'মদ' অবিহনে অসাৰ অসম চৰকাৰ ! বিধানসভাত 'মদ'ৰ খতিয়ান...

'মদ' অবিহনে অসাৰ অসম চৰকাৰ ! বিধানসভাত 'মদ'ৰ খতিয়ান...
'মদ' অবিহনে অসাৰ অসম চৰকাৰ ! বিধানসভাত 'মদ'ৰ খতিয়ান...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অৰ্থনীতিৰ মূল ভেটি সুৰা ! সুৰাৰ পৰা অৰ্জন কৰা ৰাজহে ৰাজ্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে। এনেবোৰ কাৰণতেই হয়তো বাকী দিশসমূহ এৰি চৰকাৰে সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সুৰাৰ ওপৰত কৰ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে।

তথ্য অনুসৰি ২০১৬ চনত ৰাজ্যত বিজেপি নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিচত ৰাজ্যত দেশীয় সুৰাৰ দোকান আৰু বাৰৰ সংখ্যা বৃদ্ধি পাইছে ।বিধানসভাত বুধবাৰে কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দেৱব্ৰত শইকীয়াই দেশীয় সুৰাৰ দোকান আৰু বাৰ সম্পৰ্কে সোধা প্ৰশ্ন উত্তৰত এই তথ্য পোহৰলৈ আহিছে ।

তথ্য মতে, ৰাজ্যত ১৯৯০ চনত ৮৩ খন দেশীয় সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। সেই বছৰ বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল ২৯ খন। ১৯৯৬ চনত দেশীয় সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি কৰা হয় ২৬১ খনলৈ আৰু বাৰৰ সংখ্যা বৃদ্ধি কৰা হয় ৪৬ খন। বিজেপি চৰকাৰ অহাৰ পিছত ২০১৬ ত দেশীয় সুৰাৰ দোকান বৃদ্ধি কৰা হয় ১১১৬ খনলৈ আৰু বাৰৰ সংখ্যা বৃদ্ধি কৰা হয় ৪৭৩ খনলৈ।

আজি অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰা এক লিখিত প্ৰশ্নত আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া উত্তৰত এই কথা স্পষ্ট হৈছে। বিধায়ক দেৱব্ৰত শইকীয়াই আবকাৰী বিভাগৰ মন্ত্ৰীলৈ মুঠ ৬ টা প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ ভিতৰত প্ৰথম প্ৰশ্ন আছিল অসম চৰকাৰে নিজস্ব ৰাজহ বৃদ্ধি কৰিবলৈ আৱকাৰী বিভাগৰ মদৰ দোকান, বাৰ আদিৰ সংখ্যা বৃদ্ধি কৰাৰ কথাটো সঁচা নেকি? এই প্ৰশ্নৰ উত্তৰত পৰিমল শুক্ল বৈদ্যই কয়, অসম চৰকাৰে কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আবকাৰী বিভাগৰ মদৰ দোকান, বাৰ আদিৰ অনুজ্ঞাপত্র প্রদান নকৰে। অৱশ্যে জিলা উপায়ুক্তৰ বাস্তৱ উপযোগিতাৰ (Viability Report) ওপৰত ভিত্তি কৰি তথা ক্রমবর্ধমান নগৰীকৰণ, পর্যটন ক্ষেত্ৰৰ বিকাশ, জনসংখ্যা বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি নতুন অনুজ্ঞাপত্ৰৰ বিষয়ে বিবেচনা কৰা হয়।

২০০১ চনৰ পৰা মদৰ দোকান (IMFL'OFF')ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হোৱা নাছিল, কিন্তু জিলাসমূহৰ পৰা পোৱা প্ৰয়োজনীয়তাৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ২০২২ চনত অসমৰ কেইখনমান জিলাত মুঠ ১৪ খন মদৰ দোকানৰ (IMFL"OFF") অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও ২০২২-২৩ বৰ্ষৰ বাজেট অনুসৰি গাঁও অঞ্চলত থকা বাৰ (IMFL "ON") সমূহক মদৰ দোকান (IMFL "OFF") লৈ পৰিবৰ্তিত কৰিবলৈ সুযোগ প্রদান কৰা হয় ।

দ্বিতীয়টো প্ৰশ্ন আছিল ১৯৯০, ১৯৯৬, ২০১৬ চনৰ অন্তত মুঠ কিমানখন দেশীয় সুৰাৰ (IMFL) দোকান আৰু বাৰ আছিল? এই প্ৰশ্নৰ লগত তেওঁ তালিকাও বিচাৰে। সেই তালিকাৰ উত্তৰত পৰিমল শুক্লবৈদ্যই দুখন তালিকা প্ৰদান কৰে। চাওঁক সেই তালিকা

বিধায়ক দেৱব্ৰত শইকীয়াৰ আন এক প্ৰশ্ন উত্তৰত পৰিমল শুক্লবৈদ্যই কয়, বৰ্তমান অসমত ১৭০৮ খন বিদিশী সুৰাৰ দোকান আৰু ৮৬৩ খন বাৰ আছে। সেই অনুসৰি সৰ্বাধিক বিদেশী সুৰাৰ দোকান আছে কামৰূপ মহানগৰত। ৩২১ খন বিদেশী সুৰাৰ দোকান আছে গুৱাহাটীত।

এই তালিকাৰ দ্বিতীয় স্থানত আছে ডিব্ৰুগড় আৰু তৃতীয় স্থানত আছে তিনিচুকীয়া। ডিব্ৰুগড়ত আছে ১০৯ খন বিদেশী সুৰাৰ দোকান আৰু তিনিচুকীয়াত আছে ১০৪ খন বেদিশী সুৰাৰ দোকান।

