উন্নয়নৰ নুমনা! ধন দিয়াৰ পাছতো চৰকাৰী গৃহ নাপালে এটি দুৰ্ভগীয়া পৰিয়ালে...

এটা জৰাজীৰ্ণ ঘৰ। চালে বেৰে আকাশ দেখা এই আশাৰ ঘৰতেই এটা দীন দৰিদ্ৰ পৰিয়ালৰ তিনিটা প্ৰজন্মই দিবা নৈশ যাপন কৰিছে ।
উন্নয়নৰ নুমনা! ধন দিয়াৰ পাছতো চৰকাৰী গৃহ নাপালে এটি দুৰ্ভগীয়া পৰিয়ালে...

ডিজিটেল সংবাদ,ঢকুৱাখনা: এটা জৰাজীৰ্ণ ঘৰ। চালে বেৰে আকাশ দেখা এই আশাৰ ঘৰতেই এটা দীন দৰিদ্ৰ পৰিয়ালৰ তিনিটা প্ৰজন্মই দিবা নৈশ যাপন কৰিছে । সভাই সমিতিয়ে দৰিদ্ৰজনলৈ চৰকাৰী আৱাস আঁচনিৰ  সুবিধাৰ উদ্ধৃতি দি ডিঙি ফুলাই ভাষণ দি অহা শাসক পক্ষৰ  কোনো এখন জনমুখী আঁচনিয়ে স্পৰ্শ কৰা নাই এইটো দুখৰ সীমা অতিক্ৰমা দৰিদ্ৰ পৰিয়ালক।

পঞ্চায়তীৰাজ ব্যৱস্থাৰ উলংগ স্বৰূপ উদঙাই দিয়া এই দৰিদ্ৰ পৰিয়ালটো আজি হঠাৎ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈছে ৰজা ঘৰে-প্ৰজা ঘৰে। কাৰণ এগৰাকী দুৰ্ভগীয়া প্ৰাপ্য বঞ্চিত কিশোৰীৰ  দুখ বেদনা মিশ্ৰিত অভিজ্ঞতালব্ধ এটা ফেচবুক লাইভ।  ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ মাজ জালভাৰী গাঁওৰ ৪ নং ৱাৰ্ডৰ প্ৰাঞ্জনা দত্ত নামৰ এগৰাকী কিশোৰীয়ে  সামাজিক মাধ্যমক প্ৰচাৰ কৰা এই ভিডিঅ'ই দৃষ্টি হৰিছে তথাকথিত পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ।

মঙলবাৰে পঞ্চায়তখনৰ ৪ নং ৱাৰ্ডৰ মাজ জালভাৰী গাঁওৰ পুষ্পা চুতীয়া দত্তৰ কন্যা প্ৰাঞ্জনা দত্তই নিজৰ জৰাজীৰ্ণ ঘৰৰ দুৰ্দশা প্রদর্শনেৰে  প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ এটা চৰকাৰী আৱাস গৃহৰ পৰা কিদৰে যুগ যুগ ধৰি বঞ্চিত হৈ আহিছে তাৰেই প্ৰামানিক বৰ্ণনাৰে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰধান মন্ত্ৰী ,ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শুভ দৃষ্টি কামনা কৰিছিল। নিজৰ মৌলিক অধিকাৰ হেৰুৱাই এইগৰাকী নিৰ্বোধ কিশোৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্ত কৰা আবেগিক ভিডিঅ'ই সহস্ৰজনৰ দৃষ্টি আকৰ্ষণ কৰাই নহয় দৰিদ্ৰজনৰ হিতাৰ্থে বিভিন্ন চৰকাৰী আঁচনিৰ সম্ভাৰ লৈ বহি থকা গ্ৰামোন্নয়ন বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

স্বামীহাৰা বৰ্ষীয়ান মহিলা বগী দত্ত (৬২) , অকাল বৈধব্যক সাৱটি লৈ দুৰ্বিসহ দিন অতিবাহিত কৰা পুষ্পা চুতীয়া দত্ত আৰু দুই কন্যা ক্ৰমে  নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰাঞ্জনা দত্ত আৰু পঞ্চম শ্ৰেণীৰ অধ্যয়নৰত ফুনুমাই দত্তৰ ঘৰ এতিয়া চৰ্চাৰ কেন্দ্ৰ।  শাসনাধিষ্ঠিত গেৰুৱা চৰকাৰখনৰ লগতে বিধায়ক নৱ দলেৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া এই সামাজিক প্ৰচাৰৰ পাছতে থৰকাচুটি হেৰাইছে ৰজাঘৰীয়া আমোলা বিষয়া আৰু বেপৰোৱা পঞ্চায়ত প্ৰতিনিধিৰ।

পুৰণি উচন যোৱা  ভঁৰালৰ ভেঁটিতে কেইখিলামান টিনপাত গাঁঠি  সজোৱা এটা তিনি কোঠলীয়া জহি খহি যোৱা ঘৰৰ অসুৰক্ষিত অৱস্থাৰ যতি পেলাবলৈ বিগত প্ৰায় তিনি দশক জুৰি নিজৰ বি পি এল আই ডি (নং-১২৫৪৩২৮২৬)ৰ বিপৰীতে এটা চৰকাৰী আৱাস গৃহ বিচাৰি আবেদন নিবেদন কৰি আহিছে দুৰ্ভগীয়া পৰিয়ালটোৰ মুৰব্বী বগী দত্তই। পিছে অদ্যপি কোনো পঞ্চায়ত প্ৰতিনিধি কিম্বা চৰকাৰী বিষয়াৰ মৰটোপনি নাভাগিল। লাভ নকৰিলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ এটা পকী গৃহৰ।

