বিদ্যালয়ত খেলি থাকোতেই পকী ফলক খহি ছাত্ৰীৰ কৰুণ মৃত্যু

বিদ্যালয়ত খেলি থাকোতেই পকী ফলক খহি ছাত্ৰীৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ,কলিয়াবৰ: বৃহস্পতিবাৰে দিনৰ ভাগত কলিয়াবৰৰ ২নং বৰঘূলিত সংঘটিত হয় এক অঘটন। বিদ্যালয় চৌহদত থকা এখন পকী ফলক খহি কৰুণ মৃত্যু ঘটে আঠ বছৰীয়া এগৰাকী ছাত্ৰীৰ।

নিহত ছাত্ৰী গৰাকী দ্বিতীয় শ্ৰেণীৰ ছাজাৰাতুন মুতৰাছ। ২ নং বৰঘূলি বালিকা মোক্তাবত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়ৰ চৌহদত থকা গ্ৰামোন্নয়নৰ আঁচনি ৰূপায়নৰ এখন পকী ফলক খহি পৰাত মৃত্যু হয় ছাত্ৰী গৰাকীৰ। দুপৰীয়া বিৰতিৰ সময়তে ছাত্ৰীগৰাকীয়ে খেলি থকা অৱস্থাতে গাৰ ওপৰত খহি পৰে ফলকখন।

পকী ফলকৰ হেঁচাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী। নিম্ন মানৰ সামগ্ৰীৰে ফলকখন নিৰ্মাণ কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজগৰ আলিয়ে পলায়ন কৰাৰো অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

বিদ্যালয়ত খেলি থাকোতেই পকী ফলক খহি ছাত্ৰীৰ কৰুণ মৃত্যু
১০৫ কোটি টকাৰ কেলেংকাৰীঃ ৬ জনক ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in