অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ, কেইবা লাখ টকাৰ চাহ গছৰ পুলি...

ৰাজ্যত পৰিলক্ষিত ইটোৰ পাছত সিটো ভয়ংকৰ অগ্নিকাণ্ড। পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল মেৰাপানীৰ ১নং লক্ষীপুৰৰ ঘিলাধাৰী বৰুৱাগাঁৱৰ নীৰেন বৰাৰ বাসগৃহত।

author-image
Asomiya Pratidin
New Update
অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ, কেইবা লাখ টকাৰ চাহ গছৰ পুলি...

ডিজিটেল ডেস্ক : ৰাজ্যত পৰিলক্ষিত ইটোৰ পাছত সিটো ভয়ংকৰ অগ্নিকাণ্ড। পুনৰ এক ভয়ংকৰ  অগ্নিকাণ্ড সংঘটিত হ'ল মেৰাপানীৰ ১নং লক্ষীপুৰৰ ঘিলাধাৰী বৰুৱাগাঁৱৰ নীৰেন বৰাৰ বাসগৃহত।

Advertisment

শনিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত বাসগৃহটোৰ লগতে জাহ যায় কেইবা লাখ টকাৰ সম্পত্তি, লগতে নষ্ট হয় নীৰেন বৰাৰ লক্ষাধিক টকাৰ চাহপুলি।  অৱশ্যে, নীৰেন বৰাৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডটোৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আন্ধাৰৰ সুযোগ লৈ নিশা কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে বুলি সন্দেহ কৰিছে নীৰেন বৰাৰ পৰিয়ালে। ইতিমধ্যে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নীৰেন বৰাৰ পৰিয়ালে।

আৰু পঢ়ক : কাছাৰত ৬.২০ লাখ য়াবা টেবলেট জব্দ, আটক তিনি মিজো সৰবৰাহকাৰী

assam fire