টেঙাখাত মহাবিদ্যালয়ত বিংশতিতম সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

টেঙাখাত  মহাবিদ্যালয়ত বিংশতিতম সদৌ ডিব্ৰুগড়  জিলা ছাত্ৰ সন্থাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ টেঙাখাতঃ টেঙাখাত মহাবিদ্যালয়ত অহা ৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা বিংশতিতম সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰাৰম্ভিক কাৰ্যসূচী শুভাৰম্ভনি কৰে অৰ্থাৎ টেঙাখাত মহাবিদ্যালয়ৰ খেল পথাৰত আজি লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

তিৰলীয়া গাঁৱৰ ভকত সমাজৰ দ্বাৰা মাহ প্ৰসাদৰ শৰাই অৰ্পনৰ পিছতে কপহুৱা ন-খঙীয়া গায়ন বায়ন দলে গায়নৰ গুৰুঘাট মৰাৰ লগে লগে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ নেতাকৰ্মী অভ্যৰ্থনা সমিতিৰ নেতাকৰ্মীৰ অংশগ্ৰহণ তথা উপস্থিতিত উক্ত লাইখুঁটা স্থাপনৰ পিছত জিলা ছাত্ৰ সন্থাৰ সম্পাদক অৱণী কুমাৰ গগৈ অভ্যৰ্থনা সমিতিৰ সভাপতি লক্ষীনাথ শৰ্মা সম্পাদক অৰ্জুন চেত্ৰীয়ে এনেদৰে ভাষ্য প্ৰদান কৰে ।

টেঙাখাত  মহাবিদ্যালয়ত বিংশতিতম সদৌ ডিব্ৰুগড়  জিলা ছাত্ৰ সন্থাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন
বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সংবাদ মেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in