ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধিলৈ “এনাজৰী বঁটা”

ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক দীনেশ মেধিলৈ “এনাজৰী বঁটা”

ডিজিটেল সংবাদ , ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাত দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত  দীনেশ মেধিলৈ আগবঢ়োৱা হৈছে ২০২২ বর্ষৰ "এনাজৰী বঁটা" । গুৱাহাটীস্থিত  অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা  "এনাজৰী"য়ে উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰখনক উজ্জীৱিত কৰাৰ মানসেৰে নিৰ্দিষ্ট  ক্ষেত্ৰ সমূহত নিঃস্বাৰ্থ ভাৱে নিষ্ঠা আৰু সততাৰে কাম কৰি অহা লোকসকলক উদ্দীপনা  যোগোৱাৰ উদ্দেশ্যে এনে বঁটা  প্ৰদান কৰি আহিছে।

শেহতীয়া ভাবে এই  সংস্থাটোৱে  ঢকুৱাখনা সদৰ থানাত কৰ্মৰত জ্যেষ্ঠ উপ পৰিদর্শক তথা দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া দীনেশ মেধিলৈ আগবঢ়াইছে এনাজৰী বঁটা ২০২২। "এনাজৰী"ৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন  ভট্টাচাৰ্য্যই মেধিলৈ  এক পত্ৰ প্ৰেৰণ কৰি  এই সু সংবাদ প্ৰেৰণ কৰিছে। অসম আৰক্ষীত ১৯৮৫ চনৰ ২৫ ডিচেম্বৰত যোগদান কৰা মেধিয়ে  নিউ গুৱাহাটী আৰক্ষী চকী ,কামাখ্যা আৰক্ষী চকী , বঙাইগাঁও জি আৰ পিৰ  সদৰ থানাৰ অচি হিচাবে নিষ্ঠাবান সেৱা আগবঢ়াই যোৱাৰ পাছত ২০২১ চনৰ ৯ ছেপ্টেম্বৰত লখিমপুৰ জিলাত  যোগদান কৰি  পৰৱৰ্তী সময়ত ঢকুৱাখনা সদৰ থানাত দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাবে নিযুক্তি লাভ কৰে।

এগৰাকী দক্ষ আৰু সৎ আৰক্ষী বিষয়া হিচাবে জনদায়বদ্ধ সেৱা আগবঢ়াই অহা মেধিয়ে  কৰ্মস্থান সমূহত ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ উৎকৰ্ষ সাধনলৈকো মেটমৰা অৱদান আগবঢ়াই আহিছে ।তাৰোপৰি হাজোৰ ৰামদিয়া ৰাস মহোৎসৱ ,  ৰামদিয়া বগৰিবাৰী সত্ৰৰ গোহাঁই ঘৰ , নিউ গুৱাহাটী বিহু সন্মিলন ,ধৰ্মীয় অনুষ্ঠানৰ সতে  আৰক্ষী বিষয়া মেধি জড়িত । মেধিলৈ আগবঢ়োৱা এই সামাজিক স্বীকৃতিত পত্নী গীতাঞ্জলি মেধি ,পুত্ৰ অংকিত মেধি আৰু কন্যা মৌমিতা মেধিৰ লগতে আত্মীয় স্বজন আৰু শুভাকাংক্ষী সকল গৌৰবান্বিত ।মেধিক  উক্ত বঁটা অহা ২৪ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ  মাধৱদেৱ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in