ইমান অভদ্ৰ জানো আমি আছিলো !

বৰ্তমান এক জনপ্ৰিয় মাধ্যম ডিজিটেল মাধ্যম। এই মাধ্যমত ইতিবাচকৰ পৰা আৰম্ভ কৰি নেতিবাচকলৈ সকলো ধৰণৰ চৰ্চা হয়। কিন্তু বৰ্তমান যেন ভিউজ, কমেন্টৰ বাবে ছ'চিয়েল মিডিয়াৰ নেতিবাচক দিশ সমূহে বৃদ্ধি পাইছে।
ইমান অভদ্ৰ জানো আমি আছিলো !

মৃদুল কুমাৰ সন্দিকৈ

ভাল ভাষাৰেও, সংসদীয় শব্দৰেও মানুহক সমালোচনা বা বিৰোধিতা কৰিব পাৰি | শব্দ ব্ৰহ্ম | পৃথিৱীৰ আটাইতকৈ কঠোৰ শব্দ বা ভাষা ভৱিষ্যতৰ বাবে সাঁচি থ'ব লাগে | কিয়নো কাৰোবাক বৰ্তমানতকৈ ভৱিষ্যতে অধিক কঠোৰ ভাৱে সমালোচনা কৰিবলৈ তেনে কঠোৰতম শব্দৰ যাতে অভাৱ নহয় |

সমালোচনা বা বিৰোধিতা মানে অৰ্ধ সত্য, অসত্য যুক্তি বা তথ্যৰ সমাহাৰ নহয় | সমালোচনা মানেই অশ্লীল শব্দৰ পয়োভৰো নহয় | কিন্তু এতিয়া সামাজিক মাধ্যমত তেনে এক মানসিকতাই গঢ় লৈ উঠিছে | কোনো এক বিৰ্তকৰ সৃষ্টি হ'লেই বিষয়বস্তুৰ গভীৰতা উপলব্ধি নকৰাকৈ গালি দিয়াৰ এক প্ৰতিযোগিতা চলে | এই মানসিকতা দিনক দিনে বাঢ়ি গৈ আছে | আমি পাহৰি যাও এক ৰাজহুৱা আৰু মুকলি প্লেটফৰ্মত এনে কাম কৰি নিজেই নিজকে উদঙাই দিয়ে | ইয়াৰ পৰা নিজৰো বা সমালোচনা কৰা জনৰো বা সমাজৰো কোনো উপকাৰ নহয় | বৰঞ্চ এক অসহ্যকৰ পৰিৱেশৰ সৃষ্টি হয়|

এতিয়া সামাজিক মাধ্যমত কোনো এক বিষয়ে নিয়মীয়াকৈ বিতৰ্কৰ ৰূপ লয় | সেই বিষয়বোৰৰ ওপৰত কোনে কিমান বেয়াকৈ লিখিব পাৰে, অশ্লীল শব্দ ব্যৱহাৰ কৰিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতা চলে | তেনেদৰেই একে একোটা ইছ্যুৱে বিতৰ্কিত ৰূপে লৈ দুই-তিনিদিন চৰ্চাত থাকে আৰু তাৰ পাছত আন এক বিষয়কলৈ মানুহবোৰ ব্যস্ত হৈ পৰে |

নতুন বিষয় আহিলে পুৰণি বিষয় তল পৰে | গামোছাৰ বিকৃতকৰণক লৈ আমি সৰৱ হ'লো | বাহিৰৰ গামোছা বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সাধুবাদ দিলো | কিন্তু আমি নিজেই সেই গামোচাৰ সঠিক ব্যৱহাৰ সম্পৰ্কে কিমান সচেতন হ'লো ?

ফাচী বজাৰৰ গুদামত এতিয়া পৰি আছে গুজৰাটৰ পৰা অহা বহু গামোচা | চৰকাৰে অভিযান চলাই গুৱাহাটীত পাৱাৰলুমৰ ৮৬ খন গামোচা, ১৪৫ যোৰা চাদৰ-মেখেলা জব্দ কৰিলে | অসম চৰকাৰে পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা তথা বস্ত্ৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল থলুৱা শিপিণী তথা ব্যৱসায়ীক সুৰক্ষিত কৰিবলৈ | খোদ অসমৰ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিছিল |

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৬০ৰ পৰা ৭০ শতাংশ গামোচা তথা আন বস্ত্ৰ চুৰাতৰ পৰা আহে | কেৱল গুৱাহাটীতে সেই বস্ত্ৰৰ বজাৰখন প্ৰতি মাহে ১০০ কোটিৰো অধিক | ৰঙালী বিহুৰ বতৰত গামোচাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাই চুৰাতৰ ব্যৱসায়ীক বিপদত পেলালে | পাৱাৰলুমৰ গামোচা বিক্ৰীত যাতে চৰকাৰে বাধা দিব নোৱাৰে তাৰ বাবে আইনৰ কাষ চাপিছে এই ব্যৱসায় নিয়ন্ত্ৰণ কৰা এক পক্ষই | হেঁচা দিছে কেন্দ্ৰীয় চৰকাৰকো | দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন | পৰিকল্পনা কৰা হৈছে চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে গামোচা ব্যৱসায় কৰা ব্যৱসায়ীসকলে ন্যায়ালয়ৰ কাষ চাপিব পৃথকে পৃথকে |

