নগাঁৱৰ বিশিষ্ট সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা, “বসন্ত বৈভৱ” গ্ৰন্থ উন্মোচন...

জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেওবাৰে দক্ষিণপাট সমূহীয়া ভৱনত ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়
bebejiya
bebejiya

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ দক্ষিণপাট নিবাসী জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ দেওবাৰে দক্ষিণপাট সমূহীয়া ভৱনত ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বসন্ত কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দাস, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহ আৰু প্ৰয়াত শৰ্মাৰ পৰিয়ালবৰ্গই ৷

পুষ্পাঞ্জলি অৰ্পণ কৰে শৰ্মাৰ পৰিয়ালবৰ্গৰ লগতে উপস্থিত থকা গণ্য-মান্য ব্যক্তিসকলে ৷ তাৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় ৷ উক্ত সৰ্বধৰ্মীয় সভাত হৰভজন সিং আৰু চৰণসিঙে শিখ ধৰ্ম, নিৰঞ্জন বৰাই ভাগৱত পাঠ, পেষ্টৰ অলিভ মেৰিয়ানে খ্ৰীষ্টান ধৰ্ম, চন্দন প্ৰধানে জৈন ধৰ্ম আৰু মিজাজুৰ ৰহমানে ইছলাম ধৰ্মীয় গ্ৰন্থ পাঠ কৰে ৷ তাৰ পিছতে স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷

জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই আঁত ধৰা স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভাত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দাসে “ বসন্ত বৈভৱ” গ্ৰন্থখনি উন্মোচন কৰি কয় যে - এজন ব্যক্তিৰ নামত প্ৰকাশ পোৱা এখনি স্মৃতিগ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজিৰ লগতে বংশ মৰ্যাদাৰ পৰিচয় দাঙি ধৰে ৷ সভাত আন এজন বক্তা বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহই কয় যে - নিৰ্ভীক সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ অকাল বিয়োগে সামগ্ৰীকভাৱে দক্ষিণপাট অঞ্চলটোত অপূৰণীয় ক্ষতি সাধন কৰিলে ৷

সভাত আন এজন বক্তা যুৱ সাহিত্যিক, কবি লক্ষ্যজ্যোতি বৰাই কয় যে - সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু দক্ষিণপাট অঞ্চলৰ লগতে সমগ্ৰ নগাঁও জিলাৰ বাবে এক অভাৱনীয় ক্ষতি ৷ তেওঁৰ সৃষ্টিৰাজি আৰু কৰ্মৰাজিৰ বাবে আমাৰ মাজত সদায় উজ্জ্বল হৈ থাকিব ৷ সভাত সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে - মৃত্যু যদিও দুখকৰ আৰু বেদনাদায়ক, অৱশ্যাম্ভৱী এই মৃত্যু মানৱ জীৱনত সদায় বন্দিত ৷ প্ৰয়াত বসন্ত কুমাৰ শৰ্মাই সংবাদ ক্ষেত্ৰত নিজে প্ৰজ্বলিত হোৱাৰ লগতে দক্ষিণপাট অঞ্চলত সাহিত্য-সংস্কৃতিৰ দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৷

স্মৃতিচাৰণ সভাত প্ৰয়াত বসন্ত কুমাৰ শৰ্মাৰ ভগ্নী ৰেখা শৰ্মা, পাপৰি শৰ্মা, দৈনিক অসম কাকতৰ উপ-সম্পাদক হীৰেন শৰ্মা, ডাঃ মিতালী গোস্বামী, সমাজকৰ্মী পদ্ম গোস্বামী, ড° প্ৰদ্যুন্ম গোস্বামী, ভূপেন হাজৰিকা, বিনয় লচকৰ, শিক্ষক লৱকান্ত শৰ্মা, দিগন্ত দাস, প্ৰসন্ন ৰাজখোৱা, মৃদুল বৰুৱা, ৰাজীৱ হাজৰিকা, যুগপ্ৰসাদ বৰদলৈ, খগেন দাস, হেমন্ত কাকতি, ইজমত আলি, প্ৰণৱ শইকীয়া, কামাল আহমেদ, বিশ্বজ্যোতি শৰ্মা, বিশ্বজ্যোতি কাকতিকে ধৰি অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ্য যে যোৱা ১০ নৱেম্বৰত প্ৰয়াত বসন্ত কুমাৰ শৰ্মাই হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লৈছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in