পদ্ম বঁটা ২০২৩ঃ মুখাশিল্পীৰ পৰা শিপিনী লৈ, অসমৰ ৩ গৰাকীলৈ 'পদ্মশ্ৰী'

দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। ইয়াৰে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়।

author-image
Asomiya Pratidin
New Update
পদ্ম বঁটা ২০২৩ঃ মুখাশিল্পীৰ পৰা শিপিনী লৈ,  অসমৰ ৩ গৰাকীলৈ 'পদ্মশ্ৰী'

ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত চৰকাৰে ঘোষণা কৰিলে ২০২৩ বৰ্ষৰ পদ্ম বঁটা। দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা। ইয়াৰে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী বঁটা । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে জনালে অনুমোদন।

ইয়াৰ মাজতে আছে অসমৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিৰ নাম। অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান। তেওঁলোক ক্ৰমে- ৰামকুইৱাংবে জেনে। ডিমা হাছাওৰ এগৰাকী নাগা সমাজকৰ্মীলৈ প্ৰদান কৰা হৈছে পদ্মশ্ৰী। হেৰেকা সম্প্রদায় সংৰক্ষণৰ এই সন্মান।

মুখাশিল্পী হেম চন্দ্র গোস্বামীলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে এই সন্মান আৰু শিপিনী হেমপ্রভা চুতীয়ালৈও আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান।

পদ্ম বঁটা - দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম। কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, স্বাস্থ্যক্ষেত্ৰ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন শাখাত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী নামৰ তিনিটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হয়।

আৰু পঢ়ক: দৰ্শকৰ দাবী! মাজ নিশাও চলিব 'পাঠান'ৰ শ্ব'

padma bhusan Padma Vibhusha padma awards padma sri