/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/drugs-1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত ঘিলামৰা আৰক্ষীয়ে শনিবাৰে এক অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ হাতে লোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ঘিলামৰা আৰক্ষীয়ে গোপন সূত্ৰে ড্ৰাগছ সৰবৰাহ কৰাৰ সম্ভেদ লাভ কৰি গোগামুখ -ঘিলামৰা ৰাজ্যিক ঘাই পথৰ বৰদৈ অংশৰ নিৰিবিলি ধাবাৰ সমীপত শনিবাৰে বিয়লি ১ বজাত নাকা তালাচী অভিযান চলায়।
ঘিলামৰা থানাৰ অচি চন্দন দাস আৰু উপ পৰিদর্শক হেমন্ত কোঁৱৰৰ নেতৃত্বত চলোৱা অভিযান কালত এ এছ ০৭ – জি -৫২১১ নম্বৰৰ এখন মাৰুটি ৮০০ গাড়ীত লুকুৱাই অনা অৱস্থাত মুঠ ৫ টা ড্ৰাগছৰ কন্তেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰে ৪ টা কন্তেইনাৰত প্ৰায় ৫ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীয়ে।
আৰক্ষীয়ে বাহনখনত অহা দুই সৰবৰাহকাৰী ক্ৰমে ঢকুৱাখনা বালি গাঁওৰ মৃদুল কুমাৰ বৰাৰ পুত্ৰ হৃদয় কুমাৰ বৰা (২৭) আৰু ঢকুৱাখনা হুজ গাঁওৰ হীৰা দাসৰ পুত্ৰ ৰাজু দাস (৩১) ক গ্ৰেপ্তাৰ কৰি বাহন সহ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ঘিলামৰা আৰক্ষী থানাৰ দুই কৰ্মপটু আৰক্ষী বিষয়াৰ এনে তৎপৰতাৰ শলাগ লৈছে ঘিলামৰা আৰু ঢকুৱাখনাবাসীয়ে। এই সন্দৰ্ভত সঠিক তদন্ত চলাই এই নিষিদ্ধ বেপাৰৰ সতে জড়িত বহু ব্যক্তি ৰঙা ঘৰৰ আলহী হোৱাটো নিশ্চিত হৈছে।
আৰু পঢ়ক: তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা