টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ পদলৈ উন্নীত কৰাৰ দাবী...

৩৬ বছৰে বিনাবেতনেৰ শিক্ষকতা কৰি খালী হাতেৰেই অৱসৰগ্ৰহণ শিশুৰাম বৰাৰ
টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ পদলৈ উন্নীত কৰাৰ দাবী...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ পদলৈ উন্নীত কৰা আৰু অৱসৰপ্ৰাপ্ত টিউটৰসকলৰ পৰিয়ালক ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ দাবী জনাইছে ধেমাজি জিলাৰ প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই ৷ সংবাদমেলযোগে এই দাবী উত্থাপন কৰে সংস্থাটোৱে।

বৃহস্পতিবাৰে বিয়লি ২ বজাত ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদমেলত জিলা সংস্থাৰ সভাপতি দিলিপ কুমাৰ দাসে কয় যে, ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে পদ প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৩৬০ টকা মজুৰি দি চৰকাৰে প্ৰতাৰণা কৰিছে। প্ৰায় ৩০-৩৫ বছৰ আগতে স্থাপিত হোৱা ৰাজ্যৰ ২১০৭ খন মধ্য ইংৰাজী বিদ্যালয়ক আৰু ১৬৯৮খন প্রাথমিক বিদ্যালয়ক চৰকাৰে তথা বিভাগীয় কর্তৃপক্ষই ২০০৫ চনতে অনুমতি আৰু স্বীকৃতি প্ৰদান কৰিছিল।

পূৰ্বৰ নিয়ম অনুসৰি স্বীকৃতিপ্রাপ্ত সকলো বিদ্যালয় প্রাদেশিকীকৰণ হ'ব লাগে। কিন্তু স্বীকৃতি পোৱাৰ ১৬ বছৰ পাচত প্রদেশিকীকৰণৰ নামত এজন দিন হাজিৰা কৰা ব্যক্তিতকৈ আধা মজুৰি দি শিক্ষকসকলক টিউটৰ সজোৱা হ'ল। আনহাতে স্বীকৃতিৰ সময়ত ৫+১, ৬+১ অনুমোদন দিয়া হৈছিল মধ্য ইংৰাজী বিদ্যালয়ৰ ক্ষেত্ৰত।

কিন্তু পদ প্ৰাদেশিকীকৰণ কৰিলে মাত্র ৩ জনৰহে অর্থাৎ আৰু ২ জন প্ৰতিষ্ঠাপক শিক্ষক টিউটৰৰ পৰাও বাদ পৰিলে। প্ৰাদেশিকীকৰণৰ যোগেদি শিক্ষকসকলক টিউটৰ সজোৱা একে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকক বঞ্চিত কৰা প্ৰক্ৰিয়া কোনোপধ্যে কল্যাণকামী মানবীয় সিদ্ধান্ত বুলি ভাবিব নোৱাৰি।

চৰকাৰে সকলোৰে প্ৰতি সমদৃষ্টিৰে চাই সমকৰ্ম সমমৰ্যাদা প্ৰদান কৰিব লাগে। দেশৰ জনগণ মানব সম্পদ গঢ় দিয়াত সম অৰিহণা যোগোৱা শিক্ষক শিক্ষকৰ মৰ্যাদাৰ প্ৰদান কৰি সকলোৱে আস্থাভাজন হ'বলৈ আহ্বান জনোৱা হৈছে। টিউটৰ হৈ অৱসৰগ্ৰহণ কৰি খালী হাতেৰে কৰ্মজীৱন সামৰাসকলৰ প্ৰতি চৰকাৰৰ নৈতিকতা আৰু মানৱীয়তাৰ প্ৰতি প্ৰশ্ন উঠে বুলি উল্লেখ কৰে ৷

