পাকিস্তানৰ কৌশল প্ৰতিহত কৰাৰ বাবে সাজু মোডী চৰকাৰ

গুজৰাটৰ পৰা জম্মু-কাশ্মীৰলৈ সীমান্তত ব্যৱহাৰ কৰিব বিশেষ প্ৰযুক্তি

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ কৌশল প্ৰতিহত কৰাৰ বাবে সাজু মোডী চৰকাৰ

ডিজিটেল ডেস্ক : পাকিস্তানৰ কৌশলত বাধাৰ প্ৰাচীৰ হ'ব ভাৰত চৰকাৰ। কাশ্মীৰ সীমান্তৰে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰাৰ লগতে পঞ্জাৱ আৰু ৰাজস্থানৰ সীমান্তৰে ড্ৰোনৰ সহায়ত অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় দ্ৰব্য প্ৰেৰণ কৰা পাকিস্তানৰ কৌশল প্ৰতিহত কৰাৰ বাবে সাজু হৈছে মোডী চৰকাৰ।

Advertisment

সীমান্তৰক্ষী বাহিনী আৰু ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ড্ৰোন গুলিয়াই ভূপাতিত কৰাৰ মাজতে কিছুসংখ্যক ড্ৰোন এতিয়াও ভাৰতত প্ৰৱেশ কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভাৰতত পাকিস্তানী ড্ৰোন প্ৰৱেশ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এক বিশেষ আঁচনি গ্ৰহণ কৰিছে।

অহা ছমাহৰ ভিতৰত সমগ্ৰ পাকিস্তান সীমান্ততে ড্ৰোন প্ৰতিৰোধী এক বিশেষ ব্যৱস্থা সাজু কৰি তোলা হ'ব বুলি জানিব পৰা গৈছে। এই ব্যৱস্থাৰ অধীনত নিৰাপত্তা বাহিনীসমূহে পাকিস্তানৰ ড্ৰোন গুলিয়াই ভূপাতিত কৰাৰ লগতে সহজেই চিনাক্ত কৰি ধ্বংস কৰিব পাৰিব।

Also Read: উন্নীত বিৰাট,অৱনমিত ৰোহিত

airforce border india india govt pakistan indian army jammu and kashmir