কামৰূপ জিলাৰ বেজেৰাত ভয়াৱহ অগ্নিকাণ্ড, জুইত জাহ যায় প্ৰায় ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাৰ বেজেৰাত ভয়াৱহ অগ্নিকাণ্ড, জুইত জাহ যায় প্ৰায় ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ জিলাৰ বেজেৰাত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ১০.৪৫ বজাত বেজেৰাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Advertisment

অগ্নিকাণ্ডৰ ফলত ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত থকা কেইবাটাও গেছ ভৰ্তি চিলিণ্ডাৰ এটাৰ পিছত আনটোকৈ বিস্ফোৰণ হয়। ফলত প্ৰত্যক্ষদৰ্শী লোক আতংকিত হৈ পৰাৰ উপৰি জুইৰ লেলিহান শিখা ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহতো কম সময়ৰ ভিতৰতে বিয়পি পৰে। অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাত স্থানীয় বাইহাটা চাৰিআলিৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ ৰাওনা হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই।

কিন্তু দুয়োখন বাহনত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাত অগ্নি নিৰ্বাপন নৌহওঁতেই বাহনৰ পানী শেষ হৈ পৰে। স্থানীয় লোকে জনোৱা অনুসৰি প্ৰায় ১০ মিনিট সময় পানী দিয়াৰ পিছত এখন এখনকৈ দুয়োখন বাহনৰ পানী শেষ হৈ পৰে। ফলত স্থানীয় লোক উত্তেজিত হৈ পৰে। উত্তেজিত একাংশ লোকে আগ্নিনিৰ্বাপক বাহিনীৰ বাহন এখনৰ গ্লাছ ভাঙি ক্ষতিগ্ৰস্ত কৰে।

আনহাতে নিশাৰ অগ্নিকাণ্ডৰ বিষয়ে অৱগত হৈ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, মহকুমা আৰক্ষী বিষয়া, বাইহাটা চাৰিআলিৰ আৰক্ষী চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। লগতে অৰ্ধসামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।

উল্লেখ্য যে এখনৰ পিছত আনসনকৈ প্ৰায় ৮ খন ব্যৱসায়িক প্ৰতিষ্ঠানত জুই জ্বলি থকাৰ সময়ত ৰঙিয়া, মঙলদৈ আৰু শুৱালকুছিৰ পৰা অহা প্ৰায় ৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় ডেৰ ঘন্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নিশাৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেৰ কোটি টকাৰ সা সামগ্ৰী জুইত জাহ যায়।

Also Read: গুৱাহাটীৰ জ্যোতিনগৰৰ গণেশনগৰত চুৰিকাণ্ড

fire