দেৰগাঁও দুৰ্ঘটনা : মাতৃ-কন্যাসহসহ ৪গৰাকীক GMCHত ভৰ্তি,কণমানি কন্যাৰ কৰিব লাগিব প্লাষ্টিক চাৰ্জাৰী

বাতৰি লিখা পৰলৈকে কেউগৰাকী আঘাপ্ৰাপ্ত লোক সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে। জি এম চি এইছৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে তেওঁলোকৰ
দেৰগাঁও দুৰ্ঘটনা : মাতৃ-কন্যাসহসহ ৪গৰাকীক GMCHত ভৰ্তি,কণমানি কন্যাৰ কৰিব লাগিব প্লাষ্টিক চাৰ্জাৰী

ডিজিটেল ডেস্ক : দেৰগাঁৱৰ ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪জনক বুধবাৰে নিশা জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে। আহত কুলুমণি শইকীয়া, প্ৰীতি শইকীয়া, মৃদুল শইকীয়া আৰু অৰূপ শইকীয়াক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বাতৰি লিখা পৰলৈকে কেউগৰাকী আঘাপ্ৰাপ্ত লোক সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে। জি এম চি এইছৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে তেওঁলোকৰ।

উল্লেখযোগ্য যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুলুমণি শইকীয়া আৰু মৃদুল শইকীয়াক নিউৰ'ল'জী আৰু কাৰ্ডিঅ'ল'জী বিভাগত ভৰ্তি কৰোৱা হৈছে। আনহাতে ৭বছৰীয়া প্ৰীতি শইকীয়াক জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জনোৱা অনুসৰি কণমানি প্ৰীতি শইকীয়াক কৰিব লাগিব প্লাষ্টিক চাৰ্জাৰী।

উল্লেখ্য যে কুলুমণি শইকীয়াৰ কন্যা হৈছে প্ৰীতি শইকীয়া। আনফালে স্বামী নৱজিৎ শইকীয়াৰ ইতিমধ্যে মৃত্যু হৈছে।

দেৰগাঁও দুৰ্ঘটনা : মাতৃ-কন্যাসহসহ ৪গৰাকীক GMCHত ভৰ্তি,কণমানি কন্যাৰ কৰিব লাগিব প্লাষ্টিক চাৰ্জাৰী
পাকিস্তানৰ কৌশল প্ৰতিহত কৰাৰ বাবে সাজু মোডী চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in