ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ ৯৬ গৰাকী কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা…

ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ ৯৬ গৰাকী কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ ৯৬ গৰাকী কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ , ঢকুৱাখনা : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাত্ব প্রদর্শনৰে উত্তীৰ্ণ হোৱা ঢকুৱাখনাৰ মুঠ ৯৬ গৰাকী কৃতিমান শিক্ষাৰ্থীক সোমবাৰে সম্বৰ্ধনা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰা হয়।  ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰি কৃতিমান সকলৰ লগতে  গৰিষ্ঠ সংখ্যক বিদ্যালয় প্ৰধানকো সম্বৰ্ধনা জনোৱা হয়।  

Advertisment

ঢকুৱাখনাৰ মেধাবী শিক্ষাৰ্থী সকলক  ভৱিষ্যতৰ শৈক্ষিক যাত্ৰাত  সফলতাৰে আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে সোমবাৰে অনুষ্ঠিত কৰা হয় সম্বৰ্ধনা সভা।  আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্তৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ আগবঢ়াই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদান্ত সন্দিকৈয়ে ।  গৰিষ্ঠ সংখ্যক শিক্ষক ,শিক্ষাৰ্থী , অভিভাৱক, শিক্ষানুৰাগী ৰাইজ উপস্থিত  থকা সভাত উদ্ধোধনী বক্তব্য আগবঢ়াই লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে ।  সভাত  সন্থাৰ দৃষ্টিভঙ্গী ব্যাখ্যা কৰি বক্তব্য আগবঢ়াই জিলা ছাত্ৰ সন্থাৰ  সাংগঠনিক সম্পাদক ধনমণি দত্তই। 

বিদ্যালয় প্ৰধান কেশৱ গগৈ , দুলু শইকীয়া , প্ৰফুল্ল চুতীয়া , কল্পনা গগৈ আদি বিভিন্নজনে বক্তব্য ৰাখি  ছাত্ৰ জীৱনৰ প্ৰাথমিক মাপকাঠি স্বৰূপ  এই বিশেষ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  ছাত্ৰ ছাত্ৰী সকলক সফলতাৰ সেন্দুৰীয়া বাটত আগুৱাই যাবলৈ ছাত্ৰ সন্থাই এনেদৰে  যোগোৱা  উৎসাহ উদগনিৰ শলাগ লৈ শিক্ষাৰ্থী সকলকো  প্ৰবল প্ৰতিযোগিতামূলক শৈক্ষিক যাত্ৰাত সফলতাৰ চূড়ান্ত শিখৰত নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে ব্ৰতী হোৱাৰ আহ্বান জনায়।  আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ কৰ্মকর্তা , জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি হীৰক জ্যোতি চুতীয়া , শিক্ষা সম্পাদক জ্ঞানদীপ বৰা ,  জিলা কাৰ্যনিৰ্বাহক পুনম জ্যোতি বৰগোঁহাই , শৰৎ বৰা , লক্ষ্য জ্যোতি কোঁৱৰ আদিৰ লগতে প্ৰধান শিক্ষক প্ৰদীপ দত্ত, সৰু মাই দাস আদিও  সভাত উপস্থিত থাকে ।

এই সভাতেই চূড়ান্ত পৰীক্ষাত  ৯৬ গৰাকী কৃৰ্তি শিক্ষাৰ্থীক গামোচা ,গ্ৰন্থ সম্ভাৰ আৰু গছপুলি প্ৰদানেৰে  সম্বৰ্ধনা জনোৱাৰ লগতে এইসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা  ১৩ খন বিদ্যালয়ৰ ১৩ গৰাকী অধ্যক্ষ আৰু প্ৰধান শিক্ষকক উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত আগবঢ়োৱা বৰেণ্য অৱদান  বাবে স্মাৰক , ফুলাম গামোচা  আৰু প্ৰশস্তিপত্ৰৰে মান্যতা প্ৰদান কৰা হয়।

আৰু পঢ়ক:সাহিত্য সভাতেই আছে গাহৰি !

assam dhakuakhana