আনহাতে সৰ্বাধিক বিদেশী সুৰাৰ বাৰ আছে কামৰূপ মেট্ৰত। জিলাখনত আছে ২২১ খন বাৰ। ডিব্ৰুগড়, লখিমপুৰ, গোলাঘাট আছে দ্বিতীয় আৰু তৃতীয় স্থানত। আটাইতকৈ কম বিদেশী সুৰাৰ দোকান আৰু বাৰ আছে দক্ষিণ শালমাৰাত। জিলাখনত আছে মাত্ৰ ১ খনকৈ বিদেশী সুৰাৰ দোকান আৰু বাৰ।

অতি পৰিতাপৰ কথাটো হ'ল সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ অভিলেখ গঢ়া ৰাজ্য চৰকাৰে নাজানে সুৰা সেৱনৰ ফলত এই পৰ্যন্ত কিমান লোকে প্ৰাণ হেৰুৱালে। বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত পৰিমল শুক্লবৈদ্যই কয়, অত্যাধিক মাদক দ্ৰৱ্য ব্যৱহাৰ কৰাৰ ফলত অসমত মৃত্যু হোৱা লোকৰ তথ্য চৰকাৰৰ হাতত নাই।

অথচ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিধানসভাত স্বীকাৰ কৰিছে অবৈধ সুৰা সেৱন কৰি বিভিন্ন সময়ত ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। এক প্ৰশ্নৰ উত্তৰত কয়, ২০১৬ চনত চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগেয়ে ৰাজ্যখনত মুঠ ১১১৬ খন বিলাতী সুৰাৰ দোকান, ৪৭৩ খন বিলাতী সুৰাৰ বাৰ আছিল ৷

ইয়াৰ লগতে ৫ টা আবকাৰী পণ্যাগাৰ আৰু ১৯৫ খন দেশীয় সুৰাৰ দোকান (মহল) আছিল । অবৈধভাৱে তৈয়াৰী মাদক দব্য সেৱন কৰি বিভিন্ন সময়ত ৰাজ্যখনৰ বহু ঠাইত মানুহ মৃত্যু মুখত পৰিছিল ।

কিন্তু এই চৰকাৰে ২০১৬ চনত দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সংবিধানৰ Directive Principles of State Policy অনুসৰি ৰাজ্যখনত মাদক দ্ৰব্যৰ ক্ষেত্ৰত বিভিন্ন ফলপ্রসূ পদক্ষেপ হাতত লৈছে । এনেধৰণৰ পদক্ষেপৰ জৰিয়তে পূৰ্বে চলি থকা ৫ টা আবকাৰী পণ্যাগাৰ আৰু ১৯৫ খন দেশীয় সুৰাৰ দোকান (মহল) বন্ধ কৰা হৈছে ৷

তদুপৰি সুৰাৰ গুণাগুণ পৰীক্ষা কৰিবলৈ আধুনিক ৰসায়নাগাৰ স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক চুলাই মদ ৰোধৰ বাবে অহৰহ কাৰ্যপন্থা হাতত লোৱা হৈছে । এই ক্ষেত্ৰত বিজ্ঞানসন্মত ভাবে আধুনিক কাৰখানাত তৈয়াৰী উচ্চ মানদণ্ডৰ দেশীয় সুৰা চাহিদা অনুযায়ী ৰাজ্যখনত প্ৰচলন কৰা হৈছে ।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সুৰাৰ বিৰুদ্ধে অভিযান চলাই মুঠ ৬৯,৪৯৮ টা গোচৰ ৰুজু কৰি ১৮,৬৩৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে। আবকাৰী আইন উলংঘাৰ বাবে মুঠ ১,১৮,০৩,১০৪.৯০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দিছে।

পৰিপূৰক প্ৰশ্নৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই লগতে জনায় আবকাৰী বিভাগত নতুনকৈ বিলাতী সুৰাৰ বিপনী ১১ খন জিলাত ক্ৰমে- লখিমপুৰ, চৰাইদেউ, শোণিতপুৰ, ধুবুৰী, ধেমাজী, হাইলাকান্দি, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, কামৰূপ (মহানগৰ) আৰু কাছাৰত দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, কাছাৰ, চৰাইদেউ আৰু লখিমপুৰত যথাক্রমে এখনকৈ আৰু শোণিতপুৰ, ধুবুৰী, ধেমাজীত ক্রমে তিনিখনকৈ অনুজ্ঞাপত্ৰৰ অনুমোদন দিয়া হৈছে ।

ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত মর্মে গ্রাম্য অঞ্চলত থকা ৪০৮ খন বাৰক মদৰ দোকানলৈ পৰিবৰ্তিত কৰা হৈছে । ইয়াৰ উপৰিও নগৰ অঞ্চলত চলি থকা 'Restaurant' সমূহত আবেদন অনুযায়ী বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা আছে । ২০২১-২০২২ বিত্তীয় বৰ্ষত মুঠ আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ১৯৩০.৬৭ কোটি টকা। ২০২২-২৩ (ফেব্ৰুৱাৰীলৈ) বিত্তীয় বৰ্ষত এই ৰাজহৰ সংখ্যা বৃদ্ধি পাইছে ২২০১.৯৪ কোটি টকালৈ।

'মদ' অবিহনে অসাৰ অসম চৰকাৰ ! বিধানসভাত 'মদ'ৰ খতিয়ান...
নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, MBBS ৰ আসন বৃদ্ধি পালে ১৫০০ লৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in