ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা : অজ্ঞানৰ  আন্ধাৰ বিনাশী  জ্ঞানৰ আলোকেৰে  ঢকুৱাখনাক আলোকিত  কৰি বিগত ৫৬ বছৰীয়া গৌৰৱোজ্জ্বল পৰিক্ৰমা অতিক্ৰমিলে ঢকুৱাখনা মহাবিদ্যালয়ে । ১৯৬৬ চনতে  ঢকুৱাখনাৰ শিক্ষানুৰাগী ৰাইজৰ নিৰন্তৰ শ্ৰম ত্যাগ আৰু অৰ্থৰ বিমিময়ত স্থাপিত এইখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠানে সফলতাৰ যাত্ৰা পথেৰে ৫৬ বছৰত ভৰি দিলে। এই সফল শৈক্ষিক যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে সোমবাৰে  মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস  । 

এই উপলক্ষ্যে পুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত  প্ৰহ্লাদ গোহাঁই স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰি  মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে মহাবিদ্যালয় পৰিয়ালে।  অৰণ্য মানৱ যাদৱ পায়েংয়েও মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ সমবেত সংগীতেৰে  মুকলি সভাৰ মঞ্চ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,কবি সাহিত্যিক শিৱ প্ৰসাদ গগৈ , পদ্মশ্ৰী, অৰণ্য মানৱ যাদৱ পায়েং , মহকুমাধিপতি অৰিন্দম বৰুৱা , পৰিচালনা সমিতিৰ সভাপতি ডঃ খগেন শৰ্মা , প্ৰাক্তন অধ্যক্ষ পূৰ্ণানন্দ গগৈ , মহাবিদ্যালয়ৰ প্ৰাক্তন  ছাত্ৰ সন্মিলনীৰ প্ৰথম গৰাকী সভাপতি মহেন্দ্ৰ গগৈ , উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচ ,  প্ৰাক্তন উপাধ্যক্ষ ভোলা নাথ গগৈ , সমাজকৰ্মী পূৰ্ণ লাহন, হেম বৰুৱা, শিক্ষক গোটৰ সভাপতি ডঃ অমল চন্দ্ৰ দত্তৰ লগতে  গৰিষ্ঠ সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী ,  মহাবিদ্যালয় পৰিয়াল ,শিক্ষানুৰাগী ৰাইজ  উপস্থিত থকা মুকলি সভাৰ আঁত ধৰে
মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ পংকজ বৰাই । 

জনাকীৰ্ণ মুকলি সভাত সভাপতিত্ব কৰে  অধ্যক্ষ ডঃ যোগানন্দ সূতে । সভাত মহকুমাধিপতি অৰিন্দম বৰুৱাই  মুকলি সভা উদ্ধোধন কৰি বৰুৱাই কয়  বিগত অৰ্দ্ধ শতিকা জোৰা বিদ্যায়তনিক উত্তৰণৰ ক্ষেত্ৰত এই উচ্চ শিক্ষানুষ্ঠানখনে অর্জন কৰা সফলতাৰ আত্ম বিশ্লেষণৰ সময় ।  ৫৬ বছৰীয়া শৈক্ষিক যাত্ৰাৰ সতে একাত্ম হবলৈ পাই আনন্দিত বুলিও মন্তব্য কৰি মুকলি সভাৰ শুভ উদ্ধোধন কৰে প্ৰশাসনিক বিষয়া বৰুৱাই।


মহাবিদ্যালয়ৰ ছাত্ৰী বৈষ্ণৱী বৰুৱাৰ বৰগীত ,সুকণ্ঠী গায়ক, ছাত্ৰ বনমালী পায়েংৰ শ্ৰুতিমধুৰ আধুনিক গীত,  অধ্যাপিকা গায়ত্ৰী সূত ,কৰ্মচাৰী কমল দাসৰ গীত আৰু মহাবিদ্যালয় ছাত্ৰী সকলৰ সৃষ্টিশীল নৃত্যই আপ্লুত কৰে  মুকলি সভাত উপবিষ্ট সকলক  । সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ,কবি সাহিত্যিক শিৱ প্ৰসাদ গগৈ ,
বিশ্বক এক বিশেষ দৰ্শন আৰু দিক নিৰ্দেশনা দিবলৈ সক্ষম হোৱা  বিশিষ্ট  পৰিবেশ বিদ ,সেউজ প্ৰাণ ,অৰণ্য মানৱ তথা পদ্মশ্ৰী  যাদৱ পায়েং আৰু মহাবিদ্যালয়ৰ প্ৰথমখন  পৰিচালনা সমিতিৰ যুটীয়া সহকাৰী সম্পাদক দেৱ ৰাম সূতক গামোচা, শৰাই,পাটৰ কাপোৰ, প্ৰশস্তি পত্ৰৰে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয় ।

তাৰোপৰি সভাত উপস্থিত গৰিষ্ঠ সংখ্যক অৱসৰী শিক্ষক কৰ্মচাৰী,প্ৰাক্তন ছাত্ৰ একতা সভাৰ বিষয়ববীয়াক সম্বৰ্ধনা জনোৱা হয়। মুকলি  সভাত সম্বৰ্ধিত অৱসৰী অধ্যক্ষ শিৱ প্ৰসাদ গগৈয়ে সম্বৰ্ধনা গ্ৰহণ কৰি  মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন  অম্লমধুৰ অভিজ্ঞতাৰ বৰ্ণিল ৰোমন্থন  কৰি বক্তব্য আগবঢ়াই  । সভাত সম্বৰ্ধিত পদ্মশ্ৰী যাদৱ পায়েংয়ে  কয় ধৰ্ম ৰাজনীতি অৰ্থনীতিৰ সকলো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল । প্ৰকৃতিয়েহে মানৱ জাতি  বচাব।  গছ গছনি  গছ ৰুলেই নহব , প্ৰতিপালন কৰিব লাগিব । জীয়াই ৰাখিব লাগিব ।

তাকে নকৰিলে কেৱল পৰিবেশ দিৱস পাতিলেই প্ৰকৃতি নাবাচে । অৰণ্য মানৱ গৰাকীয়ে প্ৰাথমিক পৰ্য্যায়ৰ পৰাই  বিশ্ববিদ্যালয় পৰ্যন্ত বিদ্যায়তনিক পাঠ্যক্ৰমত পৰিবেশ সুৰক্ষা বিষয়  সন্নিবিষ্ট কৰা আৰু সুকীয়া পৰিবেশ শিক্ষক নিযুক্তি দিয়াৰ প্ৰাসংগিকতা দোহাৰে।

প্ৰকৃতি সুৰক্ষাত নিজৰ অভিজ্ঞতালব্ধ  অভিজ্ঞতাৰ নিৰ্মোহ বিশ্লেষণ কৰি পায়েংয়ে সাম্প্ৰতিক  সময়ত "গ্লোবেল ৱাৰ্মিং"ৰ  সবল ভাবে যুঁজিবলৈ প্ৰাথমিক পৰ্যায়ৰ পৰা শিক্ষাদানৰ সতে গছ পুলি ৰোপণ আৰু প্ৰতিপালনৰ এক আঁচনি প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰক আহ্বান জনাই ।  সভাত মুখ্য অতিথি হিচাবে পৰিচালনা সমিতিৰ সভাপতি ডঃ খগেন শৰ্মায়ো বক্তব্য ৰাখে। মুকলি সভাৰ পূৰ্বে মঞ্চত বন্তি প্ৰজ্বলন কৰে  প্ৰাক্তন অধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in