চিৰাল ফাঁট: ঘিলামৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন আঁচনিত অনিয়ম...

ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত ৰূপায়িত একাংশ ব্যয়বহুল আঁচনি ৰূপায়নত সীমাহীন অনিয়ম দুৰ্নীতি

author-image
Asomiya Pratidin
New Update
চিৰাল ফাঁট: ঘিলামৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন আঁচনিত অনিয়ম...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত গ্ৰাম্য দৰিদ্ৰ নাগৰিকক বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জলজীৱন অভিযান আঁচনিখন কাৰ্যত বগাহাতীলৈ পৰ্যবসিত হৈছে। পিছে মহকুমাটোৰ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত ৰূপায়িত এনে একাংশ ব্যয়বহুল আঁচনি ৰূপায়নত সীমাহীন অনিয়ম দুৰ্নীতি সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত এহাতে চৰকাৰী পুঁজি অপচয় হৈছে আৰু অন্যহাতে আঁচনি সমূহৰ স্থায়িত্বলৈ গভীৰ অনিশ্চয়তা আহি পৰিছে ।

Advertisment

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বশীল বিষয়াৰ দায়িত্বহীনতাৰ বাবেই সংমণ্ডলটোৰ এনে আঁচনি ৰূপায়নত ব্যাপক অনিয়ম দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। তেনে এক আঁচনি হৈছে মেকু পথাৰ পাইপ ৱাৰ্টাৰ চাপ্লাই নিৰ্মীয়মান জলজীৱন আঁচনি । ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ তদাৰকীত ৰূপায়িত এইখন আঁচনিৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ গৰাকীয়ে প্ৰাককলন বৰ্হিভূত ভাৱে নিৰ্মাণ কৰাৰ বাবে ব্যাপক বিসংগতিয়ে দেখা দিছে। তদুপৰি নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই পকী অংশত চিৰাল ফাঁট দিয়া দৃষ্টিগোচৰ হৈছে ।

এই সন্দৰ্ভত উত্থাপিত ৰাজহুৱা অভিযোগৰ আলমত সংবাদ মাধ্যমৰ পৰিদর্শন কালত এই আঁচনিখনৰ "আন্দাৰ গ্ৰাউণ্ড ৰিজাৰ্ভা"ৰ লৈ যোৱা পকী "ষ্টেয়াৰকেচ" নিৰ্মাণৰ  কিছুদিন পাছত বৃহৎ বৃহৎ ফাঁট মেলা দেখা গ'ল। স্থানীয় ৰাইজে জনোৱা মতে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ক্ৰুটিপূৰ্ণ পদ্ধতিৰে এই আঁচনিখন নিৰ্মাণৰ বাবেই আধৰুৱা অৱস্থাতে এনে দুৰৱস্থাৰ গ্ৰাসত পৰিছে। তাৰোপৰি "ষ্টেয়াৰকেচ"ত যিমান পৰিমাণৰ "থিকনেছ" থাকিব লাগে সেয়া বাস্তৱিকতে দিয়া হোৱা নাই। বিভাগীয় প্ৰাককলন উলংঘা কৰি খেয়ালখুচি মতে অধিক মুনাফা লাভৰ উদ্দেশ্যেৰে আঁচনিখন ৰূপায়ন কৰাৰ পৰিণতিত এনেকৈ চিৰাল ফাঁট দিয়া বুলি স্থানীয় ৰাইজৰ অভিযোগ।

তেনেদৰে সোমবাৰে আঁচনিখনৰ "ষ্টেজিং" কাম আৰম্ভ কৰিছে যদিও কোনো শাখা পৰ্যৱেশক অথবা কাৰিকৰী বিষয়াৰ উপস্থিতি দেখা নগ'ল , যিটো নীতিৰ বিৰোধ। আঁচনিখন তদাৰকীক নিয়োজিত শাখা পৰ্যৱেশক গৰাকীৰ দুৰ্নীতিগ্ৰস্ত স্থিতি আৰু কাৰ্যবাহী অভিযন্তা গৰাকীৰ দুৰ্বল পৰিচালনাৰ সুযোগ লোৱা এনেবোৰ ঠিকাদাৰৰ  অন্য এক বেপৰোৱা কাৰ্য সংবাদ মাধ্যমৰ তদন্ত কালত পোহৰলৈ আহিছে।

উত্থাপিত ৰাজহুৱা অভিযোগ অনুসৰি ঘিলামৰাৰ দেউলীয়া পঞ্চায়তৰ তামুলী গাঁওত অৱস্থিত জলজীৱন আঁচনিখনৰ ৰূপায়নতো সংঘটিত হৈছে ব্যাপক অনিয়ম। আঁচনিখনৰ পাম্প ঘৰটো অতি বেপৰোৱা আৰু ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মাণ কৰা হৈছে । দৃষ্টিকটু ভাবে ঘৰটোৰ চাদৰ টিনপাত সমূহৰ একাংশ প্ৰয়োজনতকৈ চুটি আৰু ভূভাগতকৈ ঘৰটো চাপৰ হোৱাত ভৱিষ্যতে বৰষুণ দিলেই পাম্প ঘৰৰ ভিতৰলৈ পানী সোমাই "পাম্প" ডুব যোৱাটো ১০০ শতাংশই নিশ্চিত।

আঁচনিখনত ষ্টেজিং কৰা হৈছে যদিও সঠিক ভাৱে সংস্থাপন নকৰাৰ বাবে ফাঁট সৃষ্টি হৈছে । এই সন্দৰ্ভত স্থানীয় ৰাইজে মৌখিক ভাৱে বিভাগক বহুবাৰ অভিযোগ দিছিল যদিও তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা পৰ্যৱেশক আৰু কাৰ্যবাহী অভিযন্তাই । দুৰ্নীতি অনিয়ম দেখিও নেদেখাৰ ভাও জোৰা এইসকল বিভাগীয় দায়িত্ববাহীৰ এনে গুৰুত্বহীন স্থিতিৰ বাবেই ঢকুৱাখনা মহকুমাত একাংশ ব্যয়বহুল জনকল্যানমূলক আঁচনি ধোঁৱা চাঙত উঠাৰ ব্যাপক অভিযোগ অঞ্চলবাসীৰ।

Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

ASSAM GOVERNMENT