সাহিত্য সভাতেই আছে গাহৰি !

সাহিত্য সভাতেই আছে গাহৰি !

মৃদুল কুমাৰ সন্দিকৈ

সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল শিৱসাগৰৰ যুৱদলত। সেই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্হবাহকখনত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল সেই চৰ্চাৰ সলনি চৰ্চা চলিল গাহৰি মাংস কিয় তাত খাবলৈ দিয়া হ'ল তাক লৈহে।

মানুহৰ খাদ্য ৰুচি মানুহ অনুসৰি ভিন্ন। কোনোৱে কাৰোৰে খাদ্য অভ্যাসক নুই কৰিব নোৱাৰে। পৰিৱেশ, পৰিস্থিতি অনুসৰি সেই খাদ্যভ্যাস গঢ়লৈ উঠে। শিৱসাগৰত অনুষ্ঠিত সাহিত্য সভাৰ কাৰ্য নিৰ্বাহকত দুপৰীয়া আহাৰত আছিল পলু, ছাগলী মাংস, গাহৰি মাংস, মাছ, পনীৰ আদি।

জানিব পৰা মতে কাৰ্যনিৰ্বাহকত অংশলোৱা এজন উচ্চ সম্প্ৰদায়ৰ লোকে ছাগলী মাংস বুলি গাহৰি মাংস মুখত ল'লে। লগে লগে তেওঁ চলি থকা কাৰ্য নিৰ্বাহকৰ সভালৈ গৈ বিষয়টো ৰাজহুৱা কৰি তাত কিয় গাহৰি মাংস দিয়া হৈছে বুলি সভাপতিক গোচৰ দিলে।

অসম সাহিত্য সভাৰ সাভাপতি কুলধৰ শইকীয়াই বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰি তেনে নকৰিবলৈ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰি থ'লে। এই কথাটোকে সংবাদ মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ পাছত এচামে ইয়াক অখাদ্য আখ্যা দি তেনে কৰাটো অনুচিত বুলিলে।

আন এচামে আকৌ গাহৰি মাংস দিয়াত কি আপত্তি আছে বুলি যুক্তি দৰ্শাই যি খাই খাব আৰু নোখোৱা জনে নাখাব বুলি মন্তব্য কৰিলে। আচলতে সাহিত্য সভা আৰু গাহৰি প্ৰসংগ আন এক কাৰণত এই সময়ত প্ৰাসংগিক। এচাম ধুৰন্ধৰে সাহিত্যৰ সংগঠকৰ নামত সাহিত্য সভাত বিষয়বাবৰ পদ এৰি নিদি সাহিত্য সভাখন আলু খন্দাদি খান্দি পালালে।

এইচাম লোকৰ বাবে সাহিত্য সভা সংস্থাপন আৰু লুণ্ঠনৰ মাধ্যম হৈ পৰিছে। কাৰ্যনিৰ্বাহক সভাত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বৰ বিষন্ন মনেৰে ক'বলগীয়া হ'ল কিয় বাৰে বাৰে এচাম লোকে সাহিত্য সভাৰ বিষয়বাব খামুচি আছে। এইসকল লোকৰ বাবে সাহিত্য সভাৰ ক্ষতি হৈছে।

সন্মুখত তেতিয়া তেনে এচাম লোকেই সেই ভাষণ শুনি থাকোতে এবাৰৰ বাবেও বিবেক দংশনত নুভোগিলে। এইসকল তথাকথিত সাহিত্য সংগঠকে যিকোনো উপায়েৰে সাহিত্য সভাৰ পদবী নিজৰ কবজ্জাত ৰাখিবলৈ ইমান ষড়যন্ত্ৰত নামিল যে, সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া নীৰৱ দৰ্শক হৈ ৰ'বলগীয়া হ'ল।

