ঢকুৱাখনাত শিক্ষক-শিক্ষাৰ্থী সমানুপাতিকৰণত বিসংগতি

ঢকুৱাখনাত শিক্ষক-শিক্ষাৰ্থী সমানুপাতিকৰণত বিসংগতি

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত শিক্ষক-শিক্ষাৰ্থী সমানুপাতিকৰণত বিসংগতি

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা বিভাগৰ অদূৰদৰ্শী নীতি আৰু ঠুনুকা প্ৰশাসনীয়  ব্যবস্থাৰ সুৰুঙা লৈ ঢকুৱাখনা মহকুমাত অধঃপতনে গৈছে চৰকাৰী প্ৰাথমিক শিক্ষা ব্যৱস্থা । মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ লগতে বিদ্যালয় সমূহৰ উপ পৰিদর্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত মুঠ ৫১ খন প্ৰাথমিক বিদ্যালয় এগৰাকী মাত্ৰ শিক্ষকৰ জৰিয়তে পৰিচালিত হৈ আহিছে। 

Advertisment

মহকুমাটোৰ প্ৰাথমিক বিদ্যালয় সমূহত মাহ মাহ ধৰি দেখা দিয়া এনে শিক্ষক বিহীন অৱস্থাৰ জোৰা মাৰিবলৈ শিক্ষকৰ ব্যাপক অভাৱে দেখা দিয়া বুলি শিক্ষা বিভাগে জানিবলৈ দিলেও বহু ক্ষেত্ৰত বক্র পথেৰে একাংশ শিক্ষক অতিৰিক্ত ভাবে সুবিধাজনক শিক্ষানুষ্ঠানত  নিযুক্ত হৈ থকাৰো অভিযোগ অতি পুৰণি। শেহতীয়াকৈ শিক্ষা বিভাগে অতিৰিক্ত ভাবে সংলগ্ন হৈ থকা শিক্ষক সকলক নিজৰ নিজৰ "দাইছ" নম্বৰ যুক্ত কৰ্মথলীলৈ  উভতি যোৱাৰ বাবে দিয়া কঠোৰ নিৰ্দেশনা ভিত্তিত এনেবোৰ শিক্ষক পূৰ্বৰ কৰ্মথলীলৈ উভতিছে ।

কিন্তু  ঢকুৱাখনা নগৰৰ একাংশ বিদ্যালয়ত শিক্ষাৰ্থী অনুপাতে শিক্ষকৰ সংখ্যাধিক্য হোৱাৰ অন্য এক  তথ্য উপলব্ধ হৈছে। এইক্ষেত্ৰত ঢকুৱাখনা নগৰ আমকতিয়া প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৮৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা হ'ল ৬ গৰাকী । ৫০০ নং কোঁৱৰহতিয়া  প্ৰাথমিক বিদ্যালয়ত ৪২ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা হ'ল ৩ গৰাকী। মানিকপুৰ  প্ৰাথমিক বিদ্যালয়ৰ মুঠ ৬৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা হ'ল ৪ গৰাকী ,সাহাদেৱ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ মুঠ ২০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে নিযুক্ত শিক্ষকৰ সংখ্যা হল ৩ গৰাকী ।

শিক্ষক শিক্ষাৰ্থীৰ সমানুপাতিকৰণ নীতিৰ পৰিপন্থী হোৱাৰ পাছতো এনেবোৰ নগৰীয়া  বিদ্যালয়ত শিক্ষকৰ প্ৰাদুৰ্ভাবৰ বিপৰীতে গ্রামাঞ্চলিয় শিক্ষানুষ্ঠান সমূহত ব্যাপক  অভাৱে দেখা দিছে।  নগৰৰ মাজ মজিয়াত অৱস্থিত  সুবিধাজনক বিদ্যালয়ত সেৱা আগবঢ়াবলৈ অহেতুক আগ্ৰহী এনেবোৰ শিক্ষকৰ ওপৰত শিক্ষা  বিভাগৰ কাৰ্যালয়ৰ  এচাম বিষয়া কৰ্মচাৰীৰ কৃপা দৃষ্টি থকা বুলিও হাতে বাটে ব্যাপক চৰ্চা চলে। 

শিক্ষা বিভাগৰ ভিতৰতে দেখা দিয়া  এনে ক্ৰুটি বিচ্যুতিৰ  অৱসান ঘটাই শিক্ষক শিক্ষাৰ্থীৰ ১ : ৩০ অনুপাতত শিক্ষকক নিযুক্তিৰে সুদীর্ঘ দিনীয়া অভাৱ সমস্যাটোৰ আংশিক সমাধান কৰাৰ দাবী জনাইছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ আৰু  ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । 

পৰিষদৰ সভাপতি জীৱন গগৈ ,সম্পাদক অতুল চুতীয়া , শিক্ষক সন্মিলনীৰ  সভাপতি পৰমা কোঁৱৰে  মহকুমাটোৰ  প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নীত কৰি গুণগত মানৱ সম্পদ সৃষ্টি কৰাত সহায়ক হোৱাৰ স্বাৰ্থত শীঘ্ৰেই শিক্ষক বিহীন শিক্ষানুষ্ঠান সমূহত পৰ্য্যাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি তাৎক্ষণিক ভাবে "ৰেচনেলাইজ" প্ৰক্ৰিয়া সম্পন্ন কৰাৰো দাবী জনায় ।

আৰু পঢ়ক: অৰুণাচলত কেনেকৈ মৃত্যু হ'ল অসমৰ চাৰি যুৱকৰ?ৱেষ্ট কামেঙৰ উপায়ুক্তই কৰিছে ঘটনাৰ পৰ্যবেক্ষন…

assam dhakuakhana