'কা' সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি জাৰি হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
'কা' সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি জাৰি হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে। জাননী জাৰি হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই ।

Advertisment

তেওঁ কয় যে, আজি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিৰোধী "কা" আইন বলৱৎ কৰিলে আৰু অসমৰ জনগণই দীৰ্ঘদিন ধৰি এই‌ আইনখনৰ বিৰুদ্ধে মাত মাতি থকাৰ পিছতো আজি সকলোৰে আশাত চেঁচা পানী ধালি বিজেপিৰ ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ সকলোৰে ওপৰত এই আইনখন জাপি দিলে।

Also Read: ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

caa debabrat saikia