ঢকুৱাখনাত চৰকাৰী আৱাসৰ নামত ভেকোঁভাওনা, দৰিদ্ৰৰ সলনি ধনবন্তই লাভ কৰিছে ঘৰ...

কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰাম্য দৰিদ্ৰ পৰিয়ালক স্থায়ী গৃহ প্ৰদানৰ বাবে প্ৰৱৰ্তন কৰিছে প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনা ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চৰকাৰী আৱাসৰ নামত ভেকোঁভাওনা, দৰিদ্ৰৰ সলনি ধনবন্তই লাভ কৰিছে ঘৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰাম্য দৰিদ্ৰ পৰিয়ালক স্থায়ী গৃহ প্ৰদানৰ বাবে প্ৰৱৰ্তন কৰিছে প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনা । গ্ৰামাঞ্চলৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতি গৰাকী যোগ্য হিতাধিকাৰীক এই আঁচনিৰে উপকৃত কৰাৰ যি মহান উদ্দেশ্য তাত যেন চেঁচা পানী পৰিছে ঢকুৱাখনা উন্নয়ন খণ্ডত।

Advertisment

উত্থাপিত ৰাজহুৱা অভিযোগ অনুসৰি ঢকুৱাখনা উন্নয়ন খণ্ডৰ পূব ঢকুৱাখনা পঞ্চায়তৰ ৯ নং ৱাৰ্ডত এই আঁচনিখনৰ লক্ষ্য উদ্দেশ্য পদপিষ্ট কৰা হৈছে চৰকাৰী ভাৱে।  ৱাৰ্ডটোৰ ভোমা লাগাচু গাঁওৰ দৰিদ্ৰ ৰাইজে জনোৱা মতে যোৱা প্ৰায় ২০১১ চনৰ পৰা গাঁওবাসী আই ডি আৰু পি এম এ ৱাই আঁচনি লাভৰ পৰা বঞ্চিত হৈ আছিল ।

শেহতীয়া ভাবে ২০২১-২০২২ চনত এইখন গাঁওৰ দৰিদ্ৰ পৰিয়ালৰ আই ডি নম্বৰ আহিছিল । কিন্তু লক্ষণীয় ভাৱে গাঁওখনৰ এইখিনি অতি দৰিদ্ৰ পৰিয়ালৰ আই ডি যুক্ত নাম কৰ্তন হোৱাত এতিয়া ক্ষোভ অসন্তুষ্টিৰ সীমা চৰিছে । আই ডি বঞ্চিত দৰিদ্ৰৰ অভিযোগ গাঁওখনৰ একাংশ ধনৱন্ত , চৰকাৰী চাকৰি যুক্ত আৰু পকী গৃহ থকা বিত্তবান পৰিয়ালৰ নাম সুৰক্ষিত কৰি প্ৰকৃত দৰিদ্ৰ পৰিয়ালৰ নাম কৰ্তন কৰা হৈছে।

তাৰেই বিৰোধিতা কৰি বুধবাৰে ক্ষুব্ধ ৰাইজে সবল প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়ত কাৰ্য্যালয় প্ৰাংগণত। বহু সংখ্যক বঞ্চিত পুৰুষ মহিলা কাৰ্য্যালয়টোত দুপৰীয়া সমবেত হৈ এনে নীতি বৰ্হিভূত আৰু পঞ্চায়ত আইন বিৰুদ্ধ পদক্ষেপৰ বাবে সভাপতি অনজিত পেগু আৰু সচিব বিদ্যুৎ টায়েঙক জবাবদিহি কৰি মৃদু  উত্তাল পৰিবেশৰ সূত্ৰপাত ঘটায়। কি স্বাৰ্থত ভোমা লাগাচু গাঁওৰ প্ৰকৃত দৰিদ্ৰ ,খাটি খোৱা পৰিয়াল সমূহৰ আই ডি কৰ্তন কৰি চাকৰি থকা, পকী ঘৰ থকা আৰু গাড়ী থকা বিত্তবান পৰিয়ালক আই ডি প্ৰদানেৰে চৰকাৰী আঁচনিৰ গৃহ প্ৰদানৰ প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ  কৰা হ'ল তাৰ খতিয়ান বিচাৰি হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰে।

ৰাইজৰ স্পষ্ট অভিযোগ , ঘৰত চাকৰি থকা ব্যক্তি বীৰেন্দ্ৰ লাগাচু , মোহন লাগাচু, পকী ঘৰ থকা দেবেন লাগাচু ,লম্বোদৰ লাগাচু,মোহন লাগাচু ,মেনচিপ লাগাচু,অৰূপ লাগাচু, বিপুল লাগাচু আদিৰ নামত আই ডি আৰু পি এম এ ৱাই  আঁচনি আহিছে অথচ প্ৰকৃত দৰিদ্ৰ গঞাঁৰ নামত নাই অহা আই ডি । প্ৰকৃত দুখীয়া পৰিয়ালক বঞ্চিত কৰাৰ এয়া এয়া এক নিকৃষ্ট চক্ৰান্ত বুলি অভিযোগ উত্থাপন কৰি ৰাইজে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ক্ৰুটিপূৰ্ণ পদক্ষেপৰ তীব্ৰ প্ৰতিবাদ কৰে।

এই সন্দৰ্ভত পঞ্চায়ত সভাপতি আৰু সচিবে জৰীপ কালত জিঅ টেগ কৰোতে সংঘটিত হোৱা ক্ৰুটিৰ বাবে এনে অনিয়ম সংঘটিত হোৱা বুলি কৈ পঞ্চায়তখনৰ মুঠ ১হাজাৰ ২২৪ টা আই ডিৰ ভিতৰত ৪০৩ টা  আই ডি কৰ্তন কৰা বুলি জনায় । তাৰোপৰি এই বিসংগতিপূৰ্ণ তালিকা সন্দৰ্ভত জৰীপ কৰি গাঁও সভাৰ জৰিয়তে অযোগ্য পৰিয়ালৰ নাম কৰ্তন কৰা হ'ব বুলিও জানিবলৈ দিয়ে সভাপতি, সচিবে । 

পঞ্চায়ত সচিব আৰু বিভাগীয় কৰ্মচাৰীৰ জৰিয়তে সম্পন্ন কৰা "জিঅ টেগ" ব্যৱস্থা  ক্ৰুটিপূৰ্ণ হোৱা বুলি কৰা বেপৰোৱা আৰু  দায়িত্বহীন মন্তব্যত ক্ষুব্ধ বঞ্চিত গাঁৱবাসী। লগতে এয়া সভাপতি ,সচিব আৰু মধ্যভোগীৰ গোপন অভিসন্ধি বুলি মন্তব্য পৰৱৰ্তী সময়তো প্ৰতিবাদ কৰিব বুলি সকিয়াই দিয়ে।

আৰু পঢ়ক: ২৪'ত আকৌ নৰেন্দ্ৰ মোডীয়েই হ'ব দেশৰ প্ৰধানমন্ত্ৰী:পীয়ুষ হাজৰীকা

assam dhakuakhana Pradhan Mantri Awas Yojana