তেওঁ কয় যে, টিউটৰ নিযুক্তিৰ পিছত কোনো টিউটৰ যদি অৱসৰ বা মৃত্যু হ'লে তেনে নিযুক্তিপ্রাপ্ত ব্যক্তিক ১০ লাখ টকা গ্ৰেইচুবেটি প্ৰদান কৰা হ'ব বুলি চৰকাৰে কৰা ঘোষণা আজিও বুমেৰাং হৈ ৰ'ল। টিউটৰসকলে চৰকাৰক বিভিন্ন সময়ত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদানৰ লগতে নানা কাৰ্যসূচীৰে অনুৰোধ জনোৱাৰ পিছতো আজি পৰ্যন্ত টিউটৰ সকলৰ সমবেদনা চৰকাৰে উপলব্ধি কৰা নাই।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সংবাদমেলৰ জৰিয়তে সদৌ অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সংস্হাৰ ধেমাজি জিলা সমিতিয়ে পুনৰবাৰ অসমৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীক উদ্দেশ্যি কয় যে, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি আৰু যোগদানৰ তাৰিখক মান্যতা প্ৰদান কৰি টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণত ব্যৱস্থা গ্ৰহণ কৰা, সমকৰ্মৰ সমমজুৰি নীতি আধাৰত সমমৰ্যাদা প্ৰদান কৰি সকলো টিউটৰক শিক্ষকলৈ উন্নীতকৰণ কৰি সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা,বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দৰে সমদৃষ্টিৰে বিবেচনা কৰি সমান চৰকাৰী সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, বিগত ২০২১ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকীকৰণৰ নিযুক্তিপত্ৰ বিতৰণৰ সভাত ঘোষণা কৰা মতে সকলো টিউটকে ১০ লাখ টকা গ্ৰেছুৱেইটিৰ ব্যৱস্থা কৰি অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা (পৰিয়াললৈ) আৰ্থিক অনুদান প্রদান কৰা, বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকীকৰা আৰু বিদ্যালয়ৰ প্ৰাদেশীকৃত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক অন্যান্য চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সমহাৰত সমমর্যদা প্ৰদান কৰিবলৈ সকলোৱে একেমুখে সভাত দাবী জনায়।

অন্যথা শীঘ্ৰেই টিউটৰসকলে ৰাজপথত আন্দোলনৰ পথ বাচি লবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ৷ সংবাদমেলত ধেমাজি জিলা সমিতিৰ সম্পাদক ৰাজু ৰামচিয়াৰী, নিৰ্মল চেতিয়া, শিশুৰাম বৰা, কুশল ফুকন, লভিৰাম শইকীয়া,পৰমা পেগু,নৱজ্যোতি গগৈ, দিননাথ নৰহ,ৰেৱত বৰা , তুলশী শইকীয়া , ৰাজীৱ পেগু ,তৰুন কাৰ্দং ,সূৰ্য্য কোৱঁৰ , দিলীপ দত্ত ,কুশৰাম বৰা , দেৱ কুমাৰ পায়েং ,টেপৰাম সোনোৱাল , ৰোলচিং দৈমাৰী , মিন্টু ভুঞাৰ প্ৰমুখ্যে জিলা সমিতিৰ বহুকেইগৰাকী সদস্য আৰু বিষয়ববীয়াই উপস্থিত থাকে ৷

আনহাতে ৩৬ বছৰে বিনাবেতনেৰ শিক্ষকতা কৰি খালী হাতেৰেই অৱসৰ গ্ৰহণ কৰা ধেমাজিৰ শিশুৰাম বৰাক বৃহস্পতিবাৰে জিলা সমিতিৰ বিষয়ববীয়াই মানপত্ৰ গামোছা গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য যে ১৯৮৫ চনতে কৰ্মত যোগদান কৰি বৰবাম বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিনা-বেতনেৰে সুদীৰ্ঘ ৩৬ বছৰ সহঃশিক্ষক ৰূপে মানৱ সম্পদ গঢ়াৰ শিল্পত আত্মনিয়োগ কৰা শিশুৰাম বৰাক শিক্ষকতাৰ কালছোৱাত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত চৰকাৰী ভাৱে নিযুক্তি পাইছিল যদিও যোৱা ১২ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

বৰাৰ সুদীৰ্ঘ চাকৰী কাৰ্যকালত নিয়মানুৱর্তিতা, শৃংখলাবদ্ধতা, নিষ্ঠা, সততা, একাগ্ৰতা, ত্যাগ, উদাৰতা আৰু মানৱীয়তাৰ চানেকি দাঙি ধৰা বৰাই সংবাদমেলতে অতি আবেগিকভাৱে বিদায় ভাষণ প্ৰদান কৰে ৷ তেওঁক আজি পৰ্যন্ত চৰকাৰীভাৱে জনোৱা নাই সম্বৰ্ধনা বা চৰকাৰৰ পৰা পোৱা নাই পেঞ্চন, গ্ৰেচুৱেটী, জি পি এফৰ নামত ফুটাকড়ি এটাও নাই পোৱা। লাভ কৰা নাই চৰকাৰে ঘোষণা কৰা অৱসৰকালীন ১০ লাখ টকাৰ সাহায্য ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in