পুনৰ মৃত্যুদণ্ডৰ ঘোষণা আলফা (স্বাধীন)ত…

পুনৰ মৃত্যুদণ্ডৰ ঘোষণা আলফা (স্বাধীন)ত…

ডিজিটেল ডেস্ক : পুনৰ মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তিৰ ঘোষণাৰে বাতৰিৰ শীৰ্ষলৈ আহিল আলফা (স্বাধীন) । নিষিদ্ধ ঘোষিত সংগঠনটিৰ পৰা বাৰম্বাৰ পলায়ন কৰাৰ অভিযোগত এই শাস্তি প্ৰদান কৰা হৈছে গোৱালপাৰা জিলাৰ বাউৰাৰতল নিবাসী কলিম উদ্দিনৰ পুত্ৰ ৰিহন অসম ওৰফে ছাইফুল ইছলামক । ২০২২ বৰ্ষৰ জুলাই মাহৰ ২৮ তাৰিখে নিশা প্ৰথমবাৰৰ বাবে সংগঠনৰ পৰা পলায়ন কৰিছিল ছাইফুলে । পাছদিনা কাহিলী পুৱা তহলদাৰী গোটৰ হাতত কৰায়ত্ত হোৱাৰ পাছত নিম্ন বিচাৰ সদনৰ সন্মুখত অন্তিম সুযোগৰ বাবে আবেদন জনাইছিল । নিম্ন বিচাৰ সদনে শাৰীৰিক শ্ৰমদানৰ লঘু শাস্তিৰে ক্ষমা দান কৰে যুৱকজনক ।

ইয়াৰ পাছতে ২৩ আগষ্টৰ পুৱতি নিশা পুনৰ পলায়ন কৰে ছাইফুলে, এইবাৰো কৰায়ত্ত হয় যুৱকজন । দুবাৰকৈ কৰায়ত্ত কৰাৰ পাছতো ২৫ আগষ্টত অন্তিমবাৰৰ বাবে পলায়নৰ চেষ্টা কৰে যদিও গ্ৰেপ্তাৰ হয় ছাইফুল । এই সমুহ ঘটনা পৰ্য্যাবেক্ষণ কৰি নিম্ন বিচাৰ সদনে মৃত্যুদণ্ডৰ সিদ্ধান্ত ঘোষণা কৰে ।

ইয়াৰ উপৰিও একাংশ আৰক্ষী বিষয়াৰ সৈতে জড়িত থকাৰ কথাও স্বীকাৰ কৰে যুবকজনে । সংগঠনটিৰ সংবিধানৰ দফা-৯ অনুসৰি -১) ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ প্ৰচেষ্টা চলোৱা ২) প্ৰতিবিপ্লৱী কাৰ্য্যত জড়িত হোৱা আৰু ৩) সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰে ।
উল্লেখ্য যে, ২০২২ বৰ্ষত নিষিদ্ধ ঘোষিত সংগঠনটিৰ মৃত্যুদণ্ডৰ ঘোষণাৰ এইটোৱেই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও ৭ মে' ত আন দুগৰাকী যুৱকক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in