মাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা! ১ এপ্ৰিলৰ পৰা ১৪৪ ধাৰা

বৃহস্পতিবাৰে ডি এম জে-২-২০১৭/ ২৬৪ নং এক নিৰ্দেশনা যোগে সমগ্ৰ মহকুমাটোত ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
মাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা! ১ এপ্ৰিলৰ পৰা ১৪৪ ধাৰা

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন নৈ ,বিল, খাল ,জলাশয় আদিত থলুৱা প্ৰজাতিৰ মাছ ধৰা ,মাছ মৰা ,বিক্ৰী আৰু সৰবৰাহ আদি সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰিছে মহকুমা প্ৰশাসনে । ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা জিলা অতিৰিক্ত কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই বৃহস্পতিবাৰে ডি এম জে-২-২০১৭/ ২৬৪ নং এক নিৰ্দেশনা যোগে সমগ্ৰ মহকুমাটোত  ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

Advertisment

অহা ১ এপ্ৰিলৰ পৰা ১৫ জুলাই পৰ্যন্ত এই কাল চোৱাত বৰজাল, মহাজাল, ফাঁচীজাল আদি ব্যৱহাৰ কৰি থলুৱা কণী যুক্ত মাছ ,কাছ আদি ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে।  অসম মীন আইনৰ ধাৰা মতে থলুৱা প্ৰজাতিৰ মাছ কাছৰ  বংশ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই নিষিদ্ধ জাননী জাৰি  কৰিছে মহকুমা প্ৰশাসনে ।

প্ৰকৃতি সংগঠন মেগামিক্স প্ৰকৃতি সংঘয়ো এক বিবৃত্তি যোগে এই কাল চোৱাত থলুৱা মাছ কাছ নধৰি আৰু বিক্ৰী নকৰি এই সময়ছোৱাত বংশ বৃদ্ধি কৰাত সহযোগিতা কৰিবলৈ সকলোলৈকে আহ্বান জনাইছে ।

Also Read: পূজাৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল দুই বন্ধুৰ...