বৰ্তমানৰ পঞ্চায়ত সভাপতি দুলাল দত্ত ,ৱাৰ্ড সদস্য তৰুণ শইকীয়াই ৱাৰ্ডটোৰ ধনৱন্ত পকী গৃহ বিশিষ্ট হিতাধিকাৰীক এই আঁচনিৰে উপকৃত কৰিবলৈ নিৰন্তৰ প্ৰয়াস চলাই গৈছে অথচ এই দৰিদ্ৰতাই কোঙা কৰা পুৰুষ বিহীন পৰিয়ালটোক উপকৃত কৰাৰ বাবে শুভ চিন্তাৰ উদয় নহ'ল। পৰিণতিত উপায়ন্তৰ কিশোৰী গৰাকীৰ এই অন্তিম পদক্ষেপৰ পাছতে এতিয়া মৰ টোপনি হৰিছে এই সকলৰ। সংবাদ মাধ্যমৰ আগত দুখেৰে বৰ্ষীয়ান মহিলা বগী দত্তই জনোৱা মতে এটা চৰকাৰী ঘৰ দিয়াৰ প্ৰলোভনেৰে ইতিমধ্যে নিৰু দত্ত নামৰ এগৰাকী বিজেপি দালালে ৪ হাজাৰ ৫০০ টকা কেঁকুৰা চেপা দি পৰিয়ালটোৰ পৰা লুটিলে  ।

কিন্তু চৰকাৰী ঘৰৰ নাম গোন্ধ নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে। কেৱল সেয়ে নহয় ৪ গৰাকী মহিলা বিশিষ্ট দৰিদ্ৰ পৰিয়ালটোৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড (নং-২৪৩৭৬৭৫)ৰ চাউলৰ পৰাও চক্ৰান্ত মূলক ভাবে বঞ্চিত কৰাৰ অন্য এক অভিযোগ উত্থাপন কৰিলে বৃদ্ধা গৰাকীয়ে ।প্ৰায় ৬ মাহ পূৰ্বে ৰেচন কাৰ্ডত নাম সন্নিবিষ্ট পৰিয়ালটোৰ মুঠ ৩ গৰাকীৰ নাম কৰ্তন যোৱা বুলি সমবায় এজেন্ট অনন্ত শইকীয়াই  বৃদ্ধা গৰাকীক জনায়। প্ৰাপ্য সুলভ মূল্যৰ চৰকাৰী চাউলৰ পৰাও ৬ মাহে বঞ্চিত কৰি আহিছে বুলি কৈ দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ ওপৰত এনেচাম ধুৰন্ধৰ চক্ৰৰ কুঅভিসন্ধিয়ে অন্য এক মানসিক যন্ত্ৰণা ভোগাই অহাৰো অভিযোগ উত্থাপন কৰে।

স্বামী নমু দত্ত আৰু একমাত্ৰ পুত্ৰ পৰাগ দত্তক অকালতে হেৰুৱাই গৰাকী বিহীন হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে ভোগ কৰি অহা অব্যক্ত যন্ত্ৰণা ৰাজহুৱা কৰি বৃদ্ধা গৰাকীয়ে অশ্ৰু সিক্ত নয়নেৰে কয় সংবাদ মাধ্যমক প্ৰশ্ন কৰে  "আমি যদি এটা চৰকাৰী আঁচনিৰ ঘৰ নাপাওঁ তেন্তে পাব কোনে?"  "পৰিয়ালটোৰ ৪ গৰাকী মহিলা সদস্যৰ নাম বিশিষ্ট "ৰেচন কাৰ্ড"ৰ বিপৰীতে যদি চৰকাৰী সুলভ মূল্যৰ এমুঠি চাউল আমি নাপাওঁ তেন্তে পাব কোনে?

দৰিদ্ৰতাই জুৰুলা কৰা  এইগৰাকী বৃদ্ধাৰ এনেবোৰ বহুমূলীয়া প্ৰশ্নৰ সুদূত্তৰ বিচাৰি নাতিনি প্ৰাঞ্জনা দত্তই সামাজিক মাধ্যমত প্ৰকাশ কৰা বক্তব্যৰ বাবেই সম্প্ৰতি এক স্বাৰ্থপৰ চক্ৰই পৰিয়ালটোৰ ওপৰত ভয় ভাবুকি প্রদর্শন কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে। ৰজা ঘৰে ,প্ৰজা ঘৰে তুমুল চৰ্চা লাভ কৰা এই স্পৰ্শকাতৰ বিষয়ৰ স্থায়ী নিস্পত্তিৰ বাবে চৰকাৰ আৰু বিভাগে কি ফলপ্ৰসূ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব।

আৰু পঢ়ক: ভাৰতলৈ অনা হ'ল নেপালৰ বিমান দুৰ্ঘটনাত নিহতৰ মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in