এই হুলস্থুলীয়া পৰিৱেশৰ মাজত হাত দাঙি দিয়া সাহিত্য সভাৰ সভাপতিয়ে হয়তো সাহিত্য সভাখনক সংস্কাৰৰ বাবে কিছু চেষ্টা কৰিছিল। সেই প্ৰচেষ্টাক বিফল কৰিবলৈ শিৱসাগৰ সাহিত্য সভালৈ নিজৰ সমৰ্থনত আমন্ত্ৰিত বা বিশেষ প্ৰতিনিধি ৰূপত এচাম লোকক নি নিজৰ স্বাৰ্থ সিদ্ধি কৰি দ্বিতীয় বাৰৰ বাবে প্ৰধান সম্পাদকৰ পদত যাদৱ শৰ্মাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিবলৈ বাধ্য হ'ল কুলধৰ শইকীয়া।

এই কাৰ্যনিৰ্বাহকত সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, প্ৰধান সম্পাদক তথা আন বিষয়ববীয়া নিৰ্বাচনৰ বাবে ড০ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন তিনিজনীয়া কমিটী গঠন কৰা হ'ল। বাকী দুজন সদস্য ড০ শৰ্মাক নিজৰ পচন্দ অনুসৰি নিৰ্বাচন কৰি ল'বলৈ দিয়া হৈছে।

কাৰ্য নিৰ্বাহকত বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাক পৰৱৰ্তী প্ৰধান সম্পাদক হিচাপে প্ৰতিদ্বন্দ্বি কৰিবলৈ অনুমতি দিয়া হ'ল। সাহিত্য সভাৰ সংবিধান অনুসৰি যাদৱ শৰ্মাই দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ প্ৰতিদ্বন্দিতা কৰাৰ প্ৰশ্ন নাহে। যদিও তেওঁ তিনিটা বছৰহে কাৰ্যনিৰ্বাহ কৰিছে এইবাৰ তেওঁ জয়ী হ'লে মুঠ ৫টা বছৰ কাৰ্যনিৰ্বাহ কৰিব।

সেই অনুসৰি সাহিত্য সভাৰ সংবিধান সংশোধন কৰা হৈছিল যদিও এই সংবিধান চপা কৰাই নহ'ল। মূল কাৰ্য নিৰ্বাহকৰ ৯৯ গৰাকী সদস্যই তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিব লাগে যদিও এই কাৰ্যনিৰ্বাহকখনত মাত্ৰ ৭০/৭৫ জন মান কাৰ্যনিৰ্বাহক সদস্যইহে অংশ লৈছিল।

ইয়াত উপস্থিত থকা ২৮০ ৰো অধিক ব্যক্তিৰ অধিকাংশই যাদৱ শৰ্মাৰ পক্ষত থিয় দি তেওঁক পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট মুকলি কৰি দিলে। প্ৰকৃত কাৰ্যনিৰ্বাহক সদস্যসকল ক'ৰবাতে থাকিল। প্ৰধান সম্পাদকৰ উপস্থিতিত সাহিত্য সভাৰ উপস্থিতিত কুল শইকীয়াই গোপন বেলটৰ জৰিয়তে এক গণতান্ত্ৰিক সিদ্ধান্ত ল'ব পৰাৰ থল আছিল যদিও সেইয়া কৰিবলৈ সাহস নকৰিলে।

সাহিত্য সভা এতিয়া এনেকৈ গেলিছে। এই কাৰ্য নিৰ্বাহকতে সাহিত্য সভাৰ আন এক বিষয়ক লৈ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন জমা দিয়া হয়। সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই ভ্ৰমণ বানচৰ নামত প্ৰায় ১৮ লাখ টকাৰ বিল জমা দিছিল।

সাহিত্য সভাৰ ধন জেপত ভৰোৱা বুলি অভিযোগ উঠা প্ৰধান সম্পাদক গৰাকীয়ে তেজপুৰৰ পৰা গুৱাহাটীলৈ আহোতে ভ্ৰমণ ব্যয় ৯৫০০ টকা একেদৰে ঘূৰি যাওঁতে ৯৫০০ টকাকৈ লৈ প্ৰায় ১৩ লাখমান টকা ইতিমধ্যে আত্মসাত কৰিছে। প্ৰধান সম্পাদক শৰ্মাৰ বিৰুদ্ধে অভিযোগ উঠা মতে লক ডাউনৰ সময়তো হেনো তেওঁ এনেধৰণে ভ্ৰমণ বিল দি সাহিত্য সভাৰ ধন লুণ্ঠন কৰিছিল।

