ঢকুৱাখনাৰ আৰক্ষী চকী মদ ভাং জুৱাৰ আড্ডালৈ পৰিণত!

: আইন শৃংখলা নিয়ন্ত্ৰনেৰে অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে ৰাজকোষৰ লাখ লাখ পুঁজি ব্যয় কৰি নিৰ্মাণ কৰা এটা আৰক্ষী চকী এতিয়া পৰিগণিত হৈছে মদ, ভাং ,জুৱাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ভূস্বৰ্গলৈ ।
ঢকুৱাখনাৰ আৰক্ষী চকী মদ ভাং জুৱাৰ আড্ডালৈ পৰিণত!

ডিজিটেল সংবাদ, ঢকুৱাখনা: আইন শৃংখলা  নিয়ন্ত্ৰনেৰে অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে ৰাজকোষৰ লাখ লাখ পুঁজি ব্যয় কৰি নিৰ্মাণ কৰা এটা আৰক্ষী চকী এতিয়া পৰিগণিত হৈছে মদ, ভাং ,জুৱাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ভূস্বৰ্গলৈ । লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ বকুলগুৰিৰ বচামুখ চাৰিআলিত অৱস্থিত এইটো আৰক্ষী চকী গৃহবিভাগ আৰু জিলা আৰক্ষী অধীক্ষকৰ অমনোযোগিতাৰ বাবেই আজিৰ দিনত পতিত হৈছে সীমাহীন দুষ্কাৰ্য ,অবৈধ কাম কাজৰ ৰম্যভূমিলৈ ।

উত্থাপিত ৰাজহুৱা অভিযোগ  মতে মাজুলী জিলাৰ সীমান্তৱৰ্তী বৃহত্তৰ খেৰকটা অঞ্চল সামৰি বকুলগুৰিৰ বচামুখ চাৰি আলিত চৰকাৰী ভাবে স্থাপন কৰা হৈছিল এটা আৰক্ষী চকী ।

অঞ্চলটোৰ ৰাইজৰ ভোগ দখলত থকা প্ৰায় ২ বিঘা মাটি কালি কৃষকৰ পৰা কাঢ়ি  চৰকাৰী ভাবে নিৰ্মাণ কৰা হৈছিল এটা পকী আৰক্ষী  চকীৰ গৃহ । বৃহত্তৰ অঞ্চলটোত সঘনাই সংঘটিত অপৰাধ প্ৰতিৰোধৰ বাবে সমগ্ৰ অঞ্চলবাসী নাগৰিক ,বকুলগুৰি ব্যৱসায় সন্থা , বচামুখ গাঁওৰক্ষী বাহিনী , মিচিং জাতীয় সংগঠনে এখন আৰক্ষী চকী স্থাপনৰ দাবী বহু বছৰৰ পৰাই উত্থাপন কৰি আহিছিল। তাৰ পৰিপ্ৰেক্ষিতত  দীৰ্ঘ দিনীয়া ৰাজহুৱা দাবীৰ প্ৰতি সন্মান জনাই গৃহটো নিৰ্মাণ কৰা হৈছিল কেইবা বছৰ পূৰ্বে ।

এম জি এন ৰেগা আঁচনিৰ জৰিয়তে ৩০ লাখ টকা চৌহদৰ বেৰা আৰু পৃষ্ঠ ভাগ উন্নয়নৰ কাৰণে  আৰু  চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা আৰক্ষী  গৃহটোৰ নিৰ্মাণৰ বাবে ১১ লাখ টকা আৱন্টন দি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত তদানীনন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেয়ে গৃহটো উদ্বোধন কৰিছিল। আৰক্ষী বিভাগৰ অমনোযোগিতা আৰু উদাসীনতাৰ  বাবেই লাখ লাখ চৰকাৰী  টকা ব্যয় কৰি নিৰ্মাণ কৰা এই আৰক্ষী চকীৰ গৃহটো এতিয়া ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ হৈ পৰি ৰোৱাই নহয় ৰাইজৰ বাবে এক জটিল সমস্যা হিচাপে পৰিগণিত হৈ আহিছে।

কেৱল নিৰ্বাচনৰ সময়ত নিৰাপত্তা বাহিনী আশ্ৰয় থলী হিচাপে ব্যৱহৃত হোৱাৰ পৰিবৰ্তে অন্য সময়ত আৰক্ষীৰ নাম গোন্ধ নাথাকে আৰক্ষী চকীত। পৰিণতিত ভদঙীয়া গৰু ,গাহৰি ,কুকুৰ ,ছাগলীৰ লগতে বিভিন্ন উদণ্ড যুৱকৰ নিৰাপদ আশ্ৰয় থলী হিচাপে ব্যবহৃত হৈ আহিছে। বকুলগুৰিবাসী ৰাইজ সংগঠনৰ মুখ্যমন্ত্ৰী , আৰক্ষী সঞ্চালক প্ৰধান ,আৰক্ষী অধীক্ষকক দাবী চৰকাৰী গ্ৰামোন্নয়ন পুঁজি ব্যয় কৰি নিৰ্মিত আৰক্ষী চকীত তৎকালে স্থায়ী ভাবে আৰক্ষী নিযুক্ত কৰি ক্ৰমাৎ পৰিত্যক্ত অৱস্থালৈ গতি কৰা বিভাগটো উজ্জীৱিত কৰক । ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলেৰ এইক্ষেত্ৰত জৰুৰী তৎপৰতাও ৰাইজৰ  কাম্য ।

আৰু পঢ়ক: মঙলদৈৰ কটহগুৰিত বাঘৰ মুক্ত বিচৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in