৱাৰ প্ৰত্যুত্তৰত আপৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে বিজেপিৰ বাবে ৰাইজ ফেক্টৰ। ৰাইজৰ বাবে বিজেপিয়ে কি কৰিলে, কি নকৰিলে সেইটোহে ফেক্টৰ। আমাৰ হেৰুৱাবলৈ একো নাই। আমি ওপৰৰ মাল নহয়। বিজেপি কৰা গেছৰ দাম বৃদ্ধি, পেট্ৰলৰ দাম বৃদ্ধি, ঔষধৰ দাম বৃদ্ধি বিজেপিৰ বাবে ফেক্টৰ।

Also Read: মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

aap loksabha election