পূজাৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল দুই বন্ধুৰ...

বাসন্তী পূজাথলীৰ পৰা বাইকৰে ঘৰ অভিমুখে আহি থকা অৱস্থাত হাপাপাৰস্থিত গড়কাপ্তানী পথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী বাইকখনে খুন্দিয়াই গছত।

author-image
Asomiya Pratidin
New Update
পূজাৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল দুই বন্ধুৰ...

ডিজিটেল সংবাদ,চাপৰঃ চাপৰৰ শালকোচাত ভয়ংকৰ পথ দুৰ্ঘটনা। মাজনিশা বাসন্তী পূজাথলীৰ পৰা বাইকৰে ঘৰ অভিমুখে আহি থকা অৱস্থাত হাপাপাৰস্থিত গড়কাপ্তানী পথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী বাইকখনে খুন্দিয়াই গছত।

Advertisment

দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী দুই বন্ধু। নিহত আৰোহী দুজন ক্ৰমে দেৱজিৎ ৰায় (২৭) গৌৰাং নগৰৰ বাসিন্দা, আৰু পবন চৌধুৰী (৩২) আগমনীৰ বাসিন্দা বুলি জানিব পৰা যায়। দুয়ো শালকোচাৰ এখন ইটা উদ্যোগত কৰ্মৰত আছিল।

দেৱজিৎ ৰায়ে পত্নীসহ এগৰাকী ৫ মহীয়া কন্যা শিশু এৰি থৈ যায়। আনপিনে পবন চৌধুৰী পৰিয়ালত পত্নী সহ ৬মহীয়া কন্যা সন্তান আছে। উক্ত ঘটনায় সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 17 N 3158 । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰু বাইক খন উদ্ধাৰ কৰে। দুয়োৰে মৃতদেহ শুকুৰবাৰৰ দিনা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিব।

Also Read: অসমীয়াই নুবুজিলে উপেন্দ্ৰ নাথ ব্ৰহ্মক...

road accident