ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ঠিকাদাৰৰ মইমতালি

ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ঠিকাদাৰৰ মইমতালি

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ঠিকাদাৰৰ মইমতালি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাবাসী তিনি লক্ষাধিক নাগৰিকৰ এক সপোন। যাৰ সৈতে সম্পৃক্ত হৈ আছে মহকুমাবাসীৰ স্বাস্থ্য সুৰক্ষা জনিত বহুমূলীয়া প্ৰশ্ন।  মহকুমাবাসীৰ বাবে বহু প্ৰত্যাক্ষিত এই সপোনক লৈয়ে এতিয়া এজন ঠিকাদাৰৰ নিকৃষ্ট মইমতালি আৰু দৌৰাত্ম্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

উত্থাপিত হৈছে চৰকাৰী ভাবে ৰূপায়িত এই অভিলাসী আঁচনিৰ নামত ভয়ংকৰ অনিয়ম দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ। ঢকুৱাখনাৰ সচেতন মহলে উত্থাপন কৰা অভিযোগ মতে ঢকুৱাখনা মহকুমা সদৰত সকলো সা-সুবিধা বিশিষ্ট এখন মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আবন্টন হৈছিল পুঁজি।

সেই অনুক্ৰমে যোৱা ২০২৩ বর্ষৰ ২ জুনত সাংসদ প্ৰদান বৰুৱা,তদানীন্তন লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বাৱনৰ উপস্থিতিত ঢকুৱাখনাৰ বিধায়ক নৱ দলেযে আধাৰশিলা স্থাপন কৰিছিল। বৰ্তমানৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত  বিধায়ক দলেৰ আধাৰশিলা স্থাপনৰ পৰৱৰ্তী সময়ত নিৰ্মাণ সংস্থাই যি দায়িত্বহীন আৰু লেহেমীয়া গতিৰে কাম চলাই আহিছে তাক লৈ মহকুমাবাসী সামান্যতমো সন্তুষ্ট নহয়। কাৰণ  অতি ধীৰ আৰু স্থবিৰ গতিৰে নিৰ্মাণ কাৰ্য চলাই যোৱাৰ সমান্তৰাল ভাৱে নিৰ্মাণ কাৰ্য ক্ৰুটিপূৰ্ণ হোৱাৰ অভিযোগ উঠিছে ।

নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী নিম্ন মানদণ্ডৰ হোৱাৰ লগতে অতি পালমৰা নীতি গ্ৰহণ কৰি ঢকুৱাখনাবাসীৰ আশাত  চেঁচা পানী পেলোৱাৰ উপক্ৰম ঘটোৱাৰ লগতে চৰকাৰী  অভিলাসী আঁচনিখনলৈ ভয়াবহ অনিশ্চয়তা আহি পৰাৰ সম্ভাৱনাই দেখা দিছে।  তাৰোপৰি চিকিৎসালয়খন নিৰ্মাণত বহু সময়ত স্থানীয়ভাৱে উপলব্ধ নিম্ন মানৰ বালিহে ব্যৱহাৰ কৰাৰো অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে।

এনেদৰে সীমাহীন অনিয়ম আৰু বেপৰোৱা নীতিৰে নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয়খনৰ ক্ষেত্ৰত সংঘটিত হৈ অহা প্ৰাককলন বৰ্হিভূত কাৰ্য নিয়ন্ত্ৰণত দাবী জনাইছে ৰাইজে। এই ক্ষেত্ৰত আঁচনিখনৰ দায়িত্ব প্ৰাপ্ত লোকনিৰ্মান বিভাগৰ (গৃহ) লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰিকৰী বিভাগক সঠিক  নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ বাবে মহকুমাবাসীয়ে দাবী জনাইছে।

Also Read: আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে বনভোজকাৰী দলক