/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e004e468-ef0e-4d02-82d9-8aadc7635562/fd.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: কৃষিপ্ৰধান ঢকুৱাখনা মহকুমাৰ কৃষিজীৱী ৰাইজৰ মেৰুদণ্ড ভঙা এক দুষ্কাৰ্যই বিগত কেইবা মাহ ধৰি আচ্ছন্ন কৰি আহিছে । পশুপালন কিম্বা খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰি অহা মহকুমাটোৰ শ্ৰমজীৱী খাটি খোৱা ৰাইজৰ পশুধন চোৰৰ নিৰ্বিচাৰ তাণ্ডৱে মেহনতি ৰাইজৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে।
প্ৰধানকৈ ঢকুৱাখনাৰ গ্রামাঞ্চলৰ কৃষিজীৱী ৰাইজৰ মূলধন স্বৰূপ গৰুৰ এখন মুকলি চোৰাং বেহা সুদীৰ্ঘ দিন ধৰি চলি আহিছে । মহকুমাটোৰ বহু গ্ৰাম্য গোপন পথেৰে মিনি ট্ৰাকত উঠাই চোৰাং গৰুৰ জাক ব্ৰহ্মপুত্ৰৰ বুকুৰে পাৰ কৰি এক ৰমৰমীয়া বেহা চলাই আহিছে এক দুষ্ট মুনাফা লোভী চক্ৰই।
তাৰোপৰি এনে চক্ৰই গৃহস্থৰ ঘৰৰ চৌহদত অথবা পাম ঘৰত নিশা আৰু পুৱতি নিশা প্ৰৱেশ কৰি পশুধন চোৰ কৰি গোপনে ব্ৰহ্মপুত্ৰ পাৰ কৰি চহা ৰাইজৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। বিগত প্ৰায় এটা মাহত অৰ্ধ শতাধিক এনে গৰু চোৰৰ ঘটনা সংঘটিত হৈ আহিছে মহকুমাটোৰ বিভিন্ন গ্ৰাম্যাঞ্চলত।
সৰ্বশ্ৰান্ত হৈছে বহু কৃষক। গৰু চোৰৰ এনে নিৰ্বিচাৰ তাণ্ডৱৰ বাবে কৃষিজীৱী জনতাৰ নিদ্ৰা শৰণ হোৱাই নহয় কৃষক ৰাইজ সৰ্বশ্ৰান্ত হৈ আহিছে । দৈনন্দিন দিবা নৈশ ব্ৰহ্মপুত্ৰৰ বুকুৰে দিচাং-টেকেলিফুটা আৰু চিকাৰী ঘাট আদি জলপথৰে মুকলিকৈ এনে চুৰি গৰুৰ দক্ষিণ পাৰলৈ সৰবৰাহ চলি আহিছে ।
একাংশ স্থানীয় অৰ্থলোভী দালালৰ জৰিয়তে এনে গোধনৰ অবৈধ সৰবৰাহ চলাই থকাৰ পাছতো নিৰ্বাক ঢকুৱাখনা আৰক্ষী । ঢকুৱাখনাৰ ফেৰী ঘাটত এনে চুৰি গোধনৰ চোৰাং আৰু অবৈধ বেহাখন আমিৰ নামৰ এটা মধ্যভোগীৰ জৰিয়তে অব্যাহত থকা বুলি মুকলি অভিযোগ উত্থাপিত হৈ আহিছে। এই ক্ষেত্ৰত আৰক্ষীৰ সোপাধিলা স্থিতিৰ সুযোগ লৈ এতিয়া গ্রামাঞ্চলৰ পশুধনৰ দৈনিক চুৰি কাৰ্য সংঘটিত হৈ আহিছে ।
শেহতীয়া ভাবে মহকুমাটোৰ বালি দেউৰী গাঁওত সোমবাৰে পুৱতি নিশা এটা গৰু চোৰৰ দলে কৃষকৰ গোহালিৰ পৰা গৰু চোৰৰ প্ৰয়াস চলাই যদিও গৃহস্থৰ সজাগতাৰ বাবে এবাৰলৈ ৰক্ষা পৰে। জনামতে যোৱা নিশা প্ৰায় ৪বজাত এই চুৰি কাণ্ড সংঘটিত কৰাৰ সময়তে গৃহস্থই গম পাই চোৰক খেদা ধৰে । পাছত ৰাইজক অৱগত কৰাত ৰাইজে অশেষ চেষ্টা চলায়ো চোৰৰ সম্ভেদ উলিয়াবলৈ সক্ষম নহল যদিও হাবিৰ মাজত পৰিত্যক্ত অৱস্থাত এখন নম্বৰপ্লেট বিহীন "টি ভি এছ আপাছে"বাইক উদ্ধাৰ কৰে।
পাছত এই সন্দৰ্ভত সোনাৰী চাপৰি আৰক্ষী চকীত অৱগত কৰে ৰাইজে ।কিন্তু আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈছিল যদিও চোৰৰ বুলি সন্দেহ কৰা বাইকখন ক্ষুব্ধ ৰাইজে জ্বলাই ভস্মীভূত কৰে।ক্ষুব্ধ ৰাইজে জনোৱা মতে বিগত বহু দিন ধৰি এনে গৰু চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ আহিছে অঞ্চলটোৰ কৃষক ।
কৃষক ৰাইজক সৰ্বশ্ৰান্ত কৰি অহা এনে চোৰৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ সতৰ্ক দৃষ্টি দি অহা বুলি কৈ এই ক্ষেত্ৰত আৰক্ষীৰ নিয়মীয়া তহল আৰু তৎপৰতা দাবী জনাইছে । উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ নদীপথেৰে দৈনিক চোৰাং গৰুৰ সৰবৰাহ হোৱা অবৈধ বেহাখন ৰোধ নকৰিলে মহকুমাটোত কৃষকৰ পশুধনৰ চুৰি কাৰ্য যে অব্যাহত থাকিব সেয়া ধুৰূপ। এই ক্ষেত্ৰত এই অবৈধ বেহাৰ লগত জড়িত সকলক চিনাক্ত গ্ৰেপ্তাৰ কৰাটো মহকুমাটোৰ চহা ৰাইজে দাবী জনাইছে আৰক্ষী প্ৰশাসনক।
Also Read: কলিয়াবৰত জৈৱিক কৃষি কৰ্মৰে আদৰ্শ দাঙি ধৰিছে খেতিয়ক লক্ষীৰাম ৰংফাৰে