দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ দেৰগাঁৱৰ ৰাজপথত পুনৰ পথ দুৰ্ঘটনা। দেৰগাঁও চাৰিআলিত ট্রাকৰ তলত সোমাল বাইক আৰোহী। বৃহস্পতিবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

গুৱাহাটীৰ দিশে আহি থকা এখন ট্রাকৰ তলত সোমাই পৰে বাইকসহ আৰোহী। ট্রাক চালকৰ তৎ‍পৰতাত কথমপি ৰক্ষা পৰে বাইক আৰোহীজন। ৩৭নং ৰাষ্ট্রীয় ঘাইপথত বিসংগতিৰ বাবে সংঘটিত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

উপযুক্ত সংকেত চিহ্ন নথকাৰ বাবে সমস্যাত পৰে বাহন চালকসকল। যাৰ বাবে সংঘটিত হয় এই পথ দুৰ্ঘটনা। বাতৰি লিখাৰ পৰলৈকে বাইক চালক আৰু ট্ৰাক চালকৰ পৰিচয় জানিব পৰা হোৱা নাই।

দেৰগাঁৱত পুনৰ পথ দুৰ্ঘটনা
ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, কেইবাটাও বিস্ফোৰণ আৰু আৰক্ষী হত্যাকাণ্ডৰে জড়িত জাভেদ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in