/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c8d089c8-5c1a-46b5-9755-340209bf62fb/gopalak.jpg)
ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা নিষেধাজ্ঞাৰ মাজতে মঙলবাৰে ভূমি সুৰক্ষাৰ দাবীত শ শ গো-পালকে হাজাৰ হাজাৰ পোহনীয়া গৰু-ম'হলৈ জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা। জানিব পৰা মতে জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিৰ উদ্যোগত মাঝিআলি মুনমুনি সংৰক্ষিত চৰণীয়া পথাৰৰ ভূমি সুৰক্ষাৰ দাবীত শ শ গো-পালকে পোহনীয়া গৰু-ম'হলৈ জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৰাওনা হয়।
অৱশ্যে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ কুলি গাঁৱৰ সমীপৰ আৰিমৰা গাঁৱৰ ৰায়াং নদীৰ পাৰত আন্দোলনকাৰী গো-পালকসকলক জোনাই আৰক্ষীয়ে বাধা দিয়ে। উল্লেখযোগ্য যে সোমবাৰে পুৱাই মাঝিআলি মুনমুনী চাপৰিৰ পৰা হাজাৰ হাজাৰ পোহনীয়া গৰু-ম'হলৈ শ শ গো-পালকে জোনাই মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে যাত্ৰা কৰে।
সোমবাৰৰ পৰা পথাৰ, নৈ-বিল আদি অতিক্ৰম কৰি প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি আজি পুৱা গৰু-ম'হলৈ গো-পালকসকলে ৰায়াং নদীৰ পাৰৰ আৰিমৰা গাঁৱৰ সমীপত উপস্থিত হয়। ইপিনে পুৱাৰে পৰা আৰিমৰাৰ ৰায়াং নদীৰ পাৰত জোনাই ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত আয়ুক্ত তথা জোনাই-ধেমাজিৰ বৃহৎ আৰক্ষীৰ দল উপস্থিত হৈ গৰু-ম'হলৈ মহকুমাধিপতি কাৰ্যালয় অভিমুখে যাত্ৰা কৰা আন্দোলনকাৰী গো-পালকসকলক বাধা প্ৰদান কৰে।
ইয়াৰ পিছত প্ৰশাসনৰ লগতে টি এম পি কেৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। জোনাই মহকুমাধিপতিৰ তৰফৰ পৰা অহা ২৫ মে'ত ধেমাজি জিলা উপায়ুক্তই বিষয়টোৰ সন্দৰ্ভত গুৰুত্বসহকাৰে জৰুৰী আলোচনাৰ বাবে জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিক এক পত্ৰ প্ৰদান কৰে।
সেই অনুসৰি গো-পালকসকলে সাময়িকভাৱে আন্দোলন স্থগিত কৰি ২৫ মে'ত উপায়ুক্তৰ লগত আলোচনাত বহাৰ সিদ্ধান্তত মান্তি হয়। ইপিনে ২৫ মে'লৈ গো-পালকসকলে গৰু-ম'হবোৰ ঘূৰাই নিনি আৰিমৰাৰ ৰায়াং নদীৰ পাৰতে অৱস্থান কৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
জানিব পৰা মতে ২৫ মে'ত উপায়ুক্তৰ লগত আলোচনাত ইতিবাচক সুফল নাপালে জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিয়ে পুনৰ গৰু-ম'হবোৰ জোনাই মহকুমাধিপতিৰ কাৰ্যালয়লৈ খেদি নি চমজি দিব বুলি জনায়। উল্লেখযোগ্য যে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মাঝিআলি মুনমুনী চাপৰিত যুগ যুগ ধৰি শ শ গো-পালক পৰিয়ালে গৰু-ম'হ পালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে।
মাঝিআলি মুনমুনি চাপৰিৰ মুঠ মাটিকালি ২৯,০২১ হেক্টৰৰ ভূমিৰ ১৭,৯২০ বিঘা ভূমিক অসম চৰকাৰৰ ৰাজহ বিভাগে গো-পালকসকলৰ সুবিধাৰ বাবে গো- চৰণীয়া পথাৰ হিচাপে স্বীকৃতি প্ৰদান কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু উক্ত মাঝিআলি মুনমুনি চাপৰি চৰণীয়া পথাৰৰ ৪,১৩৫ বিঘা ভূমি বেদখল কৰি এচামে খেতি-বাতি কৰাত গো-চৰণীয়া পথাৰ সংকুচিত হোৱাৰ লগতে গো-পালকসকলৰ ভৱিষ্যত বিপন্ন হৈ পৰিছে।
জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিয়ে অভিযোগ কৰা অনুসৰি জোনাই ৰাজহ বিভাগে ২০১৫ চনতে বে-দখলকাৰীক উচ্ছেদৰ বাবে এক জাননী জাৰি কৰিছিল। কিন্তু আজিও বে-দখলকাৰীক সম্পূৰ্ণৰূপে উচ্ছেদ কৰা হোৱা নাই।
ফলত গো-পালন কৰি জীৱন নিৰ্বাহ কৰা গো-গোপকসকলৰ ভৱিষ্যত দিনে দিনে বিপদাপন্ন হৈ পৰিছে। আত্মনিৰ্ভৰশীলতা কথা কোৱা চৰকাৰে গো-পালন কৰি আত্মনিৰ্ভৰশীল হ'ব খোজা গো-পালকসকলৰ সংৰক্ষিত চৰণীয়া পথাৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিয়ে দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/150b9404-9624-441e-9538-311491fc90b3/9df2c35e_e052_4818_b041_6f1e738935e7.jpg)
Also Read: ব্ৰেইন টিউমাৰত আক্ৰান্ত বৰ্ষীয়ান ৰাজনৈতিক নেতা মনোহৰ যোশী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us