পৰৱৰ্তী সময়ত বিষয়টো সংবাদ মাধ্যমৰ চৰ্চালৈ অহাত বৰনগৰ কাৰ্যনিৰ্বাহকত এই কথাবোৰ চোৱাচিতা কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছিল। যিহেতু প্ৰধান সম্পাদকে ১০ হাজাৰ টকাৰ তলৰ বিল বা আৰ্থিক লেনদেন কৰিব পাৰে সেয়েহে এদেও দুদেও কৈ তেওঁ সাহিত্য সভাৰ ধন লুটিছিল।

যোৱা ৪ মাহতো তেওঁ কেইবালাখ টকা ভ্ৰমণ বিল দিছিল। এই কমিটীয়ে সেইবোৰ পৰীক্ষা কৰি ৭০ হাজাৰ মান টকাহে তেওঁৰ প্ৰাপ্য বুলি চিল-মোহৰ মাৰিলে। আৰু এই কমিটীয়ে সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক সদস্যৰ ভ্ৰমণ ব্যয় সম্পৰ্কীয় তিনিটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে।

প্ৰথমটো পৰামৰ্শতে কোৱা হৈছে- মাননীয় প্ৰধান সম্পাদক মহোদয় যিহেতু এগৰাকী কাৰ্যনিৰ্বাহক সদস্য, সেয়েহে সভাৰ কামত ভ্ৰমণ কৰিবলৈ সভাপতিৰ আগতীয়া অনুমোদনৰ অনুমতি পত্ৰ আহৰণ কৰাটো বাঞ্চনীয়। দ্বিতীয়তে কোৱা হৈছে সভাৰ কাৰ্যনিৰ্বাহকে (প্ৰধানসম্পাদক সহ) কাৰ্যালয়লৈ আহোতে বা যাওতে কোনোধৰণৰ ভ্ৰমণ বানচ আদায় কৰিব নোৱাৰিব।

যদিহে মুখ্য কাৰ্যালয় বা প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কৰ্ম সম্পাদন কৰিবলগীয়া ঠাইৰ দূৰত্ব ৮ কিলোমিটাৰৰ অধিক হয় তেনেহ'লে বিধি অনুযায়ী ভ্ৰমণ ব্যয় আদায় পাব। তৃতীয়তে কোৱা হৈছে কোনো কাৰণতে যাৱতীয় ব্যয় সাহিত্য সভাৰ সংবিধান প্ৰদত্ত সীমা অতিক্ৰম কৰিব নোৱাৰিব।

সাহিত্য সভাৰ প্ৰধান সম্পাদক বা আন বিষয়-ববীয়াই জিলা সাহিত্য সভা, সাহিত্য সভা আন অনুষ্ঠানৰ কাৰ্যাসূচীত অংশগ্ৰহণ কৰিবলৈ যায় উক্ত কাৰ্যাসূচীৰ বাবে যাতায়তী আৰু ভ্ৰমণ ব্যয় আয়োজক সকলে ভৰিব লাগিব। আন ধৰণৰ কামত যেনে- গোষ্ঠীগত সংঘৰ্ষ, সামাজিক সমতা স্থাপন, সীমা সমস্যা আদি কাৰণত যাবলগীয়া হ'লে ইয়াৰ বাবে আগতিয়াকৈ সভাপতিৰ অনুমতি লৈ সাহিত্য সভাৰ ধন ব্যয় কৰিব পাৰিব।

এই পৰামৰ্শ লানিতেই স্পষ্ট হয় যে বৰ্তমানৰ প্ৰধান সম্পাদকগৰাকীৰ লুণ্ঠনৰাজৰ বিৰুদ্ধে এনে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া সময়ে ক'ব সেই পৰামৰ্শলানি কাৰ্যকৰী হয় নে নহয়। সাহিত্য সভা কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহ, আত্ম মৰ্যাদাৰ প্ৰতীক।

