ঢকুৱাখনাত তথ্য জনাৰ আইন উলংঘাৰে পঞ্চায়ত সচিবৰ দৌৰাত্ম্য,৫ মাহেও নাপালে তথ্য

স্বচ্ছ নিকা আৰু সুশাসনৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এগৰাকী পঞ্চায়ত সচিবৰ নেতৃত্বত ব্যাপক অপশাসন চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ঢকুৱাখনাত তথ্য জনাৰ আইন উলংঘাৰে পঞ্চায়ত সচিবৰ দৌৰাত্ম্য,৫ মাহেও নাপালে তথ্য

ডিজিটেল সংবাদ, ঢকুৱাখনা: স্বচ্ছ নিকা আৰু সুশাসনৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এগৰাকী পঞ্চায়ত সচিবৰ নেতৃত্বত ব্যাপক অপশাসন চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ শিঙিয়া গাঁও পঞ্চায়তৰ সচিব জয়ন্ত পেগুৱে পঞ্চায়তখনত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি অনিয়ম গাপ দিবলৈ তথ্য জনাৰ আইনকো পদপিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উত্থাপিত অভিযোগ মৰ্মে পঞ্চায়তখনৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা জ্যোতি প্ৰসাদ হাজৰিকাই গৃহ ৱাৰ্ডৰ অন্তৰ্গত ইন্দিৰা আৱাস যোজনা আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ আৱন্তন লাভ কৰা হিতাধিকাৰীৰ ২০১১ চনৰ পৰা ২০২২ চন পৰ্যন্ত তালিকা আৰু আনুসংগিক তথ্য বিচাৰি ২০২২ চনৰ ২৬ জুলাইত এক আবেদন কৰিছিল তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে।

দৰিদ্ৰ সীমা ৰেখাৰ তলৰ আবেদনকাৰী গৰাকীৰ আবেদন অনুসৰি ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ে ২৮ জুলাইত এক বিভাগীয় পত্ৰ যোগে বিচৰা তথ্য আবেদনকাৰীক নিৰ্দ্ধাৰিত সময়ত যোগান ধৰাৰ নিৰ্দেশ দিছিল সচিব পেগুক । পিছে এইগৰাকী দাম্ভিক সচিবে উক্ত নিৰ্দেশনালৈ গুৰুত্ব নিদি আজি প্ৰায় ৫ মাহে প্ৰকাশ্যে উক্ত বিচৰা তথ্য আবেদনকাৰীক প্ৰদান নকৰিলে।

এগৰাকী সচিবৰ এনে বেপৰোৱা আচৰণ আৰু আইন উলংঘাকাৰী নীতিৰ সন্দৰ্ভত ইতিমধ্যে আবেদনকাৰী গৰাকীয়ে ঢকুৱাখনা মহকুমাধিপতিক যোৱা বর্ষৰ ১০ অক্টোবৰত লিখিত অভিযোগ দাখিল কৰাৰ সমান্তৰাল ভাৱে লখিমপুৰ জিলাৰ উপায়ুক্তকো যোৱা বর্ষৰ ১৬ নৱেম্বৰত এই আইন অমান্যকাৰী ভূমিকা সন্দৰ্ভত লিখিত অভিযোগ দি অৱগত কৰে।

মহকুমাধিপতি গৰাকীৰ লগতে উপায়ুক্ত গৰাকীয়ে যোৱা ১৮ নৱেম্বৰত এল জি এ /১/২০২২/আৰ টি আই /২৯৭ নম্বৰ নিৰ্দেশনা যোগে নিৰ্ধাৰিত সময়ত তথ্য ব্যক্তিগত ভাবে যোগান ধৰাৰ নিৰ্দেশ দিয়ে । কিন্তু জিলাধিপতিৰ নিৰ্দেশলৈকো কেৰেপ নকৰি এখন পঞ্চায়ত আৰু উন্নয়ন খণ্ডত উপলব্ধ এই চৰকাৰী আঁচনিৰ তথ্য প্ৰদানৰ বেলিকা এইগৰাকী বেপৰোৱা সচিবে কোনো গুৰুত্ব আৰোপ নকৰিলে। বৰঞ্চ সচিব পেগুৱে খণ্ড উন্নয়ন বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ নিৰ্দেশলৈ আঙ্গুষ্ঠ প্রদর্শন কৰাই নহয় ৰহস্যজনক কাৰণত তথ্য জনাৰ আইন-২০০৫ ক পদপিষ্ট কৰিলে।

উপায়ন্তৰ হৈ পুনৰ আবেদনকাৰী হাজৰিকাই উপায়ুক্তক বিষয়টো অৱগত কৰাত যোৱা ১০ ডিচেম্বৰত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰে বিভাগীয় অতিৰিক্ত উপায়ুক্তই। শুনানি কালত সচিব গৰাকীয়ে আবেদনকাৰী হাজৰিকাৰ সন্মুখতে অতিৰিক্ত উপায়ুক্ত গৰাকীক ২০১১ চনৰ পৰা বিচৰা তথ্য যোগান ধৰিব নোৱাৰো বুলি স্পষ্টভাৱে জানিবলৈ দি ২০১৬ চনৰ পৰাহে এই তথ্য দিবলৈ সক্ষম বুলি জনায়।

এই সন্দৰ্ভত আবেদনকাৰী হাজৰিকাই আপত্তি কৰি বিচৰা তথ্য সম্পূৰ্ণ ভাবে যোগান ধৰাৰ অবিহনে আংশিক তথ্য গ্ৰহণ নকৰাৰ স্পষ্ট সিদ্ধান্ত জনোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । মঙলবাৰে আবেদনকাৰী হাজৰিকাই জনোৱা মতে বিগত প্ৰায় ৫ টা মাহে বিভাগত উপলব্ধ চৰকাৰী আঁচনিৰ তথ্য যোগান নধৰাৰ অন্তৰালতে এই আঁচনিৰ বিপৰীতে সংঘটিত পৰ্বত সম দুৰ্নীতি অনিয়ম আৰু বিত্তীয় কেলেংকাৰী পোহৰলৈ অহাৰ  শংকা জড়িত হৈ আছে।

কেৱল পঞ্চায়তখনৰে নহয় ঢকুৱাখনা গ্ৰামোন্নয়ন বিভাগৰো বিষয়া কৰ্মচাৰীৰ বহু ভয়ংকৰ দুৰ্নীতিৰ পৃষ্ঠা পোহৰলৈ অহাৰ ভয়ত ত্ৰস্তমান সচিব গৰাকীয়ে এক শক্তিশালী চক্ৰৰ হস্তক্ষেপত এই আইন উলংঘাকাৰী পদক্ষেপ লোৱা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰাই নহয় এই ক্ষেত্ৰত শীর্ষ প্ৰশাসনিক আমোলা বিষয়া সকলেও নৰম ভূমিকা গ্ৰহণ কৰা বুলি সৰ্বত্ৰ চৰ্চা চলিছে ।

আৰু পঢ়ক: গুৱাহাটীত চাঞ্চল্য! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in