ঢকুৱাখনা ৰাজহ চক্ৰৰ ৪১খন গাঁৱৰ বাসিন্দাৰ ভূমি পট্টা লাভৰ পথ প্ৰশস্ত

ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪১ খন গাঁওৰ প্ৰায় ২০ সহস্ৰাধিক পৰিয়ালৰ স্বাধীকাৰ লাভৰ পথ অৱশেষত প্ৰশস্ত হৈছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা ৰাজহ চক্ৰৰ ৪১খন গাঁৱৰ বাসিন্দাৰ ভূমি পট্টা লাভৰ পথ প্ৰশস্ত

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত ৪১ খন গাঁওৰ প্ৰায় ২০ সহস্ৰাধিক পৰিয়ালৰ স্বাধীকাৰ লাভৰ পথ অৱশেষত প্ৰশস্ত হৈছে । শতিকা শতিকা  ধৰি চক্ৰটোৰ এই ৪১ খন থলুৱা জাতি জনগোষ্ঠীৰ বসতি প্ৰধান গাঁওৰ ভূমি জৰীপ নোহোৱাকৈ থকাৰ পৰিপ্ৰেক্ষিতত নাৰ্য অধিকাৰ ভূমিপট্টাৰ উপৰিও ভূমি ৰাজহ সম্পৰ্কীয় আনুসংগিক সীমাহীন অভাৱ সমস্যাৰ সন্মুখীন হৈ আহিছিল ।

Advertisment

এনেবোৰ খিলঞ্জীয়া বসতি প্ৰধান  জৰীপ নোহোৱা (নন কেদেষ্টিয়েল) গাঁও জৰীপ কৰি থলুৱা বাসিন্দা সকলৰ নাৰ্য প্ৰাপ্য প্ৰদানৰ (কেদেষ্টিয়েল) ব্যাপক চৰকাৰী তৎপৰতা ইতিমধ্যে দ্ৰুতগতিত  আগবাঢ়িছে। ৰাজ্য চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ নিৰ্দেশনা মতে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰীয়তে দ্ৰোণ কেমেৰাৰে "ডিজিটেল গ্লোবেল পজিছনিং চিষ্টেম" পদ্ধতিৰে মুঠ ৪১ খন গাঁওৰ জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠানে অসম ভূমি জৰীপ বিভাগক সবিশেষ জৰীপ প্ৰতিবেদন দাখিল কৰাৰ পাছত  অসম ভূমি জৰীপ বিভাগে প্ৰয়োজনীয় দ্বিতীয় পদক্ষেপ হিচাবে অত্যাধুনিক পদ্ধতিৰে মেপ প্ৰস্তুত কৰাৰ পৰ্ব সোমবাৰৰ পৰা আৰম্ভ কৰিছে। প্ৰাথমিক ভাবে  চক্ৰটোৰ মুঠ ৫ খন গাঁও ক্ৰমে  আউনিবাৰী , মিলি গাঁও ,ভোমা লাগাচো ,খজুৱা পাতিৰ আৰু বাহিৰ বগৰী গাঁওৰ মেপ প্ৰস্তুত কৰাৰ কাম অব্যাহত আছে ।

গুৱাহাটীৰ পৰা ৩টা বিশেষজ্ঞ দল আহি  সংশ্লিষ্ট গাঁও সমূহত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সহযোগিতাত এই মেপ প্ৰস্তুত কৰা কাম দ্ৰুত গতিত চলাই গৈছে । এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ত  অন্য ৩৫ খন গাঁওত এই মেপ প্ৰস্তুত কৰা কাম অব্যাহত থাকিব বুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় সূত্ৰই জনাইছে । উল্লেখ্য যে শ শ বছৰ ধৰি জৰীপ নোহোৱা (এন চি) এনে ৪১ খন গাঁওত বাস কৰা নাগৰিকে প্ৰাপ্য ভূমি পট্টা লাভৰ পৰা চৰকাৰী অৱহেলাৰ বাবে বঞ্চিত হৈ আহিছিল ।

ভূমিপুত্ৰৰ এই স্বাধীকাৰ লাভৰ দাবীত  বিগত সময়চোৱাত মিচিং জাতিয় সংগঠন সমূহে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছিল। তথাপিও চৰকাৰ পক্ষৰ গা নলৰা  প্ৰত্যক্ষ কৰি ভূমি অধিকাৰ লাভৰ এক অনিশ্চিত আৰু অজান আশংকাত ভোগী ইতিমধ্যে বহু সংখ্যক পৰিয়াল অন্য স্থানলৈ স্থায়ী ঠিকনা বিচাৰি প্ৰবজন ঘটিল।  ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা অব্যাহত থকা এনে জৰীপ নোহোৱা অশুভ অবিচাৰী পৰম্পৰাৰ অৱশেষত সফল যবণিকা পৰিল।

ৰাজহ বিভাগৰ তৎপৰতাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে আৰু অন্যান্য ৰাজহ কৰ্মচাৰী সকলৰ বিশেষ উদ্যোগত  শেহতীয়া ভাবে গ্ৰহণ কৰা এই ভূমি জৰীপ ,মেপ প্ৰস্তুতৰ পদক্ষেপৰ পাছত উক্ত মাটিৰ মেপ, চিথা  প্ৰস্তুত কৰা হ'ব আৰু বিভাগীয় ভাবে অনুমোদন লাভ কৰাৰ লগে লগেই জৰীপ গাওঁলৈ উন্নীত হ'ব ।

ইয়াৰ পাছত ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ জৰিয়তে সংশ্লিষ্ট ব্যক্তিক পট্টা পৰগনা দিয়াটো সহজ হৈ উঠিব । এক সুদীর্ঘ পৰিক্ৰমা  খিলঞ্জীয়া ভূমিপুত্ৰ হৈয়ো ভূমিৰ অধিকাৰ ভূমি পট্টাৰ পৰা বঞ্চিত হৈ অহা এনেবোৰ এন চি গাঁওৰ বাসিন্দা সকলৰ দীৰ্ঘদিনীয়া এক স্পৰ্শকাতৰ সমস্যাৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত হোৱাৰ লগতে শতিকা জোৰা স্থিতাৱস্থাৰ সফল অৱসান ঘটাত উচ্চসিত হৈছে প্ৰাপ্য বঞ্চিত নাগৰিক সমাজৰ লগতে বিভিন্ন দল সংগঠন।

আৰু পঢ়ক: মাস্ক আৰু চশমা পিন্ধা এগৰাকী মহিলা! মিনিটৰ ভিতৰতে চুৰি কৰিলে নিলে লাখ লাখ টকাৰ গহনা

assam dhakuakhana