প্ৰাক্তন আছু নেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দেৱজিৎ শৰ্মাৰ বিয়োগ

প্ৰাক্তন আছু নেতা , অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বৰপেটা জিলাৰ কেওঁটকুছি গাঁও নিবাসী দেৱজিৎ শৰ্মাৰ বুধবাৰে সন্ধিয়া প্ৰায় ৭-৪৫ বজাত দেহাবসান ঘটে ৷
প্ৰাক্তন আছু নেতা তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী দেৱজিৎ শৰ্মাৰ বিয়োগ

ডিজিটেল সংবাদ, বৰপেটা :- প্ৰাক্তন আছু নেতা , অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বৰপেটা জিলাৰ কেওঁটকুছি গাঁও নিবাসী দেৱজিৎ শৰ্মাৰ বুধবাৰে সন্ধিয়া প্ৰায় ৭-৪৫ বজাত দেহাবসান ঘটে ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন আছু নেতা গৰাকীয়ে নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৷

জীৱনৰ ৫৫ টা বসন্ত অতিক্ৰম কৰা শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলত এক শোকৰ ছাঁ পৰে ৷ বহু সংখ্যক গুণমুগ্ধৰ লগতে আত্মীয় কুটুম্বই তেওঁৰ ঘৰলৈ গৈ শিল্পী , সমাজ কৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷

উল্লেখ্য যে , সৰুৰে পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ স'তে জড়িত হৈ পৰা দেৱজিৎ শৰ্মাই ছাত্ৰ হৈ থকা সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰে ৷ কেওঁটকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা অবিভক্ত কামৰূপ জিলা ছাত্ৰ সন্থালৈকে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা দেৱজিৎ শৰ্মাই অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল ৷

অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰা আছু নেতা গৰাকীয়ে চৰকাৰী বাহিনীৰ দ্বাৰা নিৰ্যাতিত হৈছিল ৷ চিত্ৰ কলাৰ প্ৰতি আগ্ৰহী শৰ্মাই এজন চিত্ৰ কলাৰ সুনিপুণ শিল্পী হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ক্ৰীড়া ক্ষেত্ৰৰ পৰা কলাৰ ক্ষেত্ৰলৈকে সকলোতে জড়িত হৈ পৰা শৰ্মাই এসময় কেওঁটকুছি ঝংকাৰ ক্লাৱৰ ক্ৰিকেট দলটোক বহু বছৰ ধৰি নেতৃত্ব দিছিল ৷

তেওঁ পিচৰ প্ৰজন্মক ক্ৰিকেট , ফুটবল আদি খেলৰ প্ৰতিও আগ্ৰহী হ'বলৈ সকলো সময়তে প্ৰেৰণা দিছিল ৷ কেওঁটকুছি বিহু দল , কেওঁটকুছি নাম দল আদি , কেওঁটকুছি মহিলা নাম দল আদি গঠনৰ ক্ষেত্ৰত আগভাগ লৈ প্ৰাক্তন ছাত্ৰ নেতা গৰাকীয়ে সাংগঠনিক দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল ৷ কেওঁটকুছি সত্ৰ সমিতি , কেওঁটকুছি মহালক্ষ্মী পূজা সমিতি আদিকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল দেৱজিৎ শৰ্মাই ৷

পিচৰ সময়চোৱাত তেওঁ এজন সূলভ মূল্যৰ এজেণ্ট হিচাপে জীৱিকা নিৰ্বাহ কৰে ৷ এগৰাকী সমাজ প্ৰিয় ব্যক্তি হিচাপে পৰিচিত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেওঁটকুছি সত্ৰ সমিতি , কেওঁটকুছি মহালক্ষ্মী পূজা মহোৎসৱ সমিতি , কেওঁটকুছি আঞ্চলিক ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসে দেৱজিৎ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ডা: মাধুৰ্য পৰাণ দাস আৰু অবিনাশ কুমাৰে গভীৰ শোক প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সহ বহু আত্মীয় কুটুম্বক ইহ সংসাৰত এৰি থৈ যায় ৷

আৰু পঢ়ক: পদ্ম বঁটা ২০২৩ঃ মুখাশিল্পীৰ পৰা শিপিনী লৈ, অসমৰ ৩ গৰাকীলৈ 'পদ্মশ্ৰী'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in