দেউৰী বিহুৰ সামৰণি: নাৰায়ণপুৰত উচাহৰ ঢল…

দেউৰী বিহুৰ সামৰণি: নাৰায়ণপুৰত উচাহৰ ঢল…

author-image
asomiyapratidin
New Update
দেউৰী বিহুৰ সামৰণি:  নাৰায়ণপুৰত উচাহৰ ঢল…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলে ১৫ দিনীয়াকৈ উদযাপন কৰা দেউৰী বিহু অৰ্থাৎ ইবাঁকু বিচ্চুৰ বৃহস্পতিবাৰে সামৰণি পৰে । পৰম্পৰা অনুসৰি জনগোষ্ঠীটোৱে বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু ।

Advertisment

বুধবাৰে দেওশালত পূজা-অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰে পুৱালৈ দেউৰী লোকসকলে প্ৰতিখন গাঁৱৰ পূজাৰীৰ গৃহত বোকা বিহু মাৰি আনন্দত মতলীয়া হয় । বিহুৰ দিনা পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে । মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে ।

বৃহস্পতি বাৰৰ পৰা ১৫ দিনীয়াকৈ উদযাপন কৰা হুচৰি বিহুৰ আজি সামৰণি পৰে।নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ ৰাইজে গাঁৱৰ মুখীয়াল ব্যক্তি ধনচুকলাল দেউৰীৰ চোতালত বিহু হুচৰি সামৰণি মাৰে । বহাগ মাহৰ তৃতীয়টো বৃহস্পতিবাৰে বিহু হুচৰি সামৰি কৃষি কৰ্মৰ লগত জড়িত হৈ পৰে জনগোষ্ঠীটোৰ লোক। উল্লেখ্য যে বিগত দুটা বৰ্ষত কোৰোণা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা এইসকল লোকে সম্প্ৰতি অতি উলহ-মালহেৰে বিহু উদযাপন কৰে ।

আৰু পঢ়ক: ঘিলামৰাত নিষিদ্ধ বিষাক্ত কীটনাশক দি বৰমুগা নিধন

assam narayanpur bihu