অতি সংগোপনে সেইবোৰ চলি আছে | হয়তো জি এচ টি বা আন চৰকাৰী কৰ দি অনা এই বস্ত্ৰসমূহৰ বিক্ৰীত বাধা দিব নোৱাৰিব চৰকাৰে | তেনে হ'বলৈ গৈ আছে, ফাচীবজাৰ বস্ত্ৰ ব্যৱসায়ীৰ গুদামত হস্ত তাঁত আৰু বস্ত্ৰ শিল্পৰ সঞ্চালকে অভিযান চলাবলৈ সাহস কৰা নাই | এইয়া কিহৰ বাবে ?

সামাজিক মাধ্যম মানেই কেৱল লঘু কথা-বতৰাৰ উৎস নহয়। ইয়াতো সংযমতাৰ অতিকে প্ৰয়োজন। সেই সংযমতা নিজেই নিজৰ বাবে গঢ়ি ল'ব লাগে। বহু সময়ত সামাজিক মাধ্যমত ভাল-বিষয় এটাও বিভিন্ন জনৰ প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতিত নেতিবাচক ৰূপ লয়।

আমি কেৱল বিতৰ্ক কেন্দ্ৰিক আৰু ভিউজ, কমেন্ট কেন্দ্ৰিক প্ৰৱণতাৰ পাছত দৌৰাৰ এক অভ্যাস কৰি লৈছো। সেয়া সকলোৰে বাবে ক্ষতিকাৰক। সুবিধা পালেই কোনো পক্ষক আক্ৰমণ, প্ৰত্যাক্ৰমণ কৰাৰ পৰিণতিত এই মাধ্যমটোৱে এতিয়া তেনে এক তৰল মাধ্যমৰূপে পৰিগণিত হ'বলৈ গৈ আছে।

কিন্তু কল্পনা কৰকচোন, এই মাধ্যমৰ কিমান শক্তি আছে। ইয়াক কেৱল সঠিকভাৱে ব্যৱহাৰ আৰু ব্যৱহাৰাকাৰী স্ব-নিয়ন্ত্ৰণৰ প্ৰয়োজন। ৰাকেশ পাল কাৰাগাৰৰ পৰা ওলোৱা সময়ত এই সামাজিক মাধ্যমতে এজনে তেওঁৰ কান্ধত গামোচা লৈ বাহিৰলৈ ওলাই অহা এখন আলোক চিত্ৰসহ কিছু কথা লিখিছিল।

সংবাদ মাধ্যমে সেই দৃশ্য প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে কাৰাগাৰৰ তেওঁৰ অভিজ্ঞতাৰ কথা সুধিছিল। সামাজিক মাধ্যমত লিখা ব্যক্তি জনে প্ৰশ্ন কৰিছিল তেওঁ কোনো ভাল কাম কৰি ঘৰলৈ উভতিছে নে লাখ লাখ যুৱক-যুৱতীৰ ভৱিষ্যৎ ধ্বংস কৰি কাৰাবাস খটাৰ পাছত মুকলি আকাশৰ তললৈ আহিছে।

তেওঁৰ ডিঙিত কোনে গামোচা পিন্ধালে? সেইবোৰ দৃশ্য সংবাদ মাধ্যমে প্ৰচাৰ নকৰিবও পাৰিলেহেতেন। এজন অপৰাধীক নায়কৰ ষ্টাইলত সংবাদ মাধ্যমৰ মুখামুখি হ'বলৈ আমিয়ে সুযোগ দিয়া নাই নে? তেওঁৰ প্ৰশ্ন আছিল সেইজন ৰাকেশ পালৰ তেনে দৃশ্য সংবাদ মাধ্যমৰ বাবে প্ৰয়োজন আছিল জানো?

প্ৰয়োজনত সংবাদ মাধ্যমে তেওঁক এৰাই চলিব পাৰিলেহেতেন। তেওঁ বাহিৰলৈ ওলোৱা খবৰটোৱে যথেষ্ঠ আছিল। কিন্তু খবৰৰ নামত তেওঁ কাৰাগাৰৰ ভিতৰত তেওঁ নামঘৰ, সংগীত বিদ্যালয় আদি স্থাপন কৰা কথাবোৰহে ডাঙৰ খবৰ হ'ল।

কেতিয়াবা বোধ হয় ভিউজ, কমেন্ট, শ্বেয়াৰৰ আশাত আমি বন্দী হৈ পৰিছো। সামাজিক মাধ্যমত সেইবোৰ খবৰৰ চৰ্চা নহয়, যিবোৰ সমাজ জীৱনৰ বাবে প্ৰয়োজনীয়। আমি কেৱল এতিয়া ওপৰত উৰি ফুৰিছো।

ইমান অভদ্ৰ জানো আমি আছিলো !
উত্তপ্ত সদন : 'ৰাহুল'ক লৈ বিজেপি-কংগ্ৰেছৰ ৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in