ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাই বিভিন্ন প্ৰান্তৰ পৰা সমবেত ৰোগাক্ৰান্ত লোকসকলক আনুষ্ঠানিকভাৱে চেকসমূহ প্ৰদান কৰি আশু-আৰোগ্য কামনা কৰে।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

ডিজিটেল সংবাদ, ৰঙিয়াঃ সোমবাৰে ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা । ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত উক্ত কাৰ্যসূচীত ২২০ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চিকিৎসাৰ বাবদ আগবঢ়োৱা ধনৰ চেক প্ৰদান কৰা হয়।

Advertisment

চেক বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাই বিভিন্ন প্ৰান্তৰ পৰা সমবেত ৰোগাক্ৰান্ত লোকসকলক আনুষ্ঠানিকভাৱে চেকসমূহ প্ৰদান কৰি আশু-আৰোগ্য কামনা কৰে।

Also Read: 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...

rangiya bhabesh kalita