/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2c4d6237-bbc1-4bb8-95c5-0447634d518b/AP_FOR_WEB_india_cricket.jpg)
ডিজিটেল ডেস্ক : ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে পূৰ্ণাংগ শৃংখলা খেলাৰ বাবে বি চি চি আয়ে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে। অহা জুলাই মাহত টেষ্ট,এদিনীয়া আৰু টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব ভাৰতীয় ক্ৰিকেট দলটো।
ৱেষ্ট ইণ্ডিজ-ভাৰতৰ মাজত অনুষ্ঠিত হ'ব ২ টেষ্ট,৩খন এদিনীয়া আৰু ৫খন টি-২০ আন্তৰ্জাতিক মেচ। সেয়ে শুকুৰবাৰে ব'ৰ্ডে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ঘোষণা কৰে।
শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলৰ পৰা বাদ পৰিছে অভিজ্ঞ চেতেশ্বৰ পূজাৰা। বিপৰিতে স্থান লাভ কৰিছে যশস্বী জয়ছোৱালে। টেষ্ট দলৰ সহঃ অধিনায়কৰ বাবে বাচনি কৰা হৈছে আজিংক্যা ৰাহানেক।
আই পি এল তথা টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচৰ প্ৰদৰ্শনৰ ভিত্তিতেই ৰাহানেক পুনৰ নিৰ্বাচিত কৰাৰ উপৰিও সহঃ অধিনায়ক পদৰ বাবে বাচনি কৰে। আনহাতে এদিনীয়া দললৈ প্ৰত্যাবৰ্তন ঘটিছে প্ৰতিভাৱান উইকেইট ৰক্ষক বেটছমেন সঞ্জু ছেমছনৰ।
নিয়মীয়া উইকেইট ৰক্ষক ঋষভ পণ্ট সুস্থ হৈ নুঠাৰ বাবেই ভাগ্যৰ দুৱাৰ মুকলি হয় ৰাজস্থান ৰয়েলছৰ অধিনায়কগৰাকীৰ। ব'ৰ্ডে ঘোষণা কৰা টেষ্ট আৰু এদিনীয়াৰ দলটো তলত উল্লেখ কৰা হ'ল।
ঘোষিত টেষ্ট দল : ৰোহিত শৰ্মা ( অধিনায়ক),শুভমন গীল, ঋতুৰাজ গাইকোৱাড়,বিৰাট কোহলি,যশস্বী জয়ছোৱাল,আজিংক্যা ৰাহানে (সহ অধিনায়ক),কে এচ ভৰত ( উইকেট ৰক্ষক) ঈশান কিশাণ (উইকেট ৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন,ৰবীন্দ্ৰ জাডেজা,শ্বাৰ্ডুল ঠাকুৰ,অক্ষৰ পেটেল,মহম্মদ ছিৰাজ,মুকেশ কুমাৰ,জয়দেৱ উনাডকড় আৰু নৱদ্বীপ চাইনী।
এদিনীয়া দল: ৰোহিত শৰ্মা ( অধিনায়ক),শুভমন গীল, ঋতুৰাজ গাইকোৱাড়,বিৰাট কোহলি,সূৰ্যকুমাৰ যাদৱ,সঞ্জু ছেমছন (উইকেট ৰক্ষক),ঈশান কিশাণ (উইকেট ৰক্ষক),হাৰ্ডিক পাণ্ডিয়া (সহঃ অধিনায়ক),শ্বাৰ্ডুল ঠাকুৰ,ৰবীন্দ্ৰ জাডেজা,অক্ষৰ পেটেল,যুজবেন্দ্ৰ চহল,কুলদ্বীপ যাদৱ,জয়দেৱ উনাডকড়,মহম্মদ ছিৰাজ,উমৰান মালিক আৰু মুকেশ কুমাৰ।
উল্লেখ্য যে, শৃংখলাৰ প্ৰথমখন টেষ্ট ১২ জুলাইত উইণ্ডছ'ৰ পাৰ্ক আৰু দ্বিতীয়খন ২০ জুলাইত কুইন পাৰ্ক, ত্ৰিনাদত অনুষ্ঠিত হ'ব।
Also Read: শিশু নিৰ্যাতন : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক