জালত পৰিল অসম আৰক্ষীৰ DIG ৰ মোবাইল ফোন চুৰি কৰি নিয়া জাভেদ আলী

জালত পৰিল অসম আৰক্ষীৰ DIG ৰ মোবাইল ফোন চুৰি কৰি নিয়া জাভেদ আলী

author-image
Asomiya Pratidin
New Update
জালত পৰিল অসম আৰক্ষীৰ DIG ৰ মোবাইল ফোন চুৰি কৰি নিয়া জাভেদ আলী

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ DIGৰ মোবাইল চুৰিৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে এজনক। মোবাইল চুৰিৰ সন্দেহত নগৰবেৰাত আৰক্ষীয়ে আটক কৰে জাভেদ আলী নামৰ এজনক।

নগৰবেৰা আৰক্ষীয়ে হাতীগাঁও আৰক্ষীক চমজাই দিছে জাভেদক। হাতীগাঁও আৰক্ষী থানাত মোবাইল চুৰি সন্দৰ্ভত ৰুজু হৈছিল গোচৰ। ছফ্টৱেৰৰ সহায়ত মোবাইল চুৰিৰ কথা স্বীকাৰ কৰিছে ধৃত জাভেদে।

গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা মোবাইল চুৰি কৰিছিল জাভেদে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্যে যে, কেইদিনমান পূৰ্বে অসম আৰক্ষীৰ ডিআইজি বিবেকৰাজ সিঙৰ মোবাইল ফোন চিলনী চোৰে লৈ গৈছিল। প্ৰাত: ভ্ৰমণ কৰি থকাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।

Also Read: জ্যেষ্ঠ নাগৰিকৰ সৈতে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ আলোচনা

Assam police