ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী শৰ্মাই...

এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
সোমবাৰে ঢকুৱাখনাত ভূমি পট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব মুখ্যমন্ত্ৰী শৰ্মাই...

ডিজিটেল ডেস্কঃ এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ ভাবুকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শৰ্মাক আদানী গ্ৰুপৰ সৈতে সম্পৰ্কিত সম্পৰ্কত ৰাহুল গান্ধীয়ে কৰা টুইট সন্দৰ্ভত এই গোচৰ ৰুজু কৰিব বুলি দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

Advertisment

সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১৪ এপ্ৰিলত গুৱাহাটী ভ্ৰমণৰ পিছত মানহানিৰ গোচৰ ৰুজু কৰা হ'ব। শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে কৰা টুইটতো মানহানিকৰ। প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ পাছতেই গোচৰ ৰুজু কৰা হ'ব ৰাহুল গান্ধীৰ বিৰুদ্ধে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে আদানী সন্দৰ্ভত প্ৰায়েই চৰকাৰক আক্ৰমণ কৰি আহিছে। শনিবাৰে আদানী সন্দৰ্ভত এক টুইট কৰি ৰাহুল গান্ধীয়ে লিখিছিল যে, তেওঁলোকে সত্য লুকুৱাই ৰাখে, সেয়ে প্ৰতিদিনে বিপথে পৰিচালিত কৰে! প্ৰশ্নটো একেই আছে - আদানীৰ গ্ৰুপত ২০,০০০ কোটি বেনামী টকা কাৰ? ইয়াৰ লগতে গান্ধীয়ে একাংশ নেতাৰ নাম ফটোত শ্বেয়াৰ কৰিছিল গান্ধীয়ে।

ইয়াৰ পাছতে হিমন্ত বিশ্বইও টুইটাৰত প্ৰত্যুত্তৰ দিছিল ৰাহুল গান্ধীক। তাৰ পাছতেই আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

Also Read: বৌয়েকৰ প্ৰেমত পৰি যুৱকে হত্যা কৰিলে পত্নী আৰু সন্তানক, ঢালিলে এচিড...

rahul gandhi himanta biswa sarma