ঢকুৱাখনাত ভদিয়া নামৰ প্ৰসাদ খাই অৰ্ধ শতাধিক অসুস্থ

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং থেকেৰাগুৰি গাঁওত খাদ্যত বিষক্ৰিয়া সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ভদিয়া নামৰ প্ৰসাদ খাই অৰ্ধ শতাধিক অসুস্থ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং থেকেৰাগুৰি গাঁওত খাদ্যত বিষক্ৰিয়া সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। গাঁওখনৰ মহিলা সমাজে পৰম্পৰাগত ভাৱে ভাদ মাহত ভদিয়া নাম লৈ অহাৰ পৰৱৰ্তী সময়ত দেওবাৰে এই নামৰ সামৰণি মাৰে।

Advertisment

১নং থেকেৰাগুৰি গাঁওৰ হৰিমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত এই সামৰনি অনুষ্ঠানৰ পাছত পৰম্পৰাগত ভাবে বিতৰণ কৰিছিল মাহ প্ৰসাদ ,মিঠৈ আদি। বিয়লি এই মাহ প্ৰসাদ খাইছিল গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে। খোৱাৰ পাছতেই সন্ধিয়ালৈ প্ৰসাদ খোৱা ৰাইজৰ শৌচ বমি ,পেট কামোৰণী আদি ৰোগত ভুগিবলৈ আৰম্ভ কৰে।

গাঁওখনৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজ এই ৰোগত ভুগি গুৰুতৰ ভাবে অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত বহু সংখ্যক ব্যক্তিক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় আৰু ধেমাজি চিভিল হস্পাতালত ভৰ্তি কৰা হয় । আনহাতে বহু সংখ্যক আক্ৰান্ত ঘৰতে চিকিৎসাধীন হৈ আছে।

পৰিস্থিতি গুৰুতৰ হোৱাৰ আশংকা কৰি গাঁওখনৰ ৰাইজে এই ক্ষেত্ৰত ঢকুৱাখনা স্বাস্থ্য বিভাগৰ এটা চিকিৎসা গোট প্ৰেৰণৰ দাবী জনাইছে। প্ৰসাদ খাই গাওঁখনৰ বহু সংখ্যক বৃদ্ধ বৃদ্ধা ,মহিলা,পুৰুষ আৰু কন কন লৰা ছোৱালী অসুস্থ হৈ চিকিৎসাধীন হৈ থকাত চিন্তিত ৰাইজে মহকুমা প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে ।

উল্লেখ্য যে গাঁওখনৰ এখন দোকানৰ পৰা ক্ৰয় কৰা বুট মগুত কিবা বিসংগতি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । এই ক্ষেত্ৰত মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

Also Read: দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী