ঘিলামৰাত নিষিদ্ধ বিষাক্ত কীটনাশক দি বৰমুগা নিধন

ঘিলামৰাত নিষিদ্ধ বিষাক্ত কীটনাশক দি বৰমুগা নিধন

ডিজিটেল সংবাদ , ঢকুৱাখনা: বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ হিচাবে   পৰিচিত ঢকুৱাখনা মহকুমাৰ বৰমুগা পালনৰ ক্ষেত্ৰত নিষিদ্ধ বিষাক্ত ৰাসায়নিক কীটনাশক প্ৰয়োগে প্ৰবল সংকট মাতি আনিছে জনজীৱন আৰু মুগাপালক সকললৈ।

  অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানীক পদ্ধতিৰে বিষাক্ত ৰাসায়নিক কীটনাশক আৰু অপতৃণ নাশক প্ৰয়োগৰ ফলত বৃহস্পতি বাৰে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত এগৰাকী চহা মুগা পালকৰ গৰিষ্ঠ সংখ্যক জেঠুৱা বৰমুগাৰ অপমৃত্যু ঘটে । জানিব পৰা মতে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত  দক্ষিণ গাঁওৰ মুগা পালক ৰমা দিহিঙীয়াই নিজৰ প্ৰায় দুই বিঘা মাটি কালিত অৱস্থিত চুমনিত জেঠুৱা বৰমুগাৰ খেতি কৰিছিল ।

গাঁঠিৰ ধন ভাঙি মুগাৰ সঁচ আনি অশেষ কষ্টেৰে  বৰমুগা পালনত ব্ৰতী হোৱা দিহিঙীয়াৰ নিজা চুমনীৰ কাষতে থকা হিংসুক ,কাণ্ডজ্ঞানহীন ব্যক্তি ৰাজীৱ দিহিঙীয়াই বৃহস্পতি বাৰে পুৱা পৰিকল্পিত আৰু  ইচ্ছাকৃত ভাবে নিষিদ্ধ বিষাক্ত কীটনাশক প্ৰয়োগ কৰি চুমনিত থকা কেইবা সহস্ৰাধিক বৰমুগা নিধন কৰে । চুমনি দৰাত চুঙিয়া নথকাৰ সময়তে অবিবেচকী ব্যক্তি ৰাজীৱ দিহিঙীয়াই উপৰ্যুপৰি বিষাক্ত কীটনাশক প্ৰয়োগ কৰি চলোৱা এনে বৰ্বৰ কাণ্ডৰ ফলত চুম গছত থকা কেইবা সহস্ৰাধিক পৈণত বৰমুগা মৰি ওপৰৰ পৰা  তললৈ সৰি পৰে ।

পাছত  চুঙিয়া গৈ উৎকট কীটনাশক প্ৰয়োগৰ গোন্ধ  পায় আৰু চুমনিখনৰ সৰ্বত্ৰতে মৰা মূগা প্ৰত্যক্ষ কৰে । সৰ্বশ্ৰান্ত মুগাপালক দিহিঙীয়াই পাছত এনে  অমানৱীয় কাণ্ডৰ বিৰুদ্ধে ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।  পাৰিপাৰ্শ্বিক পৰিবেশ  প্ৰদূষিত কৰি  নিষিদ্ধ ৰাসায়নিক কীটনাশক গ্লাইছিল , ৰাউণ্ড আপ আদি প্ৰয়োগ কৰি সংঘটিত কৰা এনে অমানৱীয় কাণ্ডই জনজীৱনলৈকো প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে ।

তদ্রুপ ভাবে বুধবাৰে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত লেছাম বাটমাৰী গাঁওৰ মুগা পালক ৰাজেন চুতীয়াৰ চুমনিৰ সমীপতে কনক গগৈ নামৰ এজন অবিবেচকী ব্যক্তিয়ে এনে নিষিদ্ধ অপতৃণ নাশক ব্যৱহাৰ কৰাৰ ফলত মুগা পালক জনৰ ২০ সহস্ৰাধিক মুগাৰ অকাল মৃত্যু ঘটে । এই সন্দৰ্ভত ঘিলামৰা থানাত এক গোচৰ ৰুজু কৰিছে দুৰ্ভগীয়া মুগা পালক গৰাকীয়ে।

মহকুমাটোত জনজীৱন আৰু পাৰিপাৰ্শ্বিক পৰিবেশৰ প্ৰ্তি চূড়ান্ত ভাবুকি মাতি এনে নিষিদ্ধ ৰাসায়নিক কীটনাশক বিক্ৰী আৰু ব্যৱহাৰকাৰীৰ ওপৰত মহকুমা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত ভয়ংকৰ  পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিশ্চিত । এই ক্ষেত্ৰত কৃষি বিভাগৰ ৰাসায়নিক সাৰ বিক্ৰী কেন্দ্ৰ সমূহৰ ওপৰত চোকা দৃষ্টি ৰখাটো জৰুৰী বিষয় হিচাবে ধৰা দিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in