ঢকুৱাখনাত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

প্ৰবল শিলাবৃষ্টিৰ কৰাল গ্ৰাসত আচ্ছন্ন হৈছে ঢকুৱাখনা মহকুমাৰ বিস্তীৰ্ণ অঞ্চল

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

ডিজিটেল সংবাদ, ঢকুৱাখনা: প্ৰবল শিলাবৃষ্টিৰ কৰাল গ্ৰাসত আচ্ছন্ন হৈছে ঢকুৱাখনা মহকুমাৰ বিস্তীৰ্ণ অঞ্চল। দেওবাৰে বিয়লি গাজনি ধেৰেকনিৰে অহা এজাক ধুমুহা আৰু মুষলধাৰ বৰষুণৰ সতে হোৱা শিলাবৃষ্টিয়ে মহকুমাটোৰ বিভিন্ন অঞ্চলৰ লগতে পশ্চিম মাছখোৱাত তাণ্ডৱ চলাই।

Advertisment

মহকুমাটোৰ পশ্চিম মাছখোৱা অঞ্চলৰ ৰহা, হাৰ্হি, নেমুটেঙানি ,শিমলুডোঙা, তীয়কীয়া আদি বিভিন্ন গ্ৰামাঞ্চলত সুদীর্ঘ সময় ধৰি হোৱা প্ৰবল শিলাবৃষ্টিয়ে সমগ্ৰ অঞ্চলটোৰ বহু সংখ্যক ঘৰৰ টিনপাত পৰ্যন্ত ফুটা কৰি , বাৰীৰ গছ ভাঙি এক অবৰ্ণনীয় পৰিস্থিতিৰ সূত্ৰপাত ঘটাই ।

তাদুপৰি পথাৰৰ ৰঙালাও ,বেঙেনা আদি খেতিত এফুট পৰ্যন্ত শিলেৰে আচ্ছাদিত কৰি কৃষকৰ উৎপাদিত ফচল বহু পৰিমানে বিনষ্ট কৰি চহা ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে।

Also Read: গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক কিশলয় সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সন্মান...

dhakuakhana