শিলচৰত বুজন পৰিমানৰ হেৰ'ইন জব্দ : দুজনক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰৰ পিছত ধৃত দুজনক সোণাই থানালৈ নি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
শিলচৰত বুজন পৰিমানৰ হেৰ'ইন জব্দ : দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে সোমবাৰে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ অ'চি মহাত্মা মানস সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোণাই-কাবুগঞ্জ পথত অভিযান চলাই জব্দ কৰে হেৰ'ইন ভৰ্তি ১৪৪টা প্লাষ্টিকৰ কন্টেইনাৰ।

কন্টেইনাৰ কেইটাৰ পৰা ৩৩৩ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। এই এছ ১০ বই- ১১৯১ নম্বৰৰ বিলাসী বাহনখনত তালাচী চলাই জব্দ কৰা হয় হেৰ'ইনখিনি। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক দুজন কাজিডৰ প্ৰথম খণ্ডৰ আমিৰ হুছেইন লস্কৰ (৩৬) আৰু তুলাৰগ্ৰাম দ্বিতীয়ৰ খণ্ডৰ মনোজ সিং (২৭)। আৰক্ষীয়ে সদৰি কৰামতে, মিজোৰামৰ পৰা বিক্ৰীৰ বাবে কাছাৰলৈ আনিছিল ড্ৰাগছসমূহ। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে সোণাই-কাবুগঞ্জ পথত নাকা চেকিং বহুৱায় জব্দ কৰা হয় হেৰ'ইনখিনি। গ্ৰেপ্তাৰৰ পিছত ধৃত দুজনক সোণাই থানালৈ নি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

শিলচৰত বুজন পৰিমানৰ হেৰ'ইন জব্দ : দুজনক গ্ৰেপ্তাৰ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা : আঠখেলীয়া নামঘৰত ৫০ হাজাৰ বন্তি প্ৰজ্বলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in