অসমৰ ৯০% মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী

বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই চৰ্চাত থাকে শ্বেৰমান আলী। এইবাৰ পুনৰ এক বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে শ্বেৰমান আলী।

author-image
Asomiya Pratidin
New Update
অসমৰ ৯০%  মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী

ডিজিটেল ডেস্ক: বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই চৰ্চাত থাকে শ্বেৰমান আলী। এইবাৰ পুনৰ এক বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে শ্বেৰমান আলী।

এইবাৰ ব্রাহ্মণ সম্প্রদায়ক লৈ বিতৰ্কিত মন্তব্য কৰে বিধায়কগৰাকীয়ে। তেওঁ কয় যে বামুণৰ অত্যাচাৰৰ বাবেই ধৰ্মান্তকৰণ হৈছে হিন্দুৰ। বামুণৰ অত্যাচাৰৰ বাবেই ইছলাম ধৰ্মগ্রহণ কৰে নিম্ন জাতৰ হিন্দুৱে।

অতীতত বামুণে অবৰ্ণনীয় অত্যাচাৰ চলাইছিল নিম্নজাতৰ হিন্দুৰ ওপৰত। বামুণৰ বেদৰ বাণী আন লোকৰ কাণত পৰিলে কাণত গৰম ঘিউ ঢালি দিছিল বামুণে। এনে ধৰণৰ কিছুমান অশালীন মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

লগতে তেওঁ কয় যে অসমৰ ৯০ শতাংশ মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দু। বামুণৰ অত্যাচাৰত অতিষ্ঠ হৈ ইছলাম ধৰ্ম লোৱা বুলি মন্তব্য শ্বেৰমান আলীৰ।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়, পূৰ্বেও শ্বেৰমান আলীয়ে বহু বিতৰ্কিত মন্তব্য কৰিছে। যাৰ বাবে তেওঁ জেললৈও যাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছিল।

আৰু পঢ়ক: ৰাজনৈতিক নেতাৰ আক্ৰমণত প্ৰাণ গ'ল সেনা জোৱানৰ...