/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/ljmskld.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগানৰ সমীপত কঢ়া নদীত পৰি এজন যুৱক নিখোজ হয় । নিখোজ যুৱক জনৰ নাম মিলন কুৰ্মী। ঘটনাৰ বিবৰণী মতে দেওবাৰে ঘিলামৰা থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগানৰ ৩২৬ নং গ্ৰাণ্টৰ নিৱাসী মিলন কুৰ্মী(৩৫) নামৰ যুৱক জনে কঢ়া নদীৰ পাৰ হোৱাৰ সময়তে নদীত পৰি সন্ধানহীন হৈ আছে।
জানিব পৰা মতে পিতৃ মাতৃহীন যুৱক মিলন কুৰ্মীয়ে দেওবাৰে দুপৰীয়া সমীপৰ ঐতিহাসিক "হাবুং"ৰ মন্দিৰত সেৱা কৰি বিয়লি ঘৰমুৱা হৈছিল ।কিন্তু এখন টুলুঙা নাওৰে ভৰুণ নদীখন পাৰ হবলৈ চেষ্টা কৰাৰ সময়তে আকস্মিক ভাবে নদীত পৰি যায়। ঘটনাৰ প্ৰত্যক্ষদর্শীয়ে দেখি সমীপৰ ৰাইজক খবৰ দিয়াত ৰাইজে ঘিলামৰা আৰক্ষীক অৱগত কৰে ।
ঘিলামৰা থানাৰ অচি চন্দন দাস,উপ পৰিদর্শক হেমন্ত কোঁৱৰ আৰু এছ দি আৰ এফ বাহিনী গৈ ঘটনা স্থলীত উপস্থিত হৈ সন্ধান অভিযান আৰম্ভ কৰে । কিন্তু নিশা বাতৰি লেখা পৰ্যন্ত আৰক্ষীয়ে নিৰুদ্দিষ্ট যুৱক জনৰ একো উৱাদিহ উলিয়াব পৰা নাই। জনা মতে ঘাটমাউৰা যুৱকজন কাঠনি গাঁওৰ নিকট আত্মীয় লক্ষী কান্ত ৰাজুৱাৰ ঘৰত আশ্ৰিত হৈ আছিল।
আৰু পঢ়ক: ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধিলৈ "এনাজৰী বঁটা"