চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বজ্ৰপাতৰ ঘটনা !

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বজ্ৰপাতৰ ঘটনা !

author-image
asomiyapratidin
New Update
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বজ্ৰপাতৰ ঘটনা !

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল ৰাজহচক্ৰ অন্তৰ্গত ১ নং ওদালগুৰী গাৱঁত আজি ৰাতিপুৱা সাত বজাত বজ্ৰপাত হোৱাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয় । বজ্ৰপাত হৈ এটি এবছৰীয়া কণমানি সহ এগৰাকী বৃদ্ধা গুৰুতৰ ভাৱে আহত হয় । বজ্ৰপাত হৈ আহত হোৱাৰ দুজন ক্ৰমে লাউকী বসুমতাৰী (৬৫), ইছাখ বসুমতাৰী (১) জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুযায়ী লাউখী বসুমতাৰীয়ে নাতিনী ইছাখ বসুমতাৰীক কোলাত লৈ ঘৰৰ বাৰাণ্ডাত ৰন্ধা বঢ়াৰ কাম কৰি থকাৰ সময়তে হঠাতেই বজ্ৰপাত হোৱাত দুয়ো গুৰুতৰ ভাৱে আহত হৈ মাটিত ঢলি পৰি যায় । বজ্ৰপাতৰ ফলত কণমানি শিশুটিৰ শৰীৰৰ বহুখিনি অংশ জ্বলি গৈছে ।

Advertisment

পিছত পৰিয়ালৰ লোকে সংকটজনক অবস্থাত দুজনক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত আনি ভৰ্তি কৰে ।

শেহতীয়া খবৰ অনুযায়ী কণমানি ইছাখ বসুমতাৰীৰ শাৰীৰিক অবস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক : পুনৰ মৃত্যুদণ্ডৰ ঘোষণা আলফা (স্বাধীন)ত…

assam chirang death