অৰুণাচলত কেনেকৈ মৃত্যু হ’ল অসমৰ চাৰি যুৱকৰ?ৱেষ্ট কামেঙৰ উপায়ুক্তই কৰিছে ঘটনাৰ পৰ্যবেক্ষন…

অৰুণাচলত কেনেকৈ মৃত্যু হ’ল অসমৰ চাৰি যুৱকৰ?ৱেষ্ট কামেঙৰ উপায়ুক্তই কৰিছে ঘটনাৰ পৰ্যবেক্ষন…

ডিজিটেল সংবাদ নগাঁও : অৰুণাচলৰ ঘন কুঁৱলীয়েই প্ৰাণ কাঢ়ি নিলে নেকি অসমৰ চাৰি যুৱকৰ ? সন্দেহ কৰা মতে প্ৰচণ্ড কুৱলীৰ বাবে পথ ধৰিব নোৱাৰি অৰুণাচলৰ জিঅ'ৰ নিচিফুৰ কেকুৰীত শিলৰ পাহাৰৰ তলত বাগৰি পৰিছিল এ এছ ০১ বিপি ০৬০৫ নম্বৰৰ গাড়ী খন ৷

ব্লু কালাৰৰ ভল্ক্সৱাগেন গাড়ীখন ওপৰৰ পৰা শিলৰ পাহাৰৰ তলত পৰি যোৱাত নগাঁও লাওখোৱা ৰোডৰ বেদান্ত বৰমাহেলা(৩০), নগাঁৱৰ কন্দলিৰ নয়ন বসুমতাৰী, সোনাপুৰৰ হিৰক বড়ো আৰু তেজপুৰ ৰঙাপাৰাৰ সঞ্জীব দাসৰ মৃত্যু হয় ৷ অৰুণাচলৰ নিচিফুৰ শিলৰ পাহাৰৰ প্ৰায় চাৰিশ ফুট তলত চাৰি বন্ধুৰ মৃতদেহ সিঁচৰিত হৈ পৰি ৰয় ৷ ইফালে শিলৰ পাহাৰৰ নামনিলৈ বাগৰি পৰা গাড়ীখন চকুৰে মনিব নোৱাৰা স্হানত শিলত থেকা খাই ৰৈ পৰে ৷

১৯ জুলাইত অৰুণাচললৈ ফুৰিবলৈ যোৱাৰ পিছত সন্দেহ কৰা মতে ঘন কুৱঁলীৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত শোঁকাবহ মৃত্যুক সাৱতি লোৱা বেদান্ত , নয়ন , হিৰক , সঞ্জীবৰ মৃতদেহ উদ্ধাৰৰ বাবে এন ডি আৰ এফৰ এটা দল মৃতদেহ পৰি থকা স্হানত উপস্হিত হৈ অভিযান অব্যাহত ৰাখিছে ৷ উদ্ধাৰ অভিযানৰ সময়ত পুৱা ঘন কুৱলীয়ে সমস্যাৰ সৃষ্টি কৰিছিল ৷

পুৱা ১০ বজাৰ পিছতহে এন ডি আৰ এফে অভিযান আৰম্ভ কৰিব পাৰিছিল ৷ স্হানীয় ৱেষ্ট কামেঙ জিলাৰ উপায়ুক্তও উক্ত স্হানত উপস্হিত হৈ মৃতদেহ উদ্ধাৰ অভিযান পৰ্যবেক্ষন কৰিছে বুলি জানিব পৰা গৈছে ৷ অৰুণাচল আৰক্ষীৰ এটা দলকো উক্ত উদ্ধাৰ অভিযানত নিয়োজিত কৰিছে ৷

শিলৰ পাহাৰত সিচঁৰিত হৈ থকা মৃতদেহ কেইটা এন ডি আৰ এফে উদ্ধাৰ কৰিব পাৰিব যদিও চকুৰে মনিব নোৱাৰা স্হানত পৰি ৰোৱা বিধস্ত গাড়ীখন উদ্ধাৰৰ সম্ভৱনা কম ৷ প্ৰথম অৱস্হাত এই দূৰ্ঘটনা স্হলীৰ কাষতে পাহাৰৰ নামনিৰ প্ৰায় দুশ মিটাৰ তলত এখন বিধস্ত গাড়ী প্ৰত্যক্ষ কৰি চাৰি বন্ধুয়ে ব্যৱহাৰ কৰা গাড়ীখন বুলি সন্দেহ কৰা হৈছিল যদিও পিছত অভিযানকাৰী দলে এ এছ ০১ বিপি ০৬০৫ নম্বৰৰ গাড়ীখন নহয় বুলি নিশ্চিত কৰে ৷

প্ৰথম গাড়ীখন পূৰ্বে দুৰ্ঘটনাত পতিত কুইট গাড়ী বুলি নিশ্চিত হয় ৷ পথৰ পৰা গাড়ীখন তললৈ পৰি যোৱাত গাড়ীৰ ভিতৰৰ পৰা চাৰি বন্ধু চিটিকি ওলাই পৰিছিল আৰু শিলত এচাৰ খাই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে অৰুণাচল আৰক্ষীয়ে ৷

আনহাতে সুদক্ষ বাইক ৰাইদাৰ বেদান্ত বৰমাহেলা আছিল ঘৰৰ এক মাত্ৰ সন্তান ৷ লাওখোৱা ৰোডৰ মলিকান্ত বৰমাহেলা আৰু গীতাৰানী বড়োৰ একমাত্ৰ সন্তান বেদান্তৰ মৃত্যুত শোঁকৰ ছা পৰিছে নগাঁৱত ৷ পিতৃ মলিকান্ত বৰমাহেলা শয্যাগত হৈ থকাত পুত্ৰৰ শোঁকাবহ মৃত্যুৰ বতৰা দিয়া হোৱা নাই ৷ ইফালে পুত্ৰৰ সন্ধানত মাতৃ গীতাৰানী বড়ো অৰুণাচলৰ ঘটনাস্হলীত উপস্থিত হৈছে ৷

প্ৰাৰম্ভিক পৰ্যায়ত অৰুণাচল আৰক্ষীয়ে এই ঘটনা ঘন কুৱলীৰ বাবে হোৱা দুৰ্ঘটনা বুলিয়ে সন্দেহ কৰিছে যদিও বেদান্ত,নয়ন, হীৰক ,সঞ্জীবৰ মৃতদেহ পাহাৰৰ নামনিৰ পৰা উঠাই অনাৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰন জানিব পৰা যাব ৷ অৰুণাচল আৰক্ষীয়ে মৃতদেহ কেইটা বালিপাৰালৈ আনি মৰনোত্তৰ পৰীক্ষা কৰি তাৰ পিছত নগাঁও আৰক্ষী আৰু পৰিয়ালক গতাই দিব বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in