অসমীয়া মাধ্যমৰ ঠাইত ইংৰাজী মাধ্যম ব্যৱহাৰ কৰাৰ নিৰ্দেশ বাতিলৰ দাবী কোকৰাঝাৰ-চিৰাং জিলা সাহিত্য সভাৰ

অসমীয়া মাধ্যমৰ ঠাইত ইংৰাজী মাধ্যম ব্যৱহাৰ কৰাৰ নিৰ্দেশ বাতিলৰ দাবী কোকৰাঝাৰ-চিৰাং জিলা সাহিত্য সভাৰ

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ,চিৰাং : শেহতীয়াকৈ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে স্নাতকোত্তৰ মেজৰ পৰীক্ষাত অসমীয়া মাধ্যম বাতিল কৰি ইংৰাজী মাধ্যম প্ৰয়োগ কৰাৰ যি নিৰ্দেশ জাৰি কৰাৰ পিছত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভতে অসম সাহিত্য সভাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Advertisment

অসমীয়া ভাষাক নিঃশেষ কৰি অসমীয়া মাধ্যমৰ ঠাইত ইংৰাজী মাধ্যম প্ৰয়োগ কৰাৰ যি নিৰ্দেশনা বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে সেই নিৰ্দেশনা অতিশীঘ্ৰেই বাতিল কৰি পূৰ্বৰ নীতি নিয়ম অনুসৰি অসমীয়া পুনৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে কোকৰাঝাৰ আৰু চিৰাং জিলা অসম সাহিত্য সভাই ।

বৃহস্পতিবাৰে এক যৌথ প্ৰেছ বিজ্ঞপ্তিযোগে কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি বুদ্ধেশ্বৰ ৰায়, উপ-সভাপতি হাজী শ্বৰীফ হাছান, সম্পাদক প্ৰশান্ত শৰ্মা আৰু চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়ন আৰু সম্পাদক দেয়ান হাজী মুস্তাফাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ অসমীয়া মাধ্যম বিৰোধী নিৰ্দেশনা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে।

যি সময়ত সমগ্ৰ দেশজুৰি মাতৃভাষাতে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পোষকতা কৰা হৈছে সেই সময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাতৃভাষাৰ মাধ্যম বিৰোধী সিদ্ধান্ত নিতান্তই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । চৰকাৰী বিশ্ববিদ্যালয় এখনত অফিচিয়েল বা আন-অফিচিয়েল বুলি থাকিব নোৱাৰে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ ।

অসমীয়া মাধ্যম বিৰোধী স্থিতি পৰিহাৰ কৰি মাতৃভাষাৰ মাধ্যম বাহাল ৰখাৰ দাবী কৰাৰ লগতে মাতৃভাষা বিৰোধী নিৰ্দেশনা বাতিল কৰিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কোকৰাঝাৰ আৰু চিৰাং জিলা সাহিত্য সভাৰ ফালৰ পৰা আহ্বান জনায় ।

Also Read: ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানৰ প্ৰস্তুতি

chirang assam sahitya sabha