৫০টা প্ৰজাতিৰ থলুৱা আমৰ প্ৰদর্শনেৰে ঢকুৱাখনাত আম মেলা-২০২২

৫০টা প্ৰজাতিৰ থলুৱা আমৰ প্ৰদর্শনেৰে ঢকুৱাখনাত আম মেলা-২০২২

author-image
asomiyapratidin
New Update
৫০টা প্ৰজাতিৰ থলুৱা আমৰ প্ৰদর্শনেৰে ঢকুৱাখনাত আম মেলা-২০২২

ডিজিটেল সংবাদ ,ঢকুৱাখনা : কোৱা হয় আম হ'ল ফলৰ ৰজা ।  ঋতুকালীন এই ৰজা ফল আমৰ বহু সংখ্যক থলুৱা অপৰিচিত প্ৰজাতিৰ স'তে ফল ৰসিক ব্যক্তিক পৰিচয় কৰি দিয়াৰ লগতে থলুৱা আমৰ এখন বহনক্ষম বজাৰ সৃষ্টিৰ উদ্দেশ্যেৰে দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় আম মেলা-২০২২ ।

Advertisment

ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত উপলব্ধ বিভিন্ন থলুৱা  প্ৰজাতিৰ সুস্বাদু সুমিষ্ঠ  আমৰ প্ৰদর্শনেৰে দেওবাৰে অনুষ্ঠিত হৈছে এই তৃতীয় বর্ষৰ আম মেলা ২০২২ । ঢকুৱাখনা আৰু ধেমাজিৰ লগতে পাৰ্শ্বৱৰ্তী বগীনদী অঞ্চলত সহজলভ্য আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ  বিভিন্ন আম যেনে মাটি আম , চেনী আম , টেটেলি আম , বগী আম , শেঁতা আম আদি প্ৰায় ৫০ থলুৱা প্ৰজাতিৰ আমৰ প্ৰদর্শেনেৰে ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত হৈছে এই আম মেলা ২০২২।

থলুৱা সম্পদ সংৰক্ষণ সমিতি ,অসম , চি বি ই এছ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ  উদ্যোগত  বিগত দুটা বর্ষৰ দৰে   ঢকুৱাখনাত তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱা এই আম মেলা ২০২২ লৈ সুমিষ্ঠ আমৰ জুতি লবলৈ আগমন ঘটিছে বহু  সংখ্যক ৰাইজৰ  ।

সচৰাচৰ বজাৰত উপলব্ধ ব্যৱসায়িক ভিত্তিত ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে উৎপাদন কৰা আমৰ তুলনাত বহুগুণে নিৰোগী ,সুস্বাদু আৰু স্বাভাৱিক জৈৱিক পদ্ধতিৰে উৎপাদন কৰা থলুৱা আমৰ এই বিশেষ মেলাৰ সতে সংগতি ৰাখি অন্য থলুৱা জৈৱিক সম্পদ ধান পুৰীয়া কঁঠাল ,পাত কঁঠাল ,নহৰু পতিয়া কঁঠাল ,চেনী কঁঠাল , ভদিয়া কঁঠাল , আহিনীয়া কঁঠাল ,চাম কঁঠাল , বৰটেঙা , মৈ টেঙা ,জোল টেঙা ,জৰা কাজি আদি ভিন্ন প্ৰজাতিৰ টেঙা , বৰ থেকেৰা , কুঁজী থেকেৰা , কাও থেকেৰা ,টেপৰ টেঙা আদি ভিন্ন জাতৰ থেকেৰা,  আঙুলিয়া হালধি , দৰা ধৰা হালধি , কলা হালধি , আম হালধি , গৰু নোওৱা হালধি , কেতুৰী হালধি আদি ভিন্ন প্ৰজাতিৰ হালধি ,  ভীম ,আঠিয়া , জাতি ,কেতেকী হোণ্ডা , বগী মনোহৰ , শিমলু মনোহৰ ,ফেঁচা মনোহৰ ,বন কল , চেনী কল আদি ভিন্ন প্ৰজাতিৰ কলকে ধৰি বিভিন্ন থলুৱা জৈৱ সম্পদৰ মুকলি প্রদর্শনীও অনুষ্ঠিত কৰা হয় ।

দেওবাৰে  পুৱা গছপুলি ৰোপণ , প্ৰদৰ্শনীৰ  দ্বাৰ উন্মোচন  ,বিপনিৰ দ্বাৰ উন্মোচন ,অতিথি আদৰণি আৰু আম মেলাৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত চমু অবলোকণমূলক কাৰ্যসূচীৰে শুভাৰম্ভ হয় । পৰৱৰ্তী সময়ত" বহনক্ষম ভৱিষ্যতৰ বাবে থলুৱা জৈৱিক সম্পদ সমূহক জৈৱিক অৰ্থনীতিলৈ ৰূপান্তৰৰ প্ৰয়োজনীয়তা " শীৰ্ষক এক গৱেষণা মূলক কৰ্মশালা অনুষ্ঠিত হয় । ডঃ হিতেন্দ্ৰ কুমাৰ দত্তই  উদ্ধোধন কৰা এই মনোজ্ঞ কৰ্মশালা সঞ্চালনা কৰে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰবাল শইকীয়াই । কৰ্মশালাত  মুখ্য অতিথি হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে  অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বি চি ডেকাৰ হৈ প্ৰতিনিধিত্ব কৰা লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ  ডঃ উমানন্দ তামুলীয়ে ।

কৰ্মশালাত  সমল ব্যক্তি হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়াই কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক ডঃ হিতেন্দ্ৰ কুমাৰ দত্ত , ধেমাজি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অন্ন জ্যোতি গগৈ আদিয়ে। পৰিবেশ মিত্ৰ দেৱজিত ফুকন , বিশিষ্ট  উদ্ভাৱক ,গৱেষক তথা পৰিবেশ কৰ্মী জিতুল শইকীয়া আদিও উপস্থিত থাকে। বিয়লি স্থানীয় প্ৰগতিশীল কৃষক , শিক্ষাৰ্থী ,গৱেষক আৰু পৰিবেশ কৰ্মী সকলৰ সতে বিশিষ্ট  কৃষি বিজ্ঞানী সকলৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

আৰু পঢ়ক: বৰ্ন্যাতৰ কাষত নগাঁৱৰ শৈক্ষিক প্ৰতিষ্ঠান

assam dhakuakhana