/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/56e9bfee-2034-4ecc-bae2-94bf4e671051/abc.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : লিডু আৰক্ষীৰ হাতত জব্দ হৰিণাৰ শিং,অবৈধ ড্ৰাগছ ইত্যাদি। লিডু মাৰ্ঘেৰিটা অঞ্চলত বৰ্তমান নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মৰ ভৱিষ্যৎ ক্ৰমান্বয়ে কোঙা কৰি তুলিছে ।
বিশেষকৈ হেৰইন,ব্ৰাউন চুগাৰ আদি নিচাজাতীয় দ্ৰব্যৰ সুলভতাৰ বাবে নৱ প্ৰজন্ম ক্ৰমে বিপথে পৰিচালিত হ'বলৈ বাধ্য হৈ পৰিছে । শুকুৰবাৰে এক বিশেষ সূত্ৰৰ পমখেদি লিডু আৰক্ষীয়ে লিডুস্থিত টিৰাপ গাঁৱত অতৰ্কিত অভিযান চলায়।
উক্ত অভিযান গনো ছেত্ৰী (৪৮ ) আৰু তেওঁৰ পত্নী সবিতা ছেত্ৰীক(৩০) ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলে আটক কৰা দম্পতীৰ পৰা প্ৰায় ১১.০৪ গ্ৰাম হেৰইন,এটা হৰিণাৰ শিং,এটা মোবাইল হেণ্ডচেট,নগদ ৩৬,৯৫০ টকা আৰু কেইবাটাও চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে দম্পতীৰ জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
Also Read: ৱেষ্ট ইণ্ডিজ অভিমুখী ভাৰতীয় দল ঘোষণা : বাহিৰ পূজাৰা-সঞ্জু ছেমছনৰ প্ৰত্যাৱৰ্তন