কিন্তু অসমবাসীৰ বাবে সাহিত্য সভা আছিল জাতীয় আৱেগ। সাহিত্য সভাই সাহিত্য সাধনা, সাহিত্য চৰ্চাৰ এক পৰিৱেশ দিছিল। কিন্তু সাহিত্য সভাক এইসকল পদবী লোভী মানুহে এনেকুৱা কৰি পেলালে যে এতিয়া সাহিত্য সভাক লৈ কাৰো চিন্তা, চেতনা বা আৱেগ নাই। চলি আছে যিমান দিনলৈ, চলি থাকিব বুলি সকলোৱে সাহিত্য সভাক লৈ নাক কোচাই।

সাহিত্য সভাত নিৰ্বাচন দেখুৱাবলৈ হয়। এই চক্ৰটোৱে যাক ইচ্ছা সভাপতি পাতিব পাৰে। এই ক্ষেত্ৰত সাহিত্য সভাৰ বাহিৰত থাকিও পৰমানন্দ ৰাজবংশীয়ে নিজৰ লেকাম এৰি দিয়া নাই। তেওঁৰে কৃপাত সাহিত্য সভা যিমান তললৈ যাব লাগে সিমান তললৈ গ'ল।

পূৰ্বতেও এনে এচাম লোক আছিল যিসকলে এই বোৰ কাম লুকাই চোৰকৈ কৰিছিল। এতিয়া সাহিত্য সভাত যি হয় মুকলিকৈ হয়। সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ বাবে মুঠ ৬৮৬ টা ভোট পৰে। অৰ্থাত ৬৮৬ খন সাহিত্য সভাৰ শাখা আছে।

কিন্তু সাহিত্য সভাত আচলতে ইমান শাখা নাই। বহু শাখা সাহিত্য সভা নিষ্ক্ৰিয় হৈ গৈছে। বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই সেই নিষ্ক্ৰিয় অৰ্থাত ভুৱা শাখা সমূহ চিনাক্ত কৰিবলৈ এক উদ্যোগ লোৱাত এইবাৰ সাহিত্য সভাৰ নিৰ্বাচনত মুঠ ৫০০ টা ভোট হে পৰিব।

অৰ্থাৎ ১৬৮ খন ভুৱা শাখা ইতিমধ্যে চিনাক্ত হৈছে বুলি ক'ব পাৰি। এখন শাখা সক্ৰিয় হৈ থাকিবলৈ অতি ক'মেও ২৫ জন আজীৱন সভ্য, ৩ টা অনুষ্ঠান বছৰত পাতিব লাগে। এই নিয়ম জলাঞ্জলি দি পকেট ভোটৰ স্বাৰ্থত এই চক্ৰটোৱে ইমান দিনে সাহিত্য সভাক পৰিচালিত কৰি আহিছিল।

মন পচন্দ প্ৰাৰ্থীক জয়ী কৰাবলৈ ১৬৮ টা ভুৱা ভোট থকাৰ পাছত বাকী থাকে কি? যিবোৰ শাখাৰ নামত ভোট দিয়া হয়, সেইবোৰ শাখাই এইবোৰ কথা গ'মেই নাপায়। বেলট পেপাৰত এই শাখাবোৰৰ নামত পচন্দৰ প্ৰাৰ্থীক ভোট দি ডাক ঘৰৰ জৰিয়তে সেইবোৰ প্ৰেৰণ কৰি চক্ৰটোৱে সাহিত্য সভাৰ নিৰ্বাচনক কেৱল আনুষ্ঠানিকতাৰ হে ৰূপ দিছিল।

এনেবোৰ কাৰণতেই বহু সাহিত্যিক সাহিত্য সভাৰ সভাপতি বা বহু সংগঠক সাহিত্য সভাৰ প্ৰধান সম্পাদক হ'ব নোৱাৰিছিল। কুলধৰ শইকীয়াৰ কাৰ্যকালত এই ব্যৱস্থাটোক যতি পেলাবলৈ এনে সাহসী পদক্ষেপ লোৱাটো অন্যতম গুৰুত্বপূৰ্ণ দিশ।

সাহিত্য সভাত এতিয়া ভিতৰি এইবোৰ চলে। ক্ষমতা খামুচি ধৰা পদবীধাৰীসকলে সাহিত্য সভাক এনেকৈয়ে গাহৰিয়ে খন্দাদি খান্দিছে। সৎ আৰু ন্যায়নিষ্ঠতাত বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াৰ প্ৰতি আস্থা থাকিলেও তেওঁ সাহিত্য সভাক কোনো গতি দিব নোৱাৰিলে।

য'ৰ পৰা সাহিত্য সভা তেওঁ নেতৃত্ব দিছিল তাতেই যেন তেওঁ সাহিত্য সভা থৈ যাব। তেওঁৰ সৰলতাক দুৰ্বলতাৰ ৰূপত লৈ সাহিত্য সভাত খণ্টি মৰা এইসকল লোকৰ হাততেই তেওঁ সাহিত্য সভাখন এৰি থৈ যাব লাগিব। হয়তো তেওঁ অনুশোচনাত ভোগিছে। সেয়েহে শিৱসাগৰ কাৰ্যনিৰ্বাহকত কিছু কথা কৈছে।

কাম কৰাৰ পৰিকল্পনা থাকিলেও ভবাৰ দৰে তেওঁ সাহিত্য সভাখনক আগুৱাই নিব নোৱাৰিলে। সাহিত্য সভাৰ ভিতৰত থকা এনে অনিয়ম-কেলেংকাৰী প্ৰতিৰোধৰ বাবে যি ক্ষীপ্ৰ ব্যৱস্থা ল'ব লাগিছিল সেয়াও যেন লোৱাত যি কাৰণতে নহওক কৃপণালী কৰিলে।

তেৱোঁ হয়তো ভাবিলে যেনেদৰে চলি আছে চলি যাব। কাৰ্যকালটো শেষ কৰিব পাৰিলেই ভাল। বিতৰ্ক চলিছে সাহিত্য সভাত গাহৰি ভাতক লৈ, কিন্তু চৰ্চা চলিব লাগিছিল সাহিত্য সভাত গাহৰি ৰূপী এইসকল বিষয়ববীয়াক লৈ। খাদ্য, অখাদ্য আৰু এইবোৰ বিতৰ্ক সাময়িক।

সাহিত্য সভাত ধ্বংস যজ্ঞ চলোৱা এইসকল লোকৰ পৰা সাহিত্য সভা কেতিয়াবা উদ্ধাৰ হ'বনে? কোনে খেদিব তেওঁলোকক? এদিন গাহৰি ভাতৰ বিতৰ্ক মাৰ যাব। যদি কাৰোবাৰ ভুল হৈছে শুদ্ধ কৰিব। পৰৱৰ্তী সময়ত এনে খাদ্য তালিকা হয়তো সাহিত্য সভাত নাথাকিব। সাহিত্য সভাৰ কৰ্মচাৰীয়ে কিমান দিন দৰমহা পোৱা নাই, কি হ'ব তেওঁলোকৰ ভৱিষ্যত? এইবোৰটো এতিয়া গৌণ।

মাছে, মঙহে খাই কাৰ্য নিৰ্বাহক অনুষ্ঠিত কৰাৰ নামত বিলাসীতা কৰা হয়। মূল সমস্যাবোৰ কিন্তু এইবোৰহে। গাহৰি ভাতৰ লগতে এইবোৰ কথাও চৰ্চা হোৱা ভাল। এইবাৰ নিৰ্বাচনত তেনে গাহৰি ৰূপী একাংশ বিষয়ববীয়াক পুনৰ ক্ষমতা দখলৰ পৰা সচেতন শাখা সাহিত্য সভাৰ প্ৰতিনিধি সকলে অঁতৰাব পাৰিবনে?

সাহিত্য সভাত বহুত সৎ, নিষ্ঠা আৰু জাতিৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰা লোক আছে। সেইসকলৰ ত্যাগ অথলে যায়। কিয়নো এনেকৈ বিষয়বাব লৈ সাহিত্য সভাক গাহৰিৰ দৰে খান্দি থাকিলে সাহিত্য সভাৰ স্থিতি থৰক বৰক নহৈ হ'ব কি?

পুনশ্চঃ সাহিত্য সভাত এনে লুণ্ঠন চলোৱা, লবী বাজি কৰা, সাহিত্য সভাৰ ভাৱ মূৰ্তি ধ্বংস কৰি পদবী খামুচি ধৰা সেই চাম বিষয়ববীয়া গাহৰিতকৈ জানো কম?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in