নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী…

নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ: দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ বনিয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই নিশা প্ৰায় ১১ বজাত গোতলামাৰী ৰাভাটাৰী গাঁৱত অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে,এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰি ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক চিনাবাৰী মণ্ডল পাৰাৰ বাচ্চু মণ্ডল আৰু আই মমিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে৷ সোমবাৰে পুৱাৰ ভাগত ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে দুয়োকে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক:ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

assam